সামাজিক মাধ্যম ব্যৱহাৰকাৰীক সাৱধান হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

জুবিন গাৰ্গক লৈ অশালীন মন্তব্য কৰিলেই লোৱা হ’ব কঠোৰ ব্যৱস্থা… সামাজিক মাধ্যম ব্যৱহাৰকাৰীক সাৱধান হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

সামাজিক মাধ্যম ব্যৱহাৰকাৰীক সাৱধান হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ শোকত বুৰ গৈছে ৰাজ্যবাসী । ইয়াৰ মাজতে অসমীয়াৰ হিয়াৰ আপোন শিল্পীগৰাকীৰ মৃত্যুক লৈ নানান বিতৰ্ক চলি আছে সামাজিক মাধ্যমত । একাংশই জুবিন গাৰ্গ লৈ অশালীন মন্তব্য কৰিছে । সদ্য প্ৰয়াত শিল্পীগৰাকীৰ পত্নীকো

সামাজিক মাধ্যম ব্যৱহাৰকাৰীক সাৱধান হোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ শোকত বুৰ গৈছে ৰাজ্যবাসী । ইয়াৰ মাজতে অসমীয়াৰ হিয়াৰ আপোন শিল্পীগৰাকীৰ মৃত্যুক লৈ নানান বিতৰ্ক চলি আছে সামাজিক মাধ্যমত । একাংশই জুবিন গাৰ্গ লৈ অশালীন মন্তব্য কৰিছে । সদ্য প্ৰয়াত শিল্পীগৰাকীৰ পত্নীকো লৈ একাংশই সামাজিক মাধ্যমত বিৰূপ  মন্তব্য কৰা পৰিলক্ষিত হৈছে । সেই সকলক উদ্দেশ্যি আজি সংবাদমেল যোগে সকীয়নি প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, জুবিন গাৰ্গক লৈ সামাজিক মাধ্যমত অশালীন মন্তব্য কৰিলেই লোৱা হ’ব কঠোৰ ব্যৱস্থা । প্ৰতিটো সময়ত চৰকাৰে সামাজিক মাধ্যমত নজৰ ৰাখিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । সামাজিক মাধ্যম ব্যৱহাৰকাৰীক সাৱধান হোৱাৰ আহ্বান জনাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।

ইফালে জুবিল গাৰ্গৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গকো লক্ষ্য কৰি একাংশ অসংবেদশীল লোকে সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰা পৰিলক্ষিত হৈছে । এই কাৰ্যক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, জুবিন গাৰ্গৰ পত্নীক লৈ যি কথা লিখা হৈছে সেয়া সঁচাকৈয়ে অশোভনীয় । জুবিন জীয়াই থকাৰ সময়ত এই কথা দেখা পোৱা হ’লে কষ্ট পালেহেঁতেন । কিন্তু এয়া আমাৰ সংস্কৃতি হ’ব নোৱাৰে । জুবিনক আমি মৰমেৰে, বিনম্ৰতাৰে বিদায় দিব লাগে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : জুবিন গাৰ্গৰ সৈতে সংঘটিত ঘটনাৰ নতুন মোৰ… এজাহাৰত অন্তৰ্ভূক্ত দুটাকৈ নতুন নাম

শেহতীয়া প্ৰৱন্ধসমূহ