এটা যুগৰ অন্ত ;ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু সোৰেনৰ দেহাৱসান

প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু সোৰেনৰ দেহাৱসান

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু সোৰেন আৰু নাই। ঝাৰখণ্ডৰ ‘গুৰুজী’ বা ‘দিশোম গুৰু’ নামেৰে বিখ্যাত শিবু ছ’ৰেনৰ আজি পৰলোকপ্ৰাপ্তি ঘটে।

দিল্লীৰ গংগাৰাম হাস্পতালত আজি পুৱা ৮.৫৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে শিবু ছ’ৰেনে।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ।কিডনী সম্পৰ্কীয় সমস্যাত ভুগি আছিল তেওঁ।

প্ৰায় ডেৰ মাহ পূৰ্বেও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ষ্ট্ৰোক হৈছিল আৰু প্ৰায় এমাহ ধৰি লাইফ চাপৰ্টত আছিল।তেওঁৰ মৃত্যুত ঝাৰখণ্ডকে ধৰি সমগ্ৰ দেশতে শোকৰ ছাপ পৰিছে।

জেএমএম অৰ্থাৎ ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠাপক আৰু পৃথক ঝাৰখণ্ড আন্দোলনৰ নেতা আছিল শিবু।ঝাৰখণ্ডৰ ‘দিশোম গুৰু’ শিবু ছ’ৰেনৰ অৱসান এক প্ৰকাৰে ঝাৰখণ্ডৰ ৰাজনীতিৰ এটা যুগৰ অন্ত হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।শিবু ছ’ৰেনৰ পুত্ৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনৰ সৈতেও ফোনযোগে কথা পাতিছিল।

শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে X ত লিখিছে, ”জনসাধাৰণৰ প্ৰতি অদম্য সমৰ্পণেৰে জনজীৱনত উত্থাপিত হোৱা তৃণমূল পৰ্যায়ৰ নেতা আছিল শিবু ছ’ৰেন জী”।

” বিশেষকৈ জনজাতীয় জনগোষ্ঠী, দৰিদ্ৰ আৰু অভাৱগ্ৰস্ত লোকসকলক সবলীকৰণৰ বাবে তেওঁ দায়বদ্ধ আছিল। তেওঁৰ মৃত্যু অতি দুখজনক”।

” তেখেতৰ পৰিয়াল আৰু অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন জীৰ সৈতে কথা পাতি শোক প্ৰকাশ কৰিছো। ওম শান্তি।”

লগতে পঢ়ক: তেজস্বী যাদৱৰ বাঢ়িছে বিপদ; নিৰ্বাচন আয়োগে জাৰি কৰিলে জাননী

ফাকুৱাৰ শোভাযাত্ৰাৰ সময়ত ২ টা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ; প্ৰতিবাদকাৰীয়ে জ্বলালে কেইবাখনো বাহন

শুকুৰবাৰে ঝাৰখণ্ডৰ গিৰিদিহ জিলাত হোলীৰ শোভাযাত্ৰাৰ সময়ত এক বৃহৎ হুলস্থূল সংঘটিত হৈছিল। গিৰিদিহত দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষত কেইবাজনো লোক আহত হয়।

জানিব পৰা মতে দুই পক্ষৰ মাজত শিল নিক্ষেপ কৰাৰ লগতে  কেইবাখনো দোকান আৰু বাহনত অগ্নি সংয়োগ কৰিছিল।

ঘটনাটোৰ খবৰ  পোৱাৰ পিছত, আৰক্ষী তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰতিবাদকাৰী সকলক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে।

এজন আৰক্ষী বিষয়াই কৈছিল যে যথেষ্ট পৰিমাণৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণত আছে।

বিষয়াজনে জনাইছে যে ঘটনাটো ঘোড়থাম্বাত সংঘটিত হৈছিল যেতিয়া হিন্দু সম্প্ৰদায়ৰ লোক সকলে অঞ্চলটোৰ মাজেৰে হোলীৰ শোভাযাত্ৰা কৰাৰ সময়ত একাংশই তাৰ বিৰোধিতা কৰিছিল।

যাৰ পিছত সংঘৰ্ষ আৰম্ভ হৈছিল আৰু দুয়োপক্ষই শিল নিক্ষেপ কৰিছিল।আৰক্ষীয়ে কৈছে যে তেওঁলোকে দুৰ্বৃত্তক চিনাক্ত কৰিবলৈ কাম কৰি আছে আৰু যিকোনো লোকে পৰিৱেশ ব্যাহত কৰিবলৈ চেষ্টা কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

বাতিল হ’ল দশম শ্ৰেণীৰ এই বিষয় সমূহৰ পৰীক্ষা;  সামাজিক মাধ্যমত ভাইৰেল প্ৰশ্নকাকত

ঝাৰখণ্ড একাডেমিক কাউন্সিলে বৃহস্পতিবাৰে দশম শ্ৰেণীৰ ব’ৰ্ডে হিন্দী আৰু বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে।

এই সিদ্ধান্তটো তেতিয়া লোৱা হৈছিল যেতিয়া এই বিষয়বোৰৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। জানিব পৰা মতে হিন্দী পৰীক্ষা ১৮ ফেব্ৰুৱাৰীত আৰু বিজ্ঞান পৰীক্ষা ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা আছিল।

ঝাৰখণ্ড একাডেমিক কাউন্সিলে এখন জাননী জাৰি কৰি কয় যে সামাজিক মাধ্যমত প্ৰশ্ন কাকত ভাইৰেল হোৱাৰ তথ্য লাভ কৰাৰ পিছতেই ১৮ আৰু ২০ ফেব্ৰুৱাৰীৰ পৰীক্ষা বাতিল কৰা হৈছে। জাননীখনত লগতে উল্লেখ কৰা হৈছে যে দুয়োটা বিষয়ৰ পৰীক্ষা পিছত পুনৰ অনুষ্ঠিত কৰা হ’ব।

বিক্ৰী কৰিব নোৱাৰিব গুটখা-পান মছলা, নিয়ম উলংঘা কৰিলেই ব্যৱস্থা ল’ব আৰক্ষীয়ে

ঝাৰখণ্ড চৰকাৰে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যখনত গুটখা আৰু পান মছলাৰ বিক্ৰী, মজুত আৰু খোৱাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে । এই বৃহৎ সিদ্ধান্তৰ কথা ঘোষণা কৰি ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ডাঃ ইৰফান আনছাৰীয়ে কয় যে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ সুস্থ ঝাৰখণ্ডৰ সপোন বাস্তৱায়িত কৰাৰ বাবে এই কঠিন পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই নিষেধাজ্ঞা কেৱল এটা নিয়ম নহয় বৰঞ্চ ঝাৰখণ্ডৰ যুৱক-যুৱতীসকলক ড্ৰাগছ আসক্তিৰ কবলৰ পৰা বচাবলৈ এক বৈপ্লৱিক পদক্ষেপ ।

মন্ত্ৰী ডাঃ আনছাৰীয়ে কয়, “স্বাস্থ্যৰ সৈতে খেলা কৰাটো কোনো মূল্যৰ বিনিময়ত সহ্য কৰা নহ’ব । গুটখা আৰু পান মছলাৰ বাবে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগ দ্ৰুতগতিত বৃদ্ধি পাইছে । আমাৰ যুৱক-যুৱতীসকল লাহে লাহে মৃত্যুৰ দিশে আগবাঢ়িছে আৰু মই তেওঁলোকক চকুৰ সন্মুখত মৃত্যু হোৱা চাব নোৱাৰো । চিকিৎসক হোৱাৰ বাবে মই জানো যে এই বিষাক্ত সামগ্ৰীয়ে শৰীৰৰ কিমানখিনি ক্ষতি কৰিব পাৰে । যেতিয়া জনসাধাৰণে মোক স্বাস্থ্যমন্ত্ৰী নিৰ্বাচিত কৰিছে, তেতিয়া মোৰ প্ৰথম কৰ্তব্য হ’ল তেওঁলোকৰ জীৱন ৰক্ষা কৰা ।”

গুটখা বিক্ৰী, মজুত বা সেৱন কৰা সকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে । গুটখা মাফিয়া আৰু অবৈধ ব্যৱসায়ীৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব । যদি কোনো দোকান, গুদাম বা ব্যক্তিত গুটখা পোৱা যায়, তেনেহ’লে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাই নহয়, গুদামটোও ছীল কৰা হ’ব । এই নিৰ্দেশ কঠোৰভাৱে পালন কৰিবলৈ স্বাস্থ্য বিভাগ আৰু প্ৰশাসনক কঠোৰ নিৰ্দেশনা দিয়া হৈছে ।

পত্নীৰ সৈতে কাজিয়াৰ পিছত বাইক লৈ কুঁৱাত জঁপিয়ালে স্বামীয়ে;বচাবলৈ গৈ আন ৪ জনৰ মৃত্যু

নৱবৰ্ষ প্ৰহিলা দিনটোতে ঝাৰখণ্ডৰ হাজৰিবাগৰ পৰা এটা আচৰিত ঘটনা পোহৰলৈ আহিছে । পত্নীৰ লগত কাজিয়া হোৱাত এজন মানুহে এটা কুঁৱাত জঁপিয়াই দিয়ে ।

ঘটনাটো হাজৰিবাগৰ চাৰ্হীত সংঘটিত হৈছে । সুন্দৰ কৰমালী নামৰ লোকজনে তেওঁৰ পত্নী ৰূপা দেৱীৰ সৈতে ঘৰুৱা কথাক লৈ কাজিয়াত লিপ্ত হয় । কাজিয়াৰ পিছত তেওঁৰ বাইকখনৰ সৈতে ওচৰতে থকা এটা কুঁৱাত জপিয়াই দিয়ে ।

কৰমালী বচাবলৈ গৈ চুবুৰীৰ আন তিনিজন ক্ৰমে ৰাহুল কৰমালী,বিনয় কাৰমালী, পংকজ কৰমালী আৰু সুৰজ ভূঞাইও কুঁৱাটোত জপিয়াই দিয়ে । কিন্তু দুৰ্ভাগ্যৱশতহ: কুঁৱাটোৰ ভিতৰত ৫ জন লোকৰে মৃত্যু হয় ।

ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। বহু সময়ৰ অভিযানৰ অন্তত অৱশেষত পাঁচোজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ঘটনাটোৰ পিছত অঞ্চলজুৰি চাঞ্চল্যই বিৰাজ কৰিছে।  

মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিলে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে, ঠাই দিলে ১১খন মুখক

আজি ঝাৰখণ্ডত কেবিনেট সম্প্ৰসাৰণ কৰিছে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে । তেওঁ মন্ত্ৰীসভাত ১১খন মুখক স্থান দিছে । ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰে ৰাজভৱনত মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱাব । আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগা বিধায়কসকলৰ ভিতৰত আছে মিত্ৰ দল কংগ্ৰেছ আৰু আৰ জে ডিৰ বিধায়ক । ঝাৰখণ্ড মুক্তি মৰ্চাৰ ৬ জন, কংগ্ৰেছৰ ৪ জন আৰু আৰ জে ডিৰ ১ জন বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । তৃতীয়বাৰৰ বাবে গোড্ডাৰ পৰা বিধায়ক হোৱা আৰ জে ডিৰ সঞ্জয় প্ৰসাদ যাদৱে শপত গ্ৰহণ কৰিব । তেওঁ বিজেপিৰ অমিত মণ্ডলক পৰাস্ত কৰিছিল । সঞ্জয় প্ৰসাদক লালু পৰিয়ালৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয় ।

কংগ্ৰেছৰ পৰা এই বিধায়কসকলে শপত গ্ৰহণ কৰিব-

-ইৰফান আনছাৰী

-শিল্পী নেহা তিৰকে

-দীপিকা পাণ্ডে সিং

-ৰাধা কৃষ্ণ কিশোৰ

জে এম এমৰ এই বিধায়কসকল হ’ব মন্ত্ৰী-

-সুদিব্য কুমাৰ সোণু (গিৰিদিহ)

-যোগেন্দ্ৰ প্ৰসাদ (গোমিয়া)

-চামৰা লিণ্ডা (বিষণপুৰ)

-ৰামদাস সোৰেন (ঘাটশিলা)

–দীপক বীৰৱা (চাইবাছা)

-হাফিজুল হাছান (মধুপুৰ)

ইফালে আৰ জে ডিৰ পৰা সঞ্জয় প্ৰসাদ যাদৱে মন্ত্ৰীসভাত স্থান লাভ কৰিছে ।

উল্লেখ্য যে ২৮ নৱেম্বৰত ঝাৰখণ্ডৰ চতুৰ্দশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ছোৰেনে । ৮১ জনীয়া ঝাৰখণ্ড বিধানসভাত ইণ্ডি  ব্লকে ৫৬খন আসন লাভ কৰাৰ বিপৰীতে বিজেপি নেতৃত্বাধীন এন ডি এয়ে ২৪খন আসন লাভ কৰিছিল । কেবিনেটৰ প্ৰথমখন বৈঠকত ৯-১২ ডিচেম্বৰলৈ বিধানসভাৰ অধিৱেশন আহ্বান কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

৫ ডিচেম্বৰত ঝাৰখণ্ডত ছোৰেন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, এই বিধায়কসকল মন্ত্ৰী হোৱাৰ সম্ভাৱনা !

৫ ডিচেম্বৰত ঝাৰখণ্ডত সম্প্ৰসাৰণ কৰা হ’ব ছোৰেন কেবিনেট । য’ত জে এম এম, কংগ্ৰেছ, আৰ জে ডি আৰু বাওঁপন্থীৰ বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰে । অৱশ্যে কোনটো দলৰ পৰা কিমান মন্ত্ৰী গঠন হ’ব সেয়া এতিয়াও প্ৰকাশ হোৱা নাই । আনহাতে, ইয়াৰ পূৰ্বে ২৮ নৱেম্বৰত ৰাজ্যখনত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত কেৱল হেমন্ত ছোৰেনেহে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল । উল্লেখ্য যে হেমন্ত ছোৰেনে চতুৰ্থবাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈছে ।

কেবিনেটত কোনটো দলৰ পৰা কিমান মন্ত্ৰী ?

সূত্ৰ অনুসৰি কেৱল জে এম এম, কংগ্ৰেছ আৰু আৰ জে ডিৰ পৰা মন্ত্ৰী নিৰ্বাচিত হ’ব ।  ইয়াৰে ৬টজন জে এম এম, ৪জন কংগ্ৰেছ আৰু এজন আৰ জে ডিৰ পৰা হ’ব । আনহাতে আনখন মিত্ৰ দল চি পি আই (এম এল) (এল) মন্ত্ৰী পদ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে । তথ্য অনুসৰি হেমন্ত ছোৰেনে অকলে শপত লোৱাৰ কাৰণ হ’ল মিত্ৰজোঁটৰ মন্ত্ৰী পদৰ সন্দৰ্ভত একমতত উপনীত হ’ব পৰা নাছিল ।

এই বিধায়কসকল মন্ত্ৰী হোৱাৰ সম্ভাৱনা-

জে এম এমৰ সম্ভাৱ্য মন্ত্ৰীসকল-

-দীপক বিৰুৱা

-ৰামদাস ছোৰেন

-এম টি ৰাজা

-অনন্ত প্ৰতাপ দেৱ

-সবিতা মহতো

মন্ত্ৰী পদৰ দৌৰত বহু কংগ্ৰেছ বিধায়ক-

-ৰামেশ্বৰ ওৰাওঁ

-ইৰফান আনছাৰী

-নমন ভিক্সাল কংগাডি

-কুমাৰ জয়মংগল

-প্ৰদীপ যাদৱ

-শ্বেতা সিং

-দীপিকা পাণ্ডে সিং

-শিল্পী নেহা তিৰকে

৯ ডিচেম্বৰৰ পৰা ৰাজ্যিক বিধানসভাৰ বিশেষ অধিবেশন-

ৰাজ্যখনৰ চতুৰ্দশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সমান্তৰালকৈ হেমন্ত ছোৰেনে ঘোষণা কৰিছিল যে শীঘ্ৰে বিধানসভাৰ বিশেষ অধিৱেশনৰ আয়োজন কৰা হ’ব । ৯ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব । য’ত বিধায়কৰ পৰা শপত লোৱাৰ সমান্তৰালকৈ সদনত আস্থা ভোটো লাভ কৰিব পৰা যাব । ইয়াৰ পূৰ্বে কেবিনেট সম্প্ৰসাৰণ সন্দৰ্ভত জে এম এমৰ নেতা মনোজ পাণ্ডেই কয় যে ৰাজ্যত সুষম মন্ত্ৰীসভা গঠনৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে । তেওঁ কয় যে পাঁচজন বিধায়কৰ বিপৰীতে এজন মন্ত্ৰীৰ সূত্ৰৰ বিষয়ে আলোচনা চলি আছে ।

বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰে জে এম এম নেতৃত্বাধীন মিত্ৰজোঁটে-

শেহতীয়াকৈ ঝাৰখণ্ডত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতৃত্বাধীন কংগ্ৰেছ-আৰ জে ডি আৰু বাওঁপন্থীৰ মিত্ৰজোঁটে ৫৬খন আসন লাভ কৰিছিল । য’ত জে এম এমৰ সৰ্বাধিক ৩৪খন, কংগ্ৰেছে ১৬খন, আৰ জে ডিয়ে ৪খন আৰু চি পি আই (এমএল) (এল) দুখন আসন লাভ কৰে । আনহাতে বিৰোধী এন ডি এ মিত্ৰজোঁটে ৮১খন আসনৰ ভিতৰত মাত্ৰ ২৫খন আসনহে লাভ কৰে । ইয়াত বিজেপিয়ে ২১খন আসন আৰু আজছু, এল জে পি আৰ ভি, জে ডি ইউ আৰু জে কে এল এমে এখনকৈ আসন লাভ কৰে ।