কুলদীপ-ৰিংকুৰ চৰ মৰা ঘটনাক লৈ হুলস্থুল; ভিডিঅ’ শ্বেয়াৰ কৰি দিব লগা হ’ল স্পষ্টীকৰণ

আই পি এল ২০২৫ৰ ৪৮ সংখ্যক মেচত কলকাতা নাইট ৰাইডাৰ্ছ আৰু দিল্লী কেপিটেলছৰ মাজত খেলা হৈছিল।এই মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল দিল্লীৰ দলটো।দিল্লীক ১৪ ৰানত পৰাস্ত কৰে কলকাতাই। এই মেচখনৰ পিছত এনে ঘটনা সংঘটিত হৈছিল, যিয়ে হৰভজন আৰু শ্ৰীশান্তৰ চৰ কাণ্ডক মনত পেলাই দিছে। দৰাচলতে

আই পি এল ২০২৫ৰ ৪৮ সংখ্যক মেচত কলকাতা নাইট ৰাইডাৰ্ছ আৰু দিল্লী কেপিটেলছৰ মাজত খেলা হৈছিল।এই মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল দিল্লীৰ দলটো।দিল্লীক ১৪ ৰানত পৰাস্ত কৰে কলকাতাই।

এই মেচখনৰ পিছত এনে ঘটনা সংঘটিত হৈছিল, যিয়ে হৰভজন আৰু শ্ৰীশান্তৰ চৰ কাণ্ডক মনত পেলাই দিছে। দৰাচলতে ডিচি বনাম কেকেআৰ খেলৰ পিছত দিল্লী কেপিটেলছৰ স্পিন বলাৰ কুলদীপ যাদৱে কলকাতা নাইট ৰাইডাৰ্ছৰ বেটছমেন ৰিংকু সিঙক দুটাকৈ চৰ মাৰিলে ।

এই ঘটনাটো সেইটো সময়ত হৈছিল, যেতিয়া দুয়োটা দলৰ খেলুৱৈয়ে খেলৰ পিছত কথা পাতি আছিল। সেই সময়তে কুলদীপ যাদৱে ৰিংকু সিঙক দুটা চৰ মাৰে। এই ঘটনাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছ।

সামাজিক মাধ্যমত ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত বহু দৰ্শকে কুলদীপ যাদৱক কি কাৰণক ৰিংকু সিঙক চৰ দুটা মাৰিলে তাক লৈ উত্তৰ বিচাৰিছে।

অৱশ্যে কে কে আৰে শ্বেয়াৰ কৰা এই ভিডিঅ’টোৰ জৰিয়তে এই কথা ক’বলৈ চেষ্টা কৰিছে যে, সামাজিক মাধ্যমত প্ৰকাশ পোৱা দৰে, তেনেকুৱা একো হোৱা নাই।ৰিংকু আৰু কুলদীপ দুয়োজনেই ঘনিষ্ঠ বন্ধু আৰু তেওঁলোকৰ মাজত সদায় এনেকুৱা ধেমালি চলিয়েই থাকে।

শেহতীয়া প্ৰৱন্ধসমূহ