শুভাংশু শুক্লা

ISS থকাৰ বাবে শুভাংশু শুক্লাই পাব কিমান ধন? কিয় বিশেষ এই মিছন

শুভাংশু শুক্লাই পাব কিমান ধন আজি ভাৰতৰ বাবে এক ঐতিহাসিক দিন। ভাৰতীয় বায়ুসেনা গোটৰ কেপ্তেইন শুভাংশু শুক্লা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা গৈ মহাকাশত উপস্থিত হয়। এইটো প্ৰথমবাৰলৈ হৈছে যে কোনো ভাৰতীয় বৈজ্ঞানীকে ISSৰ দৰে উচ্চ প্ৰযুক্তিৰ মহাকাশ অভিযানৰ অংশ হৈ পৰিছে। জানিব পৰা মতে এই

শুভাংশু শুক্লাই পাব কিমান ধন

আজি ভাৰতৰ বাবে এক ঐতিহাসিক দিন। ভাৰতীয় বায়ুসেনা গোটৰ কেপ্তেইন শুভাংশু শুক্লা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা গৈ মহাকাশত উপস্থিত হয়।

এইটো প্ৰথমবাৰলৈ হৈছে যে কোনো ভাৰতীয় বৈজ্ঞানীকে ISSৰ দৰে উচ্চ প্ৰযুক্তিৰ মহাকাশ অভিযানৰ অংশ হৈ পৰিছে।

জানিব পৰা মতে এই অভিযানৰ সময়ত শুভাংশুৱে না প্ৰতি ঘণ্টাৰ হিচাপত দৰমহা পাব, না কোনো সুকীয়া সন্মানীয় ধন পাব।

বৰং এই সমগ্ৰ অভিযানৰ খৰচ ভাৰত চৰকাৰে নিজেই বহন কৰিছে।তথ্য অনুসৰি ভাৰতে এই অভিযানৰ বাবে আমেৰিকাৰ ব্যক্তিগত মহাকাশ কোম্পানী এক্সিয়াম স্পেচক প্ৰায় ৫৪৮ কোটি টকা প্ৰদান কৰিছে।

এই ধনৰাশি শুভাংশুৰ প্ৰশিক্ষণ, ভ্ৰমণ, মহাকাশ চুট, গৱেষণা কিট আৰু অন্যান্য প্ৰয়োজনীয় সম্পদৰ বাবে ব্যয় কৰা হৈছে।

কিমান দিনৰ হ’ব মিছনটো

শুভাংশুৰ এই অভিযান প্ৰায় ১৪ দিনৰ হ’ব, য’ত তেওঁ মহাকাশত থাকি প্ৰায় ৬০টা বৈজ্ঞানিক পৰীক্ষাত অংশগ্ৰহণ কৰিব।

এই পৰীক্ষাসমূহৰ ভিতৰত মানৱ শৰীৰত মাইক্ৰ’গ্ৰেভিটিৰ প্ৰভাৱ, মহাকাশ খাদ্য পৰীক্ষা, জৈৱ গৱেষণা আৰু ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তিৰ অনুসন্ধান আদি অন্তৰ্ভুক্ত।

ইয়াৰ পৰা কৰে অধ্যয়ন

শুভাংছু শুক্লা উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ বাসিন্দা। NDA ৰ পৰা অধ্যয়ন কৰি বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ পৰা এম.টেক কৰিছে।

২০০৬ চনত ভাৰতীয় বায়ুসেনাৰ পাইলট হিচাপে কাম কৰা তেখেতে এতিয়ালৈকে ২০০০ ঘণ্টাৰো অধিক যুদ্ধ বিমান উৰণৰ অভিজ্ঞতা লাভ কৰিছে।

২০১৯ চনত ভাৰতৰ গগনযান অভিযানৰ বাবে নিৰ্বাচিত হৈছিল আৰু ইয়াৰ অধীনত ৰাছিয়া আৰু ভাৰতত কঠোৰ প্ৰশিক্ষণ লাভ কৰিছিল।

পিছুৱাই দিয়া হৈছিল অভিযান

ইয়াৰ পূৰ্বে এই অভিযান কিছু কাৰণত পিছুৱাই দিয়া হৈছিল। কিন্তু এতিয়া বৃহস্পতিবাৰে আবেলি প্ৰায় ৪.৩০ মান বজাত মহাকাশত ডগ কৰে শুভাংশু আৰু তেওঁৰ আন সংগীসকলে।

লগতে পঢ়ক: মহাকাশত ৰচিলে ইতিহাস; ২৮ ঘণ্টীয়া যাত্ৰা সম্পূৰ্ণ কৰি ISS ত উপস্থিত শুভাংশু শুক্লা

শেহতীয়া প্ৰৱন্ধসমূহ