‘ভাৰতে পানী বন্ধ কৰাৰ সাহস কৰিব নালাগে, অন্যথা…’; প্ৰধানমন্ত্ৰী শ্বাহবাজে ভাৰতৰ দিলে মুকলি প্ৰত্যাহ্বান

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ ওপৰত যি জল আক্ৰমণ চলাইছিল, তাৰ বাবেই পাকিস্তানত আতংকৰ সৃষ্টি হৈছে। তাৰ পিছতেই এতিয়া পিয়াহত মৰিবলৈ ভয় কৰিছে পাকিস্তানে। ইয়াকে লৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ভাৰতলৈ ভাবুকি দিছে আৰু কৈছে যে, ‘ভাৰতে পাকিস্তানৰ পানী বন্ধ কৰিবলৈ সাহস কৰিব নালাগে,

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ ওপৰত যি জল আক্ৰমণ চলাইছিল, তাৰ বাবেই পাকিস্তানত আতংকৰ সৃষ্টি হৈছে। তাৰ পিছতেই এতিয়া পিয়াহত মৰিবলৈ ভয় কৰিছে পাকিস্তানে।

ইয়াকে লৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ভাৰতলৈ ভাবুকি দিছে আৰু কৈছে যে, ‘ভাৰতে পাকিস্তানৰ পানী বন্ধ কৰিবলৈ সাহস কৰিব নালাগে, যদি ভাৰতে পানী বন্ধ কৰে তেন্তে পাকিস্তান সেনাই তাৰ উপযুক্ত উত্তৰ দিব’।

প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে লগতে কৈছে যে, “পাকিস্তানৰ পানী হ্ৰাস বা নদীৰ গতি আন দিশলৈ নিলে যিকোনো প্ৰচেষ্টাৰ প্ৰতি সম্পূৰ্ণ শক্তিৰে সঁহাৰি জনোৱা হ’ব।’

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জল সন্ধিৰ অন্ত পেলোৱাৰ ঘোষণা এটা ডাঙৰ সিদ্ধান্ত, যাৰ ওপৰত পাকিস্তান ক্ষুব্ধ হৈ পৰিছে।

প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে আৰু কয়, ‘এই বিষয়ে কোনেও কোনো ভুল কৰা উচিত নহয়।পাকিস্তান ২৪ কোটি জনসংখ্যাৰ দেশ আৰু আমি আমাৰ সাহসী সশস্ত্ৰ বাহিনী’ৰ পিছফালে থিয় দিওঁ…এই বাৰ্তাটো সকলোৰে বাবে উচ্চস্বৰে আৰু স্পষ্ট হোৱাটো প্ৰয়োজন।শান্তি আমাৰ অগ্ৰাধিকাৰ।আমি আমাৰ সততা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰো’।

ইয়াৰ পূৰ্বে সাখৰৰ সিন্ধু নদীৰ পাৰত এক জনসভাত ভাষণ দি পাকিস্তানী নেতা বিলোৱাল ভুট্টোৱে কয়, সিন্ধু নদীত এতিয়া হয়টো পানী বৈ যাব , নহ’লে তেওঁলোকৰ তেজৰ নৈ বব’।

শেহতীয়া প্ৰৱন্ধসমূহ