ধুবুৰী

‘ধুবুৰীত ১৪০০ গৰু কুৰবানী দিয়া হ’ল তেতিয়া কোনেও নামাতিলে কিয়?’; মুখ্যমন্ত্ৰী

‘ধুবুৰীত ১৪০০ গৰু কুৰবানী দিয়া হ’ল’ ৰাজ্যত বৰ্তমান সময়ত গৰু বিতৰ্ক তুংগত আছে। তাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘গৰুখুঁটিৰ গৰু জীয়াই আছে, কিন্তু ধুবুৰীত ১৪০০ গৰু কুৰবানী দিয়া হ’ল। কুৰবানী দিয়া গৰুৰ মাংস নামঘৰত ৰখা হ’ল।

‘ধুবুৰীত ১৪০০ গৰু কুৰবানী দিয়া হ’ল’

ৰাজ্যত বৰ্তমান সময়ত গৰু বিতৰ্ক তুংগত আছে। তাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘গৰুখুঁটিৰ গৰু জীয়াই আছে, কিন্তু ধুবুৰীত ১৪০০ গৰু কুৰবানী দিয়া হ’ল।

কুৰবানী দিয়া গৰুৰ মাংস নামঘৰত ৰখা হ’ল। পদূলিয়ে পদূলিয়ে গৰু মাংস পেলাই থৈ গ’ল। কিন্তু ইয়াক লৈ কোনেও প্ৰশ্ন নকৰে।ধুবুৰীৰ গৰুসমূহৰ প্ৰশ্নটো ক’তো উত্থাপন কৰা নহ’ল।

সেই ১৪০০ গৰু একেদিনাই কুৰবানী দিয়া হ’ল। ইয়াক লৈ কাৰো অলপো দুখ নালাগিল। কিন্তু জীয়াই থকা গৰুৰ ওপৰত আলোচনা থিকেই কৰি থকা হৈছে।

জীয়াই থকা গৰুক লৈ সৰৱ আলোচনা হ’ব পাৰে তেনেহলে কুৰবানী দিয়া গৰুৰ ওপৰত আলোচনা কৰা নহয় কিয় বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক: আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা ; ‘১৮ বছৰৰ ওপৰৰ লোকে নাপাব…’