জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ আনিবলৈ দিল্লীলৈ উৰা মাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ আনিবলৈ দিল্লীলৈ উৰা মাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ আনিবলৈ দিল্লীলৈ উৰা মাৰিলে মুখ্যমন্ত্ৰী অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ উভতাই আনিবলৈ দিল্লীলৈ উৰা মাৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । শনিবাৰে বিয়লি দিল্লীলৈ উৰা মাৰিছে মুখ্যমন্ত্ৰীগৰাকী । কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে এই কথা জনাইছে

জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ আনিবলৈ দিল্লীলৈ উৰা মাৰিলে মুখ্যমন্ত্ৰী

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ উভতাই আনিবলৈ দিল্লীলৈ উৰা মাৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । শনিবাৰে বিয়লি দিল্লীলৈ উৰা মাৰিছে মুখ্যমন্ত্ৰীগৰাকী । কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে এই কথা জনাইছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই । মুখ্যমন্ত্ৰীয়ে দিল্লীত চমজি ল’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ ।

সামাজিক মাধ্যমত এই কথা জানিবলৈ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে-

“মৃত্যু এক চিৰন্তন প্ৰক্ৰিয়াৰ অংশ মাথোঁ, তথাপি ই জানো ইমান সুলভ হ’ব পাৰে ! নাই বোলোতেই নোহোৱা হৈ যোৱা কথাটি ইমান সহজতে মানিব পাৰি জানো ! নোৱাৰি ৷ মৰমৰ জুবিন নাই বোলা কথাটোও মানি ল’ব পৰা নাই, গোটেই অসমে পৰা নাই ৷ অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়েই যে জুবিনৰ ঘৰ, আপোন ঘৰ…”

 মুখ্যমন্ত্ৰীয়ে আৰু লিখিছে- “মৰমৰ শিল্পীজনাক আনিবলৈ নতুন দিল্লীলৈ গৈ আছোঁ ৷ গুৱাহাটী বিমানবন্দৰলৈ আহি থকাৰ বাটত ‘মায়াবিনী’ৰ এই বিশেষ ক্লিপটো দেখি ৰৈ গৈছিলোঁ, বাৰে বাৰে চাইছিলোঁ, তেওঁ লগতে কোৱা জুবিনৰ সেই কথাকেইটাই মূক কৰি তুলিছিল ৷ আজি চৌদিশে ‘মায়াবিনী’ বাজিছে, হিয়া উজাৰি গাইছে সকলোৱে, গুণমুগ্ধ-অনুৰাগীয়ে নিজৰ অতি মৰমৰ শিল্পীগৰাকীৰ কথা ৰাখিছে ৷ এনে প্ৰাপ্তিও বিৰলতকৈ বিৰল ৷ আমাৰ হৃদয়ৰ অন্তহীন স্পন্দন জুবিন !”

ইফালে জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ ছিংগাপুৰৰ পৰা ভাৰতলৈ উৰা মাৰিলে বিশেষ বিমান । নিশা ১১ বজাত দিল্লী পাবহি সকলোৰে মৰমৰ শিল্পীগৰাকী । ইয়াৰ পিছতে প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰ দেহ অসমলৈ উভতাই অনা হ’ব ।

লগতে পঢ়ক : হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ শ্ৰদ্ধা : তিনিদিনীয় ৰাজ্যিক শোক ঘোষণা ৰাজ্য চৰকাৰৰ