পুনৰ জনতাৰ মূৰত মাধমাৰ; ৫০ টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ দাম

৫০ টকাকৈ বৃদ্ধি কৰা হ’ল ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে এই কথা জানিবলৈ দিছে। তেওঁ কৈছিল যে এলপিজিৰ মূল্যৰ বৃদ্ধি প্ৰধান মন্ত্ৰী উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী আৰু সাধাৰণ গ্ৰাহকৰ বাবে দুয়োলোকেই ভৰিব লাগিব। অৰ্থাৎ এতিয়াৰে পৰা গেছ

৫০ টকাকৈ বৃদ্ধি কৰা হ’ল ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ  সিং পুৰীয়ে এই কথা জানিবলৈ দিছে।

তেওঁ কৈছিল যে এলপিজিৰ মূল্যৰ বৃদ্ধি প্ৰধান মন্ত্ৰী উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী আৰু সাধাৰণ গ্ৰাহকৰ বাবে দুয়োলোকেই ভৰিব লাগিব। অৰ্থাৎ  এতিয়াৰে পৰা গেছ চিলিণ্ডাৰৰ বাবদ ৮০৩ টকাৰ সলনি ৮৫৩ টকা দিব লাগিব।

আনহাতে উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে চিলিণ্ডাৰৰ বাবদ দিব লাগিব ৫৫০ টকা।পূৰ্বে ৫০০ টকাত উপলব্ধ হৈছিল উজালা আঁচনিৰ গেছ।

 ইয়াৰ লগে লগে দিল্লীত এতিয়া প্ৰতিটো চিলিণ্ডাৰৰ মূল্য হব ৮৫৩ টকা, কলকাতাত ৮৭৯ টকা,  মুম্বাইত গ্ৰাহকে ভৰিব ৮৫৩.৫০ টকা আৰু চেন্নাইত ৮৬৮.৫০ টকা