তিনিমাহৰ ভিতৰত দ্বিতীয়বাৰলৈ বৃদ্ধি LPGৰ মূল্য, অসমৰ কোন জিলাত কিমান দাম ?

সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে পুনৰ সাধাৰণ গ্ৰাহকৰ পকেটত মোক্ষম আঘাত হানি বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছ (LPG) চিলিণ্ডাৰৰ মূল্য

সাধাৰণ জনতাৰ বাবে এক অতি দুখবৰ । সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে পুনৰ সাধাৰণ গ্ৰাহকৰ পকেটত মোক্ষম আঘাত হানি বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছ (LPG) চিলিণ্ডাৰৰ মূল্য । লাভ কৰা খবৰ অনুসৰি, এইবাৰ ঘৰুৱা ব্যৱহাৰ্য LPG চিলিণ্ডাৰৰ দাম একেলগে ২৯ টকাকৈ বৃদ্ধি কৰা হৈছে । এই সংশোধিত নতুন বৰ্ধিত মূল্য আজি অৰ্থাৎ দেওবাৰ, ৭ জুনৰ পৰা সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰিও কাৰ্যকৰী কৰা হৈছে । এই হঠাত্ হোৱা মূল্যবৃদ্ধিয়ে এতিয়া পাকঘৰৰ বাজেট ওলট-পালট কৰি তুলিছে ।

ৰাজ্যৰ বিভিন্ন জিলাভেদে এই নতুন মূল্যৰ কিছু তাৰতম্য দেখা গৈছে । অসমৰ বিভিন্ন প্ৰান্তত আজিৰ পৰা কাৰ্যকৰী হোৱা ঘৰুৱা চিলিণ্ডাৰৰ নতুন মূল্যসমূহ এনেধৰণৰ-

বজালী আৰু বৰপেটা জিলাত গ্ৰাহকে এতিয়াৰে পৰা প্ৰতিটো চিলিণ্ডাৰৰ বাবদ ৯৮৪ টকা ভৰিব লাগিব । একেদৰে বাক্সাত ৯৯৯ টকা, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ আৰু ওদালগুৰি জিলাত এই মূল্য বৃদ্ধি পাই হৈছেগৈ ১০০৭.৫০ টকা । আনহাতে বঙাইগাঁও, চিৰাং আৰু কোকৰাঝাৰ জিলাত ৰন্ধন গেছৰ নতুন দাম নিৰ্ধাৰণ কৰা হৈছে ৯৭৬ টকা ।

পাহাৰীয়া তথা দূৰৱৰ্তী জিলাসমূহৰ লগতে বৰাক উপত্যকাত ইয়াৰ প্ৰভাৱ অধিক পৰিলক্ষিত হৈছে । ডিমা হাছাও জিলাত বৰ্তমান ঘৰুৱা চিলিণ্ডাৰৰ মূল্য সৰ্বাধিক ১১০০.৫০ টকা হৈছেগৈ । ইয়াৰ উপৰি কাছাৰত ১০৭৬.৫০ টকা, হাইলাকান্দিত ১০৮৫ টকা আৰু শ্ৰীভূমিত ১০৯৩.৫০ টকালৈ মূল্য বৃদ্ধি পাইছে ।

ৰাজ্যৰ বাকী অংশৰ ভিতৰত চৰাইদেউ আৰু যোৰহাটত নতুন মূল্য ৯৫৭.৫০ টকা, দৰঙত ৯৯৯ টকা, ধুবুৰী আৰু দক্ষিণ শালমৰাত ৯৯২.৫০ টকা আৰু ডিব্ৰুগড় তথা তিনিচুকীয়া জিলাত এই মূল্য হৈছেগৈ ৯৪১ টকা । তদুপৰি গোৱালপাৰাত ৯৭.৫০ টকা, গোলাঘাট আৰু মাজুলীত ৯৫৮.৫০ টকা, হোজাই, নগাঁও আৰু পশ্চিম কাৰ্বি আংলঙত ১০১৪ টকা হিচাপে নতুন দাম ধাৰ্য কৰা হৈছে ।

মহানগৰী সামৰি লোৱা কামৰূপ মেট্ৰ’ (গুৱাহাটী)ত গ্ৰাহকে এতিয়াৰে পৰা প্ৰতিটো চিলিণ্ডাৰত ৯৯১ টকাকৈ ব্যয় কৰিব লাগিব । একেদৰে কাৰ্বি আংলঙত ৯৬৪ টকা, মৰিগাঁৱত ১০০১.৫০ টকা, নলবাৰীত ৯৯৯.৫০ টকা আৰু শিৱসাগৰ জিলাত ঘৰুৱা চিলিণ্ডাৰৰ নতুন মূল্য হৈছে ৯৪৯.৫০ টকা ।

লগতে পঢ়ক : পুনৰ বাঢ়িল ঘৰুৱা চিলিণ্ডাৰৰ দাম : আজিৰ পৰা কাৰ্যকৰী হ’ব নতুন দৰ

নাই কোনো সংকট! ৬০ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এলপিজি মজুত থকাৰ কথা ঘোষণা কেন্দ্ৰৰ

৬০ দিনৰ খাৰুৱা তেল, ৬০ দিনৰ প্ৰাকৃতিক গেছ, ৪৫ দিনৰ এল পি জি (LPG) মজুত আছে ভাৰতৰ

পশ্চিম এছিয়াৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি শক্তিৰ বজাৰত সৃষ্টি হোৱা অস্থিৰতাৰ মাজতে ভাৰত চৰকাৰে এক বৃহৎ “ৰাষ্ট্ৰীয় অভিযান”ৰ ঘোষণা কৰিছে । দেশৰ অৰ্থনীতিক সুৰক্ষিত কৰিবলৈ আৰু ইন্ধন সংৰক্ষণৰ বাবে চৰকাৰ তথা ব্যক্তিগত খণ্ডৰ নেতৃবৃন্দই একগোট হৈ জনসাধাৰণক এই যুঁজত অংশীদাৰ হ’বলৈ আহ্বান জনাইছে ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত সোমবাৰে অনুষ্ঠিত পঞ্চমখন অনানুষ্ঠানিক মন্ত্ৰী গোটৰ (IGoM) গুৰুত্বপূৰ্ণ বৈঠকত এই ৰণনীতি চূড়ান্ত কৰা হয় । ক’ভিড-১৯ মহামাৰীৰ সময়ত দেশবাসীয়ে যিদৰে একত্ৰিত হৈ যুঁজ দিছিল, ঠিক তেনেদৰে বৰ্তমানৰ অৰ্থনৈতিক প্ৰত্যাহ্বানৰ বিৰুদ্ধেও সামূহিক অংশগ্ৰহণৰ আহ্বান জনোৱা হৈছে ।

ভাৰতৰ শক্তি ভাণ্ডাৰ সুৰক্ষিত-

বৈঠকত জনোৱা হয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত অস্থিৰতা থাকিলেও ভাৰতৰ শক্তি নিৰাপত্তা বৰ্তমানলৈ সুদৃঢ় হৈ আছে । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশৰ হাতত :

-৬০ দিনৰ খাৰুৱা তেল

-৬০ দিনৰ প্ৰাকৃতিক গেছ

-৪৫ দিনৰ এল পি জি (LPG) মজুত আছে । তদুপৰি, ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ বৰ্তমান ৭০৩ বিলিয়ন ডলাৰৰ এক সুবিধাজনক স্থিতিত আছে ।

দৈনিক ১,০০০ কোটি টকাৰ লোকচান-

বিশ্বজুৰি ৭০ দিন ধৰি যুদ্ধ চলি থকাৰ পাছতো ভাৰতত ইন্ধনৰ মূল্য বৃদ্ধি নোহোৱাকৈ ৰখা হৈছে । কিন্তু ইয়াৰ বাবে দেশৰ তৈল বিপণন কোম্পানীসমূহে (OMCs) প্রতিদিনে ১,০০০ কোটি টকাৰ লোকচান ভৰি আছে । চলিত ২০২৬ চনৰ প্ৰথমটো ত্ৰৈমাসিকতে এই আৰ্থিক বোজা ২ লাখ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । জনসাধাৰণৰ ওপৰত যাতে অতিৰিক্ত মূল্যবৃদ্ধিৰ বোজা নপৰে, তাৰ বাবে চৰকাৰে এই লোকচান সহ্য কৰি আছে ।

প্ৰধানমন্ত্ৰীৰ আহ্বান: কি কৰিব লাগে সাধাৰণ জনতাই ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক আমদানিকৃত ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা কমাবলৈ আৰু বৈদেশিক মুদ্ৰা ৰাহি কৰিবলৈ কেতবোৰ নিৰ্দেশনা দিছে :

যাতায়ত: ব্যক্তিগত বাহনৰ পৰিৱৰ্তে মেট্ৰ’ আৰু ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰা বা কাৰ-পুলিং (Car Pooling) কৰা ।

পৰ্যটন: অপ্ৰয়োজনীয় বিদেশ ভ্ৰমণ পৰিহাৰ কৰি ঘৰুৱা পৰ্যটন আৰু দেশৰ ভিতৰতে উৎসব-পাৰ্বন পালন কৰা ।

বিত্তীয় সাৱধানতা: অতি কমেও এবছৰৰ বাবে অপ্ৰয়োজনীয় সোণ ক্ৰয়ৰ পৰা বিৰত থকা ।

কৃষি খণ্ড: কৃষকসকলক ৰাসায়নিক সাৰৰ ব্যৱহাৰ ৫০% হ্ৰাস কৰিবলৈ আৰু ডিজেল পাম্পৰ পৰিৱৰ্তে সৌৰশক্তি চালিত পাম্প ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে চৰকাৰী বিভাগসমূহৰ লগতে প্ৰতিগৰাকী নাগৰিকে দায়িত্বশীল ব্যৱহাৰ প্ৰদৰ্শন কৰিলেহে দেশৰ অৰ্থনীতিৰ এই বৃহৎ বোজা হ্ৰাস কৰাটো সম্ভৱ হ’ব ।

এই বৈঠকত ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা; পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী; ৰেল, তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ; সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু; অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডু; বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) ড° জীতেন্দ্ৰ সিঙে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : বিশ্ব সংকটৰ মাজত ভাৰতৰ ঢাল হ’ব ‘নাগৰিক সত্যাগ্ৰহ’; দেশবাসীক নতুন দায়িত্ব অৰ্পণ প্ৰধানমন্ত্ৰীৰ

আজিৰ পৰা এলপিজিৰ ৩টা নতুন নিয়ম: ডেলিভাৰীত OTP বাধ্যতামূলক, বন্ধ হ’ব ডুৱেল সংযোগ!

আকৌ এবাৰ এলপিজি চিলিণ্ডাৰ সম্পৰ্কীয় নিয়মৰ পৰিৱৰ্তন ঘটিছে, যিটো আজিৰ পৰা (১ মে’)কাৰ্যকৰী হৈছে

মধ্যপ্ৰাচ্যৰ পৰা তেল আৰু গেছৰ যোগানত ব্যাঘাত জন্মাৰ পিছৰে পৰা চৰকাৰ আৰু তেল কোম্পানীসমূহে জনসাধাৰণৰ মাজত আতংক ৰোধ কৰাৰ বাবে আৰু ব্যৱস্থাটোৱে যাতে সুকলমে কাম কৰি থাকে তাৰ বাবে এল পি জি চিলিণ্ডাৰ ডেলিভাৰী প্ৰক্ৰিয়াত কেইবাটাও পৰিৱৰ্তন ৰূপায়ণ কৰিছে । আকৌ এবাৰ এল পি জি চিলিণ্ডাৰ সম্পৰ্কীয় নিয়মৰ পৰিৱৰ্তন ঘটিছে, যিটো আজিৰ পৰা (১ মে’)কাৰ্যকৰী হৈছে ।

বন্ধ হ’ব ডাবল চাৰ্ভিছ-

অপব্যৱহাৰ ৰোধ কৰিবলৈ আৰু ৰাজসাহায্যৰ অনুকূল ব্যৱহাৰ নিশ্চিত কৰিবলৈ চৰকাৰে এলপিজি আৰু পি এন জি দুয়োটা সংযোগ থকা পৰিয়াল চিনাক্তকৰণৰ কাম আৰম্ভ কৰিছে । ১৪ মাৰ্চত জাৰি কৰা সংশোধনী অনুসৰি পাইপলাইনৰ জৰিয়তে পিএনজি যোগান লাভ কৰা পৰিয়ালসমূহে ঘৰুৱা এলপিজি সংযোগ আত্মসমৰ্পণ কৰিব লাগিব; তেওঁলোক আৰু এল পি জি ৰিফিল বা নতুন সংযোগৰ বাবে যোগ্য নহ’ব ।

তেল কোম্পানী আৰু বিতৰকক এনে গ্ৰাহকক এল পি জি যোগান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । আজিলৈকে দ্বৈত সংযোগ থকা ৪৩ হাজাৰৰো অধিক ব্যৱহাৰকাৰীয়ে নিজৰ এল পি জি সংযোগ আত্মসমৰ্পণ কৰিছে ।

কঠোৰ বুকিং নিয়ম আৰু অ’টিপি ভিত্তিক ডেলিভাৰী-

ইণ্ডেন, ভাৰত গেছ আৰু এইচ পি গেছে সেৱা আগবঢ়োৱা সমগ্ৰ দেশৰ ব্যৱহাৰকাৰীসকলে এতিয়া বুকিং ব্যৱধান, অ’টিপি-ভিত্তিক ডেলিভাৰী আৰু বাধ্যতামূলক কেৱাইচি আপডেট সন্দৰ্ভত নতুন নিয়মৰ সন্মুখীন হ’ব লাগিব । পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে চহৰ অঞ্চলত বুকিঙৰ ব্যৱধান ২১ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি কৰিছে আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈ ।

লগতে পঢ়ক : ১ মে’ৰ দিনাই এলপিজিক লৈ দেশবাসীৰ বাবে আহিল বেয়া খবৰ

যুদ্ধৰ মাজতে হৰমুজ পাৰ হৈ গুজৰাট পালেহি এল পি জি ভৰ্তি শিৱালিক

দুখনকৈ ভাৰতীয় জাহাজক হৰমুজ হোৱাৰ অনুমতি দিয়া হৈছিল । ইয়াৰে এখন এল পি জি ভৰ্তি জাহাজ ভাৰতত আহি উপস্থিত হৈছে ।

আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ বাবে বহু দেশৰ জাহাজে হৰমুজ প্ৰণালী পাৰ হ’ব নোৱাৰি আৱদ্ধ হৈ পৰিছে । ইয়াৰ মাজতে দুখনকৈ ভাৰতীয় জাহাজক হৰমুজেৰে পাৰ হোৱাৰ অনুমতি দিয়া হৈছিল । ইয়াৰে এখন জাহাজ শিৱালিক সোমবাৰে এল পি জি কঢ়িয়াই ভাৰতত উপস্থিত হয় । গুজৰাটৰ মুন্দ্ৰা বন্দৰত উপস্থিত হোৱা শিৱলিক জাহাজখনৰ পৰা এতিয়া আনলোডিং হ’ব ।

সোমবাৰে সন্ধিয়া প্ৰায় ৫ বজাত মুন্দ্ৰা বন্দৰত উপস্থিত হয় শিৱালিক । এই এল পি জি কেৰিয়াৰখনে প্ৰায় ৪৬,০০০ মেট্ৰিক টন গেছ কঢ়িয়াই আনিছে, যিটো ৩২.৪ লাখ ঘৰুৱা চিলিণ্ডাৰৰ সমতুল্য । এই জাহাজখনো হৰমুজ প্ৰণালীত আবদ্ধ হৈ আছিল যদিও ১৪ মাৰ্চত ভাৰতল অহাৰ অনুমতি লাভ কৰিছিল । মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ মাজতে ভাৰতত উপস্থিত হোৱা এই জাহাজখনে দেশবাসীক যথেষ্ট সকাহ দিছে ।

ইফালে শিৱালিকৰ পিছতে এল পি জি ভৰ্তি নন্দা দেৱী শীঘ্ৰেই ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । এই জাহাজখনে ৪৬ হাজাৰ মেট্ৰিক টন এল পি জি কঢ়িয়াই আনিছে । ভাৰতকে ধৰি কেইবাখনো দেশৰ জাহাজ এতিয়াও হৰমুজ প্ৰণালীত আবদ্ধ হৈ আছে । অৱশ্যে ইৰানে ভাৰতক বন্ধু বুলি উল্লেখ কৰিছে আৰু হৰমুজেৰে ভাৰতীয় জাহাজ পাৰ হোৱাত অনুমতি দিব বুলি উল্লেখ কৰিছে । ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে শেহতীয়াকৈ উল্লেখ কৰিছে যে ইৰাণৰ শত্ৰুৰ বাহিৰে হৰমুজ প্ৰণালী সকলোৰে বাবে মুকলি ।

ভাৰতস্থিত ইৰাণৰ ৰাষ্ট্ৰদূত মহম্মদ ফাথালীয়ে শনিবাৰে কয় যে ইৰাণে হৰমুজ প্ৰণালীৰ মাজেৰে কিছু জাহাজ পাৰ হ’বলৈ অনুমতি দিছে । অৱশ্যে কিমান জাহাজ পাৰ হ’বলৈ দিয়া হ’ব সেই বিষয়ে তেওঁ স্পষ্ট কৰা নাছিল । ইয়াৰ ভিতৰত কেইবাখনো দেশৰ জাহাজো অন্তৰ্ভুক্ত হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক : কটকৰ এছচিবি মেডিকেল কলেজ এণ্ড হাস্পতালৰ ICU ত ভয়ংকৰ অগ্নিকাণ্ড; ১০ জন ৰোগীৰ মৃত্যু

যুদ্ধৰ মাজতে ভাৰতৰ বাবে সকাহৰ খবৰ, হৰমুজ প্ৰণালীৰে পাৰ হৈ আহিল ‘শিৱালিক’ আৰু ‘নন্দা দেৱী’

আশ্বস্ত কৰা খবৰটো হ’ল দুখন জাহাজ হৰমুজ প্ৰণালী পাৰ হৈ নিৰাপদে ভাৰতৰ দিশে আগবাঢ়িছে

দেশত ৰন্ধন গেছৰ নাটনি সন্দৰ্ভত প্ৰচাৰিত উৰাবাতৰিৰ মাজতে পেট্ৰলিয়াম মন্ত্ৰালয়ে এক ডাঙৰ সকাহৰ খবৰ প্ৰকাশ কৰিছে । চৰকাৰে স্পষ্ট কৰি দিছে যে দেশত পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ পৰ্যাপ্ত মজুত আছে আৰু আতংকৰ একেবাৰেই প্ৰয়োজন নাই । ইফালে, আটাইতকৈ উল্লেখযোগ্য সকাহ হৈছে যে বৃহৎ পৰিমাণৰ এল পি জি কঢ়িয়াই অনা ভাৰতীয় দুখন জাহাজে নিৰাপদে ভাৰতৰ দিশে আগবাঢ়িছে । উৰাবাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আৰু আতংকিত হৈ আগতীয়াকৈ গেছ চিলিণ্ডাৰ বুকি কৰাৰ পৰা বিৰত থাকিবলৈ চৰকাৰে বিশেষ আহ্বান জনাইছে ।

পশ্চিম এছিয়াত প্ৰচলিত পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও মন্ত্ৰালয় একত্ৰিত হৈ জনসাধাৰণক উল্লেখযোগ্য সকাহ প্ৰদান কৰিছে । পেট্ৰলিয়াম মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই স্পষ্ট কৰি দিছে যে দেশৰ তেল শোধনাগাৰসমূহে সম্পূৰ্ণ ক্ষমতাৰে কাম কৰি আছে । উৰাবাতৰিৰ বলি নহ’বলৈ আৰু ভয়ত গেছ চিলিণ্ডাৰৰ অগ্ৰিম বুকিং কৰাৰ পৰা বিৰত থাকিবলৈ চৰকাৰে আহ্বান জনাইছে ।

ইফালে আটাইতকৈ আশ্বস্ত কৰা খবৰটো হ’ল ভাৰতৰ দুখন জাহাজ হৰমুজ প্ৰণালী পাৰ হৈ নিৰাপদে ভাৰতৰ দিশে আগবাঢ়িছে । কোনো ধৰণৰ উৰাবাতৰিক বিশ্বাস নকৰিবলৈ আৰু আতংকৰ পৰিপ্ৰেক্ষিতত আগতীয়াকৈ গেছ চিলিণ্ডাৰ বুকিং কৰাৰ পৰা বিৰত থাকিবলৈ চৰকাৰে নাগৰিকসকলক আহ্বান জনাইছে ।

পৰিসংখ্যা মতে ১৩ মাৰ্চত, এটা দিনতে অভিলেখ সংখ্যক ৮৮.৮ লাখ গেছ চিলিণ্ডাৰ বুকিং হৈছিল- যিটো সংখ্যা প্ৰকৃত প্ৰয়োজনীয়তাতকৈ বহু বেছি । এই বুকিং ৰোধ কৰিবলৈ চৰকাৰে নিয়মাৱলী সংশোধন কৰিছে । নতুন নিয়মৰ অধীনত গ্ৰাহকে চহৰ অঞ্চলত ২৫ দিন আৰু গ্ৰামাঞ্চলত ৪৫ দিন আগতীয়ীকৈ দ্বিতীয় চিলিণ্ডাৰ বুকিং কৰিব নোৱাৰিব । ইয়াৰ উপৰিও এতিয়া ২৯খন ৰাজ্যত বাণিজ্যিক চিলিণ্ডাৰৰ যোগান আৰম্ভ হৈছে ।

গেছৰ জমা আৰু ক’লা বিপণন ৰোধ কৰিবলৈ উত্তৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ, ওড়িশাৰ দৰে ৰাজ্যত অভিযান চলোৱা হৈছে । চৰকাৰে স্পষ্টভাৱে উল্লেখ কৰিছে যে মানুহে এজেন্সীসমূহত ভিৰ কৰাৰ পৰা বিৰত থাকিব লাগে আৰু ইয়াৰ পৰিৱৰ্তে অনলাইন বুকিংৰ পথ বাছি ল’ব লাগে, চিলিণ্ডাৰসমূহ পোনপটীয়াকৈ তেওঁলোকৰ ঘৰলৈ ডেলিভাৰী কৰা হ’ব বুলি আশ্বাস দিছে চৰকাৰে । ইফালে দিল্লী-এনচিআৰ অঞ্চলত প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে কাঠ আৰু জৈৱবস্তুৰ ব্যৱহাৰৰ বাবে এমাহৰ বাবে অস্থায়ী অনুমতি প্ৰদান কৰিছে ।

লগতে পঢ়ক : মোবাইল ডাটাৰ ওপৰত নতুন কৰ!প্ৰতি জিবি ডাটাৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন!

কোন জিলাত কিমান বাঢ়িল ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ?

শেহতীয়াকৈ ঘৰুৱা এলপিজি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৬০ টকাকৈ আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১১৫ টকাকৈ বৃদ্ধি কৰা হৈছে

দেশজুৰি পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম । শেহতীয়াকৈ ঘৰুৱা এলপিজি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৬০ টকাকৈ আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১১৫ টকাকৈ বৃদ্ধি কৰা হৈছে । এই দাম বৃদ্ধিয়ে এতিয়া সাধাৰণ গ্ৰাহকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ।

দৰত হোৱা হঠাৎ বৃদ্ধিয়ে শনিবাৰে, ৭ মাৰ্চৰ পুৱা গুৱাহাটীৰ লগতে ৰাজ্যৰ এলপিজি বিতৰণ কেন্দ্ৰত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয় । এই দাম বৃদ্ধিয়ে ঘৰুৱা আৰু ব্যৱসায়িক দুয়োবিধ চিলিণ্ডাৰৰ ওপৰতেই প্ৰভাৱ পেলোৱাত, পৰিয়ালসমূহ নতুন দৰৰ বিষয়ে নিশ্চিত হ’বলৈ আৰু ঘৰুৱা বাজেটত ইয়াৰ প্ৰভাৱ কেনেকুৱা হ’ব সেয়া জুখিবলৈ বিতৰণ কেন্দ্ৰসমূহত ভিৰ কৰে গ্ৰাহকে । ইতিমধ্যে দৈনন্দিন খৰচ আৰু ব্যৱসায়িক পৰিচালনাৰ ব্যয় বৃদ্ধিৰ সৈতে যুঁজি থকা গ্ৰাহক আৰু ব্যৱসায়ীসকলৰ মাজত এই মূল্যবৃদ্ধিয়ে যথেষ্ট উদ্বেগৰ সৃষ্টি কৰিছে ।

অসমৰ ক’ত ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম কিমান বৃদ্ধি হ’ল জানক-

-বজালীত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৫৫ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য  ২,২০৪.৫০ টকা

-বাক্সাত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৭০ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২,০৯১ টকা

বৰপেটাত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৫৫ টকা, বাণিজ্যিক ২,২০৪.৫০ টকা

-বিশ্বনাথত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৭৮.৫০ টকা, বাণিজ্যিক ২,১১১.৫০ টকা

-বঙাইগাঁৱত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৪৭ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য  ২,১৮৮.৫০ টকা

-কাছাৰত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ১০৪৭.৫০ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২,৩০৬ টকা

-চৰাইদেউত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯২৮.৫০ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য  ১,৯৫৫ টকা

-চিৰাঙত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৪৭ টকা, বাণিজ্যক চিলিণ্ডাৰৰ মূল্য ২,১৮৯ টকা

-দৰঙত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৭০ টকা, বাণিজ্যক চিলিণ্ডাৰৰ মূল্য ২,০৯১ টকা

-ধেমাজিত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৭৮.৫০ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২,১০৬ টকা

-ধুবুৰীত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৬৩.৫০,বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২২১৯.৫০ টকা

-ডিব্ৰুগড়ত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯১২ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য  ১৯২৮.৫০ টকা

-ডিমা হাছাওত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ১৭১.৫০ টকা, বাণিজ্যক চিলিণ্ডাৰৰ মূল্য ২৩৩৪ টকা

-গোৱালপাৰাত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৪৬.৫০ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য  ২১৯৩.৫০ টকা

-গোলাঘাটত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯২৯.৫০ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৯৫৫ টকা

-গুৱাহাটীত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৬৪ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২,০৮০ টকা

-হাইলাকান্দিত ঘৰুৱা ১০৫৬ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২,৩৭০.৫০ টকা

-হোজাইত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৮৫ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২,১১৭ টকা

-যোৰহাটত ৯২৮.৫০ টকা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৯৫৫টকা

-কামৰুপ মেট্ৰত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৬২ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য   ২০৮০ টকা

-কাৰ্বি আংলঙত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৩৫ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য  ১৯৭১.৫০ টকা

-শ্ৰীভূমিত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ১০৬৪.৫০ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২৩৩২.৫০ টকা

-কোকৰাঝাৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৪৭ , বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২১৯৪ টকা

-লখিমপুৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৭৮.৫০ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য  ২২১১.৫০ টকা

-মাজুলীত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯২৯.৫০ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য  ১,৯৫৫ টকা

-মৰিগাঁওত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৭২.৫০ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য  ২০৯১ টকা

-নগাঁৱত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৮৫ টকা , বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য  ২,১১৭ টকা

-নলবাৰী ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৭০.৫০ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য  ২০৯১ টকা

-দক্ষিণ শালমৰাত ঘৰুৱা ৯৬৩.৫০ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য  ২২২১.৫০ টকা

-শিৱসাগৰত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯২০.৫০ টকা, বাণিজ্যিক বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য  ১,৯৪০ টকা

-শোণিতপুৰত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৭৮.৫০ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য  ২,১১১.৫০ টকা

-তিনিচুকীয়াত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯১২ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য  ১,৯২৮.৫০ টকা

-ওদালগুৰিত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য  ৯৭৮.৫০ টকা, চিলিণ্ডাৰৰ মূল্য  ২১০৬ টকা

-পশ্চিম কাৰ্বি আংলঙত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৮৫ টকা, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য  ২,১১৭ টকা

লগতে পঢ়ক : মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে জনতাৰ মুৰত মাধমাৰ; ৬০ টকাকৈ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য

আজিৰে পৰা দেশত সলনি হ’ব ৫টা ডাঙৰ নিয়ম!

মাৰ্চ মাহৰ প্ৰথম তাৰিখৰ পৰা দেশজুৰি কাৰ্যকৰী হ’ব কেইটামান ডাঙৰ পৰিৱৰ্তন । সলনি হ’ব ৫টা ডাঙৰ নিয়ম !

মাৰ্চ মাহৰ প্ৰথম তাৰিখৰ পৰা দেশজুৰি কাৰ্যকৰী হ’ব কেইটামান ডাঙৰ পৰিৱৰ্তন । ইয়াৰ প্ৰভাৱ প্ৰতিটো ঘৰ আৰু প্ৰতিগৰাকী ব্যক্তিৰ পকেটত পৰিব । ইয়াৰ ভিতৰত এল পি জি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি, তাৰ পিছত সেই অনুসৰি বিমান ইন্ধনৰ মূল্য বৃদ্ধি হৈছে । তদুপৰি ভাৰতীয় ৰে’লৱেৰ সৈতে জড়িত নিয়মসমূহ, চিম কাৰ্ড বাইণ্ডিংকে ধৰি কেইবাটাও নিয়ম আজিৰ পৰা সলনি হৈছে ।

এল পি জি চিলিণ্ডাৰৰ দাম বৃদ্ধি-

তেল বিপণন কোম্পানীসমূহে প্ৰতি মাহৰ প্ৰথম দিনাই এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য সংশোধন কৰে আৰু ১ মাৰ্চতো পৰিৱৰ্তন দেখা যায় । দিল্লীত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম ২৮ টকা বৃদ্ধি হোৱাৰ বিপৰীতে আন মহানগৰত ৩১ টকা  ব্যয়বহুল হৈ পৰিছে । যোৱা মাহৰ আৰম্ভণিতে বাজেটৰ দিনটোত ১ ফেব্ৰুৱাৰীত দেশজুৰি ১৯ কিলোগ্ৰাম ওজনৰ গেছ চিলিণ্ডাৰ এটাৰ মূল্য ৫০ টকা  বৃদ্ধি কৰা হৈছিল ।

এটিএফৰ মূল্য বৃদ্ধি, বিমান ভাড়া বৃদ্ধি-

কেৱল এল পি জিৰ মূল্যবৃদ্ধিয়ে নহয়, মাৰ্চ মাহৰ প্ৰথম দিনটোত এক উল্লেখযোগ্য পৰিৱৰ্তন দেখা গ’ল যিয়ে বিমান যাত্ৰীসকলৰ খৰচ বহু পৰিমাণে বৃদ্ধি কৰিব । প্ৰতি মাহৰ দৰেই মাৰ্চ মাহৰ প্ৰথম দিনটোত তেল কোম্পানীসমূহে এয়াৰ টাৰ্বাইন ইন্ধনৰ (এ টি এফ) মূল্য সংশোধন কৰি বৃদ্ধি কৰিছে । এ টি এফৰ মূল্য হ্ৰাস বা বৃদ্ধিয়ে বিমান যাত্ৰীসকলৰ ভ্ৰমণ ব্যয়ত প্ৰভাৱ পেলায় ।

বন্ধ কৰা হ’ব এই ৰেলৱে এপ!

মাৰ্চ মাহৰ প্ৰথম তাৰিখৰ পৰা ৰেলৱে সম্পৰ্কীয় এটা নিয়মো সলনি হ’ব পাৰে । দৰাচলতে ভাৰতীয় ৰেলৱেই ২০২৬ চনৰ ১ মাৰ্চৰ পৰা পুৰণি ইউটিএছ এপ বন্ধ কৰিব পাৰে । বন্ধ হোৱাৰ পিছত যাত্ৰীসকলে আৰু ইউটিএছ ব্যৱহাৰ কৰিব নোৱাৰিব আৰু ৰেলৱেৰ নতুন এপ ৰেলৱানৰ জৰিয়তে টিকট বুকিংকে ধৰি অন্যান্য কাম আৰম্ভ হ’ব পাৰে ।

চিম সম্পৰ্কীয় নিয়ম-

১ মাৰ্চৰ পৰা দেশত মোবাইল ব্যৱহাৰকাৰীৰ বাবে চিম বাইণ্ডিং নিয়ম কাৰ্যকৰী হ’ব পাৰে । খবৰ অনুসৰি, চৰকাৰে ইতিমধ্যে স্পষ্ট কৰি দিছে যে মেছেজিং এপসমূহে নিজৰ একাউণ্ট চিমৰ সৈতে সংযোগ কৰাটো বাধ্যতামূলক হ’ব আৰু ইয়াৰ বাবে ১ মাৰ্চৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে । এই সম্প্ৰসাৰণ সম্পৰ্কে এতিয়াও কোনো আপডেট কৰা হোৱা নাই । দূৰসংযোগ বিভাগে (DoT) অ’টিটি মেছেজিং এপসমূহক স্পষ্টভাৱে নিৰ্দেশ দিছে যে ব্যৱহাৰকাৰীৰ একাউণ্টসমূহ সক্ৰিয় চিমৰ সৈতে সংযুক্ত হ’ব লাগিব । ইয়াৰ ফলত হোৱাটছএপ বা টেলিগ্ৰাম পঞ্জীয়ন কৰিবলৈ ব্যৱহাৰ কৰা চিম কাৰ্ড ফোনত নাথাকিলে এপটোৰ ব্যৱহাৰ সীমিত বা আনকি নিষ্ক্ৰিয় কৰা হ’ব ।

বেংক বন্ধ-

যদি আপুনি এই মাহত বেংক যোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে জানি লওক যে মাৰ্চ মাহটো অসংখ্য উৎসৱ আৰু অনুষ্ঠানৰ বাবে কেইবাটাও দিন বেংক বন্ধ থাকিব । ইয়াৰ ভিতৰত হোলী, ঈদ, ৰাম নৱমী আৰু মহাবীৰ জয়ন্তীৰ বেংক বন্ধ আছে । এই বন্ধ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ আৰু দেওবাৰকে ধৰি গোটেই মাহটোৰ মুঠ ১৮ দিন হ’ব ।

লগতে পঢ়ক : মধ্য প্ৰাচ্যত যুদ্ধৰ বিভীষিকা, এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোৱে ল’লে ডাঙৰ সিদ্ধান্ত

পুনৰ জনতাৰ মূৰত মাধমাৰ; ৫০ টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ দাম

৫০ টকাকৈ বৃদ্ধি কৰা হ’ল ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ  সিং পুৰীয়ে এই কথা জানিবলৈ দিছে।

তেওঁ কৈছিল যে এলপিজিৰ মূল্যৰ বৃদ্ধি প্ৰধান মন্ত্ৰী উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী আৰু সাধাৰণ গ্ৰাহকৰ বাবে দুয়োলোকেই ভৰিব লাগিব। অৰ্থাৎ  এতিয়াৰে পৰা গেছ চিলিণ্ডাৰৰ বাবদ ৮০৩ টকাৰ সলনি ৮৫৩ টকা দিব লাগিব।

আনহাতে উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে চিলিণ্ডাৰৰ বাবদ দিব লাগিব ৫৫০ টকা।পূৰ্বে ৫০০ টকাত উপলব্ধ হৈছিল উজালা আঁচনিৰ গেছ।

 ইয়াৰ লগে লগে দিল্লীত এতিয়া প্ৰতিটো চিলিণ্ডাৰৰ মূল্য হব ৮৫৩ টকা, কলকাতাত ৮৭৯ টকা,  মুম্বাইত গ্ৰাহকে ভৰিব ৮৫৩.৫০ টকা আৰু চেন্নাইত ৮৬৮.৫০ টকা

সলনি হ’ল গেছ চিলিণ্ডাৰৰ মূল্য, আজি কোন জিলাত ৰন্ধন গেছৰ কিমান দাম?

পহিলা ডিচেম্বৰত প্ৰকাশ পালে চিলিণ্ডাৰৰ নতুন মূল্য।আজিৰে পৰা কাৰ্যকৰী নতুন দাম। পুনৰ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম।বাণিজ্যিক চিলিণ্ডাৰত।বৃদ্ধি পালে ১৫-১৬ টকাকৈ।প্ৰতিখন জিলাৰে ঘৰুৱা চিলিণ্ডাৰৰ নতুন মূল্য প্ৰকাশ বিভাগৰ ফালৰ পৰা।
কোন জিলাত ৰন্ধন গেছৰ কিমান দাম ?
বজালীত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ নতুন মূল্য ৮৪৫ টকা
বাক্সাত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ নতুন মূল্য ৮৬০ টকা
বৰপেটাৰ নতুন মূল্য ৮৪৫ টকা
বিশ্বনাথত নতুন মূল্য ৮৬৮.৫০ টকা
বঙাইগাঁৱত নতুন মূল্য ৮৩৭ টকা
কাছাৰৰ নতুন মূল্য ৯৩৭.৫০ টকা
চৰাইদেউৰ নতুন মূল্য ৮১৮.৫০ টকা
চিৰাঙত নতুন মূল্য ৮৩৭ টকা 
দৰঙত নতুন মূল্য ৮৬০ টকা
ধেমাজিত নতুন মূল্য  ৮৬৮.৫০ টকা
ধুবুৰীত নতুন মূল্য ৮৫৩.৫০ টকা
ডিব্ৰুগড়ত নতুন মূল্য ৮০২ টকা
ডিমাহাচাওত নতুন মূল্য ৯৬১.৫০ টকা
গোলাঘাটত নতুন মূল্য ৮১৯.৫০ টকা 
গুৱাহাটীত নতুন মূল্য ৮৫২ টকা 
হাইলাকন্দিত নতুন মূল্য ৯৪৬ টকা
হোজাইত নতুন মূল্য ৮৭৫ টকা
যোৰহাটত নতুন মূল্য ৮১৮.৫০ টকা 
কামৰূপ মেট্ৰ'ত নতুন মূল্য ৮৫২ টকা 
কাৰ্বি আংলঙত নতুন মূল্য ৮২৫ টকা
কৰিমগঞ্জত নতুন মূল্য ৯৩৭.৫০ টকা
কোকৰাঝাৰত নতুন মূল্য ৮৩৭ টকা 
লখিমপুৰত নতুন মূল্য ৮৬৮.৫০ টকা 
মাজুলিত নতুন মূল্য ৮১৯.৫০ টকা 
মৰিগাঁৱত নতুন মূল্য ৮৬২.৫০ টকা 
নগাঁৱত নতুন মূল্য ৮৭৫ টকা
নলবাৰীত নতুন মূল্য  ৮৬০.৫০ টকা 
দক্ষিণ শালমৰাত নতুন মূল্য ৮৫৩.৫০ টকা 
শিৱসাগৰত নতুন মূল্য ৮১০.৫০ টকা 
শোণিতপুৰত নতুন মূল্য ৮৬৮.৫০ টকা 
তিনিচুকীয়াত নতুন মূল্য ৮০২ টকা 
ওদালগুৰিত নতুন মূল্য ৮৬৮.৫০ টকা 
পশ্চিম কাৰ্বিআংলঙত নতুন মূল্য ৮৭৫ টকা