যুদ্ধৰ মাজতে ভাৰতৰ বাবে সকাহৰ খবৰ, হৰমুজ প্ৰণালীৰে পাৰ হৈ আহিল 'শিৱালিক' আৰু 'নন্দা দেৱী'

যুদ্ধৰ মাজতে ভাৰতৰ বাবে সকাহৰ খবৰ, হৰমুজ প্ৰণালীৰে পাৰ হৈ আহিল ‘শিৱালিক’ আৰু ‘নন্দা দেৱী’

আশ্বস্ত কৰা খবৰটো হ’ল দুখন জাহাজ হৰমুজ প্ৰণালী পাৰ হৈ নিৰাপদে ভাৰতৰ দিশে আগবাঢ়িছে দেশত ৰন্ধন গেছৰ নাটনি সন্দৰ্ভত প্ৰচাৰিত উৰাবাতৰিৰ মাজতে পেট্ৰলিয়াম মন্ত্ৰালয়ে এক ডাঙৰ সকাহৰ খবৰ প্ৰকাশ কৰিছে । চৰকাৰে স্পষ্ট কৰি দিছে যে দেশত পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ পৰ্যাপ্ত মজুত আছে আৰু

আশ্বস্ত কৰা খবৰটো হ’ল দুখন জাহাজ হৰমুজ প্ৰণালী পাৰ হৈ নিৰাপদে ভাৰতৰ দিশে আগবাঢ়িছে

দেশত ৰন্ধন গেছৰ নাটনি সন্দৰ্ভত প্ৰচাৰিত উৰাবাতৰিৰ মাজতে পেট্ৰলিয়াম মন্ত্ৰালয়ে এক ডাঙৰ সকাহৰ খবৰ প্ৰকাশ কৰিছে । চৰকাৰে স্পষ্ট কৰি দিছে যে দেশত পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ পৰ্যাপ্ত মজুত আছে আৰু আতংকৰ একেবাৰেই প্ৰয়োজন নাই । ইফালে, আটাইতকৈ উল্লেখযোগ্য সকাহ হৈছে যে বৃহৎ পৰিমাণৰ এল পি জি কঢ়িয়াই অনা ভাৰতীয় দুখন জাহাজে নিৰাপদে ভাৰতৰ দিশে আগবাঢ়িছে । উৰাবাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আৰু আতংকিত হৈ আগতীয়াকৈ গেছ চিলিণ্ডাৰ বুকি কৰাৰ পৰা বিৰত থাকিবলৈ চৰকাৰে বিশেষ আহ্বান জনাইছে ।

পশ্চিম এছিয়াত প্ৰচলিত পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও মন্ত্ৰালয় একত্ৰিত হৈ জনসাধাৰণক উল্লেখযোগ্য সকাহ প্ৰদান কৰিছে । পেট্ৰলিয়াম মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই স্পষ্ট কৰি দিছে যে দেশৰ তেল শোধনাগাৰসমূহে সম্পূৰ্ণ ক্ষমতাৰে কাম কৰি আছে । উৰাবাতৰিৰ বলি নহ’বলৈ আৰু ভয়ত গেছ চিলিণ্ডাৰৰ অগ্ৰিম বুকিং কৰাৰ পৰা বিৰত থাকিবলৈ চৰকাৰে আহ্বান জনাইছে ।

ইফালে আটাইতকৈ আশ্বস্ত কৰা খবৰটো হ’ল ভাৰতৰ দুখন জাহাজ হৰমুজ প্ৰণালী পাৰ হৈ নিৰাপদে ভাৰতৰ দিশে আগবাঢ়িছে । কোনো ধৰণৰ উৰাবাতৰিক বিশ্বাস নকৰিবলৈ আৰু আতংকৰ পৰিপ্ৰেক্ষিতত আগতীয়াকৈ গেছ চিলিণ্ডাৰ বুকিং কৰাৰ পৰা বিৰত থাকিবলৈ চৰকাৰে নাগৰিকসকলক আহ্বান জনাইছে ।

পৰিসংখ্যা মতে ১৩ মাৰ্চত, এটা দিনতে অভিলেখ সংখ্যক ৮৮.৮ লাখ গেছ চিলিণ্ডাৰ বুকিং হৈছিল- যিটো সংখ্যা প্ৰকৃত প্ৰয়োজনীয়তাতকৈ বহু বেছি । এই বুকিং ৰোধ কৰিবলৈ চৰকাৰে নিয়মাৱলী সংশোধন কৰিছে । নতুন নিয়মৰ অধীনত গ্ৰাহকে চহৰ অঞ্চলত ২৫ দিন আৰু গ্ৰামাঞ্চলত ৪৫ দিন আগতীয়ীকৈ দ্বিতীয় চিলিণ্ডাৰ বুকিং কৰিব নোৱাৰিব । ইয়াৰ উপৰিও এতিয়া ২৯খন ৰাজ্যত বাণিজ্যিক চিলিণ্ডাৰৰ যোগান আৰম্ভ হৈছে ।

গেছৰ জমা আৰু ক’লা বিপণন ৰোধ কৰিবলৈ উত্তৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ, ওড়িশাৰ দৰে ৰাজ্যত অভিযান চলোৱা হৈছে । চৰকাৰে স্পষ্টভাৱে উল্লেখ কৰিছে যে মানুহে এজেন্সীসমূহত ভিৰ কৰাৰ পৰা বিৰত থাকিব লাগে আৰু ইয়াৰ পৰিৱৰ্তে অনলাইন বুকিংৰ পথ বাছি ল’ব লাগে, চিলিণ্ডাৰসমূহ পোনপটীয়াকৈ তেওঁলোকৰ ঘৰলৈ ডেলিভাৰী কৰা হ’ব বুলি আশ্বাস দিছে চৰকাৰে । ইফালে দিল্লী-এনচিআৰ অঞ্চলত প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে কাঠ আৰু জৈৱবস্তুৰ ব্যৱহাৰৰ বাবে এমাহৰ বাবে অস্থায়ী অনুমতি প্ৰদান কৰিছে ।

লগতে পঢ়ক : মোবাইল ডাটাৰ ওপৰত নতুন কৰ!প্ৰতি জিবি ডাটাৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন!