‘সেইটো অতি নিকৃষ্ট আক্ৰমণ আছিল…’;  পেহেলগাম ঘটনাত ভাৰতে লাভ কৰিলে আমেৰিকাৰ সমৰ্থন

পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে সমগ্ৰ বিশ্বৰ পৰা সমৰ্থন লাভ কৰিছে।আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও পেহেলগাম আক্ৰমণক গৰিহণা দিছে।অতি কঠোৰ সুৰত তেওঁ কৈছে যে- ‘সেইটো অতি বেয়া কাম আছিল..’। হোৱাইট হাউছে প্ৰকাশ কৰা এক অডিঅ’ বাৰ্তাত ট্ৰাম্পে এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে।তেওঁ কয় যে এই আক্ৰমণটো অতি

পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে সমগ্ৰ বিশ্বৰ পৰা সমৰ্থন লাভ কৰিছে।আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও পেহেলগাম আক্ৰমণক গৰিহণা দিছে।অতি কঠোৰ সুৰত তেওঁ কৈছে যে- ‘সেইটো অতি বেয়া কাম আছিল..’।

হোৱাইট হাউছে প্ৰকাশ কৰা এক অডিঅ’ বাৰ্তাত ট্ৰাম্পে এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে।তেওঁ কয় যে এই  আক্ৰমণটো অতি বেয়া হৈছে আৰু কাশ্মীৰ সীমান্তত সদায় উত্তেজনা অব্যাহত আছে।

লগতে এই কথাটোক লৈও তেওঁ যেন আত্মবিশ্বাসী আছিল যে দুয়োখন দেশে যেনেকৈয়ে নওক সমস্যাৰ সমাধান কৰিব।

ড’নাল্ড ট্ৰাম্পে কয় যে, ‘মই ভাৰতৰ আৰু পাকিস্তান দুয়োখন দেশৰ সৈতে অতি ঘনিষ্ঠ, আৰু কাশ্মীৰত তেওঁলোকে হাজাৰল হাজাৰ বছৰ ধৰি যুঁজ দি আছে।

সেই আক্ৰমণটো অতি নিকৃষ্ট আছিল, সেই সীমান্তত ১৫০০ বছৰ ধৰি উত্তেজনা চলি আহিছে।এতিয়াও একে হৈয়ে আছে, কিন্তু কিবা নহয় কোনোবা প্ৰকাৰে সমাধান কৰিব বুলি মই নিশ্চিত।মই দুয়োজন নেতাক চিনি পাওঁ। পাকিস্তান আৰু ভাৰতৰ মাজত সদায় উত্তেজনা হৈ আহিছে’।

শেহতীয়া প্ৰৱন্ধসমূহ