আমেৰিকাত গীতাত হাত থৈ শপত গ্ৰহণ কৰিলে ভাৰতীয় মূলৰ সাংসদে, কোন এই সুহাস সুব্ৰমণিয়াম ?

আমেৰিকাত গীতাত হাত থৈ শপত গ্ৰহণ কৰিলে ভাৰতীয় মূলৰ সাংসদে, কোন এই সুহাস সুব্ৰমণিয়াম ?

আমেৰিকাত বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ বাবে সেয়া আছিল এক ঐতিহাসিক মুহূৰ্ত, যেতিয়া ভাৰতীয় মূলৰ আমেৰিকান সাসংদ সুহাস সুব্ৰমণিয়ামে পবিত্ৰ হিন্দু গ্ৰন্থ গীতা স্পৰ্শ কৰি শপত গ্ৰহণ কৰিছিল । ভাৰ্জিনিয়াৰ ১৩সংখ্যক জিলাক প্ৰতিনিধিত্ব কৰা সুব্ৰমণিয়াম এজন আমেৰিকান । ইষ্ট ক’ষ্টৰ পৰা সংসদলৈ নিৰ্বাচিত হোৱা তেওঁ প্ৰথমজন

আমেৰিকাত বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ বাবে সেয়া আছিল এক ঐতিহাসিক মুহূৰ্ত, যেতিয়া ভাৰতীয় মূলৰ আমেৰিকান সাসংদ সুহাস সুব্ৰমণিয়ামে পবিত্ৰ হিন্দু গ্ৰন্থ গীতা স্পৰ্শ কৰি শপত গ্ৰহণ কৰিছিল । ভাৰ্জিনিয়াৰ ১৩সংখ্যক জিলাক প্ৰতিনিধিত্ব কৰা সুব্ৰমণিয়াম এজন আমেৰিকান । ইষ্ট ক’ষ্টৰ পৰা সংসদলৈ নিৰ্বাচিত হোৱা তেওঁ প্ৰথমজন ভাৰতীয়-আমেৰিকান ।

যেতিয়া সুহাস সুব্ৰমণিয়ামে গীতাত হাত থৈ শপত গ্ৰহণ কৰিছিল, তেতিয়া তেওঁৰ মাতৃও তাত উপস্থিত আছিল । আমেৰিকাৰ কংগ্ৰেছক বিশ্বৰ অন্যতম শক্তিশালী ৰাজনৈতিক প্ৰতিষ্ঠান হিচাপে গণ্য কৰা হয় আৰু এইটো নিশ্চিতভাৱে সকলো ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয় ।

আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভলৈ নিৰ্বাচিত হোৱা প্ৰথমজন হিন্দু আমেৰিকান তুলসী গাবাৰ্ডৰ স্থান লব তেওঁ । গাবাৰ্ডেও সুহাসৰ দৰে ২০১৩ চনত গীতাত হাত ৰাখি শপত গ্ৰহণ কৰিছিল । তেতিয়া তেওঁ এই কাম কৰা কংগ্ৰেছৰ প্ৰথম সদস্য আছিল । তেতিয়াৰ পৰাই গীতাৰ শপত খোৱাটো আমেৰিকাৰ ৰাজনীতিত হিন্দু-আমেৰিকানসকলৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ প্ৰতীক হৈ পৰিছে ।

সুব্ৰমণিয়ামৰ নিৰ্বাচনৰ লগে লগে কংগ্ৰেছত ভাৰতীয়-আমেৰিকান সাংসদৰ সংখ্যা এতিয়া চাৰিজনলৈ বৃদ্ধি পাইছে । ভাৰতীয়-আমেৰিকান কংগ্ৰেছৰ সদস্যসকলৰ ভিতৰত আছে ৰাজা কৃষ্ণমূৰ্তি, ৰো খান্না আৰু শ্ৰী থানেদাৰ । ইয়াৰ দ্বাৰা ভাৰতীয়-আমেৰিকানসকলৰ ক্ৰমবৰ্ধমান ৰাজনৈতিক প্ৰভাৱ প্ৰতিফলিত হয়, যিসকল বৰ্তমান আমেৰিকাৰ কংগ্ৰেছৰ অন্যতম বিশিষ্ট ।