৫ ডিচেম্বৰত ঝাৰখণ্ডত ছোৰেন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, এই বিধায়কসকল মন্ত্ৰী হোৱাৰ সম্ভাৱনা !

৫ ডিচেম্বৰত ঝাৰখণ্ডত সম্প্ৰসাৰণ কৰা হ’ব ছোৰেন কেবিনেট । য’ত জে এম এম, কংগ্ৰেছ, আৰ জে ডি আৰু বাওঁপন্থীৰ বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰে । অৱশ্যে কোনটো দলৰ পৰা কিমান মন্ত্ৰী গঠন হ’ব সেয়া এতিয়াও প্ৰকাশ হোৱা নাই । আনহাতে, ইয়াৰ পূৰ্বে ২৮

৫ ডিচেম্বৰত ঝাৰখণ্ডত সম্প্ৰসাৰণ কৰা হ’ব ছোৰেন কেবিনেট । য’ত জে এম এম, কংগ্ৰেছ, আৰ জে ডি আৰু বাওঁপন্থীৰ বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰে । অৱশ্যে কোনটো দলৰ পৰা কিমান মন্ত্ৰী গঠন হ’ব সেয়া এতিয়াও প্ৰকাশ হোৱা নাই । আনহাতে, ইয়াৰ পূৰ্বে ২৮ নৱেম্বৰত ৰাজ্যখনত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত কেৱল হেমন্ত ছোৰেনেহে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল । উল্লেখ্য যে হেমন্ত ছোৰেনে চতুৰ্থবাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈছে ।

কেবিনেটত কোনটো দলৰ পৰা কিমান মন্ত্ৰী ?

সূত্ৰ অনুসৰি কেৱল জে এম এম, কংগ্ৰেছ আৰু আৰ জে ডিৰ পৰা মন্ত্ৰী নিৰ্বাচিত হ’ব ।  ইয়াৰে ৬টজন জে এম এম, ৪জন কংগ্ৰেছ আৰু এজন আৰ জে ডিৰ পৰা হ’ব । আনহাতে আনখন মিত্ৰ দল চি পি আই (এম এল) (এল) মন্ত্ৰী পদ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে । তথ্য অনুসৰি হেমন্ত ছোৰেনে অকলে শপত লোৱাৰ কাৰণ হ’ল মিত্ৰজোঁটৰ মন্ত্ৰী পদৰ সন্দৰ্ভত একমতত উপনীত হ’ব পৰা নাছিল ।

এই বিধায়কসকল মন্ত্ৰী হোৱাৰ সম্ভাৱনা-

জে এম এমৰ সম্ভাৱ্য মন্ত্ৰীসকল-

-দীপক বিৰুৱা

-ৰামদাস ছোৰেন

-এম টি ৰাজা

-অনন্ত প্ৰতাপ দেৱ

-সবিতা মহতো

মন্ত্ৰী পদৰ দৌৰত বহু কংগ্ৰেছ বিধায়ক-

-ৰামেশ্বৰ ওৰাওঁ

-ইৰফান আনছাৰী

-নমন ভিক্সাল কংগাডি

-কুমাৰ জয়মংগল

-প্ৰদীপ যাদৱ

-শ্বেতা সিং

-দীপিকা পাণ্ডে সিং

-শিল্পী নেহা তিৰকে

৯ ডিচেম্বৰৰ পৰা ৰাজ্যিক বিধানসভাৰ বিশেষ অধিবেশন-

ৰাজ্যখনৰ চতুৰ্দশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সমান্তৰালকৈ হেমন্ত ছোৰেনে ঘোষণা কৰিছিল যে শীঘ্ৰে বিধানসভাৰ বিশেষ অধিৱেশনৰ আয়োজন কৰা হ’ব । ৯ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব । য’ত বিধায়কৰ পৰা শপত লোৱাৰ সমান্তৰালকৈ সদনত আস্থা ভোটো লাভ কৰিব পৰা যাব । ইয়াৰ পূৰ্বে কেবিনেট সম্প্ৰসাৰণ সন্দৰ্ভত জে এম এমৰ নেতা মনোজ পাণ্ডেই কয় যে ৰাজ্যত সুষম মন্ত্ৰীসভা গঠনৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে । তেওঁ কয় যে পাঁচজন বিধায়কৰ বিপৰীতে এজন মন্ত্ৰীৰ সূত্ৰৰ বিষয়ে আলোচনা চলি আছে ।

বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰে জে এম এম নেতৃত্বাধীন মিত্ৰজোঁটে-

শেহতীয়াকৈ ঝাৰখণ্ডত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতৃত্বাধীন কংগ্ৰেছ-আৰ জে ডি আৰু বাওঁপন্থীৰ মিত্ৰজোঁটে ৫৬খন আসন লাভ কৰিছিল । য’ত জে এম এমৰ সৰ্বাধিক ৩৪খন, কংগ্ৰেছে ১৬খন, আৰ জে ডিয়ে ৪খন আৰু চি পি আই (এমএল) (এল) দুখন আসন লাভ কৰে । আনহাতে বিৰোধী এন ডি এ মিত্ৰজোঁটে ৮১খন আসনৰ ভিতৰত মাত্ৰ ২৫খন আসনহে লাভ কৰে । ইয়াত বিজেপিয়ে ২১খন আসন আৰু আজছু, এল জে পি আৰ ভি, জে ডি ইউ আৰু জে কে এল এমে এখনকৈ আসন লাভ কৰে ।