সদনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উদাত্ত ভাষণ

বিৰোধীৰ অভিযোগৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ, বিৰোধীক তীব্ৰ আক্ৰমণ

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ কৃতিত্ব আৰু উন্নয়নৰ পৰিকল্পনাৰ তালিকা উপস্থাপন কৰাৰ সমান্তৰালকৈ বিৰোধী দলক চোকা আক্ৰমণ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ স্বচ্ছতা অভিযানক উপহাস কৰা হৈছিল, কিন্তু শেহতীয়াকৈ চৰকাৰী কাৰ্যালয়ৰ পৰা আৱৰ্জনা বিক্ৰী কৰাৰ ফলত চৰকাৰৰ

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ কৃতিত্ব আৰু উন্নয়নৰ পৰিকল্পনাৰ তালিকা উপস্থাপন কৰাৰ সমান্তৰালকৈ বিৰোধী দলক চোকা আক্ৰমণ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ স্বচ্ছতা অভিযানক উপহাস কৰা হৈছিল, কিন্তু শেহতীয়াকৈ চৰকাৰী কাৰ্যালয়ৰ পৰা আৱৰ্জনা বিক্ৰী কৰাৰ ফলত চৰকাৰৰ কোষাগাৰলৈ ২৩০০ কোটি টকা আহিছিল ।

তেওঁ আৰু কয় যে “WHOৰ পৰা অহা এক প্ৰতিবেদন অনুসৰি নল যোগে বিশুদ্ধ পানী উপলব্ধ হোৱাৰ বাবে অন্যান্য ৰোগত খৰচ কৰা পৰিয়ালসমূহৰ বাবে গড়ে ৪০ হাজাৰ টকা ৰাহি হৈছে । এনে বহু আঁচনিয়ে সাধাৰণ মানুহৰ খৰচ ৰাহি কৰাত সহায় কৰিছে । তেওঁ কয়, “বিনামূলীয়া খাদ্য শস্য আৰু বিনামূলীয়া বিদ্যুতৰ দ্বাৰা হাজাৰ হাজাৰ টকাৰ সকাহ পোৱা গৈছে, এল ই ডি বাল্বৰ দ্বাৰা বিদ্যুতৰ ব্যৱহাৰ হ্ৰাস পাইছে, যাৰ ফলত দেশবাসীৰ বাবে ২০ হাজাৰ কোটি টকা ৰাহি হৈছে । Soil Health Card আঁচনিয়ে প্ৰতি একৰত ৩০ হাজাৰ টকা ৰাহি কৰিছে । ২০১৪ চনৰ পৰা ইয়াৰ পূৰ্বে কৰ ৰেহাই আছিল ২ লাখ টকা পৰ্যন্ত, এতিয়া ১২ লাখ পৰ্যন্ত কৰ ৰেহাই দিয়া হৈছে ।”

পূৰ্বৰ চৰকাৰক কটাক্ষ-

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “এবিংশ শতিকা”ৰ শ্লোগান দিয়াসকলে ২০ শতিকাৰ প্ৰয়োজনীয়তাও পূৰণ কৰিব নোৱাৰিলে । আৰ কে লক্ষ্মণৰ কাৰ্টুনত – য’ত এখন বিমান ঠেলি নিয়া দেখুওৱা হৈছিল – তেতিয়াৰ প্ৰধানমন্ত্ৰীৰ বাস্তৱতাৰ পৰা দূৰত্ব দেখুৱাইছিল ।

যুৱক-যুৱতী আৰু নতুন প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিয়ক

তেওঁ প্ৰশ্নবোধক সুৰত সোধে, “ভাৰত কিয় গেমিং কেপিটেল হ’ব নোৱাৰে ?  পাৰমাণৱিক শক্তি খণ্ড মুকলি কৰা হ’ল । এ আই, থ্ৰীডি প্ৰিন্টিং, ৰবটিক্স, ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে ক্ষেত্ৰত ভাৰতক আগুৱাই নিয়া হৈছে ।”

চৰকাৰ গঠন হোৱাৰ লগে লগে যুৱক-যুৱতীসকলে চাকৰি পালে-

কংগ্ৰেছক উপহাস কৰি তেওঁ কয়, “কিছুমান দলে যুৱক-যুৱতীক মিছা প্ৰতিশ্ৰুতি দিয়ে, নিবনুৱা ভাট্টা দিয়াৰ কথা কয়, কিন্তু সেইবোৰ পূৰণ নকৰে । দেশে হাৰিয়ানাত দেখিছে আমি কেনেকৈ কাম কৰো । আমি কোনো উৎকোচ অবিহনে চাকৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিলো আৰু চৰকাৰ গঠন হোৱাৰ লগে লগে যুৱকসকলে চাকৰি লাভ কৰিছিল । ইয়াৰ ফলাফল হৈছে হাৰিয়ানাত এক বিশাল বিজয় ।”

সংবিধান আৰু গণতন্ত্ৰৰ ওপৰত গুৰুত্ব-

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আমি সংবিধানৰ ভাৱনা অনুসৰণ কৰোঁ, আমি বিষাক্ত ৰাজনীতি নকৰো । আমি দেশৰ ঐক্যক অগ্ৰাধিকাৰ দিওঁ আৰু সেয়েহে আমি চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি, ‘ষ্টেচু অব ইউনিটি’ নিৰ্মাণ কৰোঁ, যিটো হৈছে পৃথিৱীৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি ।