কিং কোহলীৰ আৰ চি বিৰ সন্মুখত আজি কেপ্তেইন ‘বাপু‘ৰ দিল্লী… জানক কোন কিমান শক্তিশালী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত আজি অৰ্থাৎ ১০ এপ্ৰিলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু দিল্লী কেপিটেলছৰ দল মুখামুখি হ’ব । দিল্লী কেপিটেলছে তিনিখন খেলৰ ভিতৰত তিনিওখন খেলত জয়লাভ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে চাৰিখন খেলৰ ভিতৰত তিনিখন খেলত জয়লাভ কৰিছে । এনে পৰিস্থিতিত এই মেচত দুয়োটা দলৰ মাজত

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত আজি অৰ্থাৎ ১০ এপ্ৰিলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু দিল্লী কেপিটেলছৰ দল মুখামুখি হ’ব । দিল্লী কেপিটেলছে তিনিখন খেলৰ ভিতৰত তিনিওখন খেলত জয়লাভ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে চাৰিখন খেলৰ ভিতৰত তিনিখন খেলত জয়লাভ কৰিছে । এনে পৰিস্থিতিত এই মেচত দুয়োটা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা যাব । এই খেলখন বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।

কলকাতা, চেন্নাই, মুম্বাইৰ দৰে দলক পৰাস্ত কৰিছে আৰ চি বিয়ে । ঘৰুৱা ক্ষেত্ৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে দলটোৱে একমাত্ৰ পৰাজয়ৰ সন্মুখীন হৈছে । কিন্তু ঘৰুৱা দলটো আত্মবিশ্বাসেৰে ভৰি পৰিব কাৰণ বৰ্তমান তাৰকা বেটছমেন বিৰাট কোহলীৰ ফৰ্ম অতি উত্তম ।

কোহলী বনাম ষ্টাৰ্ক আৰু কুলদীপ-

৩৬ বছৰীয়া বিৰাট কোহলীয়ে মিচেল ষ্টাৰ্ক আৰু বাওঁহাতৰ ৰিষ্ট স্পীনাৰ কুলদীপ যাদৱৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব । টি-২০ত ষ্টাৰ্কৰ তুলনাত সামান্য আছে কোহলী কাৰণ তেওঁ ৩১টা বলত ৭২ ৰান সংগ্ৰহ কৰিছে যদিও অষ্ট্ৰেলিয়ান পেচাৰগৰাকীয়ে এই ছিজনত ভয়ংকৰ ফৰ্মত আছে । তিনিখন মেচত গড়ে ১১ ৰানত ৯টা উইকেট দখল কৰিছে ষ্টাৰ্কে ।ইয়াত আৰ চি বিৰ অধিনায়ক ৰজত পাটিদাৰেও ডাঙৰ ভূমিকা পালন কৰিব কাৰণ তেওঁ স্পীনৰ বিৰুদ্ধে খেলিব পৰা এজন উৎকৃষ্ট খেলুৱৈ ।

এই পৰ্যন্ত আই পি এলত আৰ চি বি আৰু দিল্লী কেপিটেলছৰ মাজত ৩১খন মেচ অনুষ্ঠিত হৈছে । ইয়াৰে আৰ চি বিয়ে ২০খন খেলত জয়লাভ কৰাৰ বিপৰীতে দিল্লী কেপিটেলছে ১১খন মেচত জয়লাভ কৰিছে ।

আৰ চি বিৰ সম্ভাৱ্য মূল একাদশ :

ফিল ছল্ট, বিৰাট কোহলী, দেৱদত্ত পদ্দিকল, ৰজত পাটিদাৰ (অধিনায়ক), লিয়াম লিভিংষ্টন, জিতেশ শৰ্মা (উইকেটকীপাৰ), টিম ডাভিদ, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, জোছ হেজলউড, যশ দয়াল, সুয়শ শৰ্মা ।

দিল্লী কেপিটেলছৰ সম্ভাৱ্য মূল একাদশ :

জেক ফ্ৰেজাৰ-মেকগাৰ্ক, কে এল ৰাহুল, অভিষেক পোৰেল, ট্ৰিষ্টান ষ্টাবছ, সমীৰ ৰিজভি, অক্ষৰ পেটেল (অধিনায়ক), আশুতোষ শৰ্মা, বিপ্ৰজ নিজৰাম, মিচেল ষ্টাৰ্ক, কুলদীপ যাদৱ, মোহিত শৰ্মা, মুকেশ কুমাৰ ।

শেহতীয়া প্ৰৱন্ধসমূহ