হিমন্ত বিশ্ব

‘ন অসমীয়াৰ বাবে স্থান নাই অসমত’; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য  

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য মিঞাক ন অসমীয়া আখ্যা দিছিল সাংসদ গৌৰৱ গগৈয়ে। তাৰ পিছতেই মিঞাক ন অসমীয়াৰ আখ্যা দিয়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ‘অসমীয়াৰ বাবেই অসমত ঠাই নোহোৱা হৈছে, ন-অসমীয়াৰ কাৰণে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য  

মিঞাক ন অসমীয়া আখ্যা দিছিল সাংসদ গৌৰৱ গগৈয়ে। তাৰ পিছতেই মিঞাক ন অসমীয়াৰ আখ্যা দিয়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ‘অসমীয়াৰ বাবেই অসমত ঠাই নোহোৱা হৈছে, ন-অসমীয়াৰ কাৰণে অসমত ক’ত স্থান আছে।

‘অসমীয়াক দিবলৈ মাটি-বাৰী দিবলৈ অভাৱ হৈছে।তেনেস্থলত ন অসমীয়াই ক’ত ঠাই পাব।সেই ন অসমীয়াৰ অসমত ঠাই নাই’।

‘তেওঁলোকক গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীয়ে নিজৰ ঘৰতে ৰাখি থওক বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

তেওঁ লগতে উৰিয়ামঘাটৰ উচ্ছেদক লৈও এক ডাঙৰ মন্তব্য কৰিছে।তেওঁ কৈছে যে,  উচ্ছেদ হ’বই।উচ্ছেদক লৈ মই কেতিয়াও ভয় খোৱা নাই।

উচ্ছেদক মই কেতিয়াও ৰাজনীতি কৰিব বিচৰা নাই। মোক ভয় খোৱাব চেষ্টা কৰি লাভ নাই। মোৰ কলিজখন ইমান সৰু নহয়।

লগতে পঢ়ক: উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত কোন হ’ব ‘INDIA’ মিত্ৰজোঁটৰ প্ৰাৰ্থী? শৰদ পাৱাৰৰ ডাঙৰ মন্তব্য