‘ভাৰতক টিবিমুক্ত কৰিবলৈ একেলগে কাম কৰক’... ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আহ্বান

‘ভাৰতক টিবিমুক্ত কৰিবলৈ একেলগে কাম কৰক’… ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আহ্বান

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে টিবি (যক্ষ্মা) ৰোগে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক সামাজিক আৰু অৰ্থনৈতিকভাৱে প্ৰভাৱিত কৰিছে । তেওঁ ভাৰতবৰ্ষক টিবিমুক্ত কৰাৰ বাবে সকলো ৰাইজক একত্ৰিতভাৱে কাম কৰিবলৈ আহ্বান জনায় । বিশ্ব যক্ষ্মা দিৱসৰ প্ৰাকক্ষণত দিয়া বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় টিবি নিৰ্মূল কাৰ্যসূচীৰ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে টিবি (যক্ষ্মা) ৰোগে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক সামাজিক আৰু অৰ্থনৈতিকভাৱে প্ৰভাৱিত কৰিছে । তেওঁ ভাৰতবৰ্ষক টিবিমুক্ত কৰাৰ বাবে সকলো ৰাইজক একত্ৰিতভাৱে কাম কৰিবলৈ আহ্বান জনায় । বিশ্ব যক্ষ্মা দিৱসৰ প্ৰাকক্ষণত দিয়া বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় টিবি নিৰ্মূল কাৰ্যসূচীৰ অধীনত যৌথ প্ৰচেষ্টাৰ ফলত দেশত টিবি আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে ।

সকলো অংশীদাৰে একেলগে কাম কৰিব লাগে- ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, ‘মই সকলো অংশীদাৰ আৰু ৰাইজক একত্ৰিত হৈ ভাৰতক টিবিমুক্ত কৰিবলৈ আহ্বান জনাইছো ।’ ৰাষ্ট্ৰপতিগৰাকীয়ে টিবিক ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী স্বাস্থ্যজনিত প্ৰত্যাহ্বান হিচাপে অভিহিত কৰে । তেওঁ কয় যে এই ৰোগে কেৱল স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱাই নহয় মানুহৰ জীৱন আৰু জীৱিকাতো প্ৰভাৱ পেলায় ।

‘সমগ্ৰ পৃথিৱীয়ে একত্ৰিত হৈ কাম কৰিব লাগিব’

তেওঁ কয় যে এইবাৰৰ বিশ্ব যক্ষ্মা দিৱসৰ থিম ‘হয়, আমি টিবি শেষ কৰিব পাৰো : সংকল্প লওক, বিনিয়োগ কৰক আৰু সম্পূৰ্ণ কৰক’এ প্ৰতিফলিত কৰে যে সমগ্ৰ বিশ্বই টিবি শেষ কৰিবলৈ একেলগে কাম কৰিব লাগিব ।

শেহতীয়া প্ৰৱন্ধসমূহ