মায়াবিনী

পঞ্চভূতত বিলিন হ’ল জনতাৰ প্ৰাণৰ শিল্পী; মায়াবিনী গাই লাখ লাখ অনুৰাগীয়ে দিলে বিদায়

মায়াবিনী গাই লাখ লাখ অনুৰাগীয়ে দিলে বিদায় সকলোৰে বুকু শুদা কৰি কোনোদিন উভতি নহাৰ বাটেৰে গুচি গ’ল জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুচীৰ জুবিনক্ষেত্ৰত লাখ লাখ অনুৰাগীয়ে কান্দি কান্দি মায়াবিনী গীতটো গাই শেষ বিদায় দিলে জুবিনক। আকাশে বতাহে আজি কেৱল জুবিনৰেই গান। বৰ্ণাঢ্য জীৱন

মায়াবিনী গাই লাখ লাখ অনুৰাগীয়ে দিলে বিদায়

সকলোৰে বুকু শুদা কৰি কোনোদিন উভতি নহাৰ বাটেৰে গুচি গ’ল জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুচীৰ জুবিনক্ষেত্ৰত লাখ লাখ অনুৰাগীয়ে কান্দি কান্দি মায়াবিনী গীতটো গাই শেষ বিদায় দিলে জুবিনক।

আকাশে বতাহে আজি কেৱল জুবিনৰেই গান। বৰ্ণাঢ্য জীৱন পৰিক্ৰমা সামৰি মেলানি মাগিলে জুবিন গাৰ্গে।

সোণাপুৰৰ কমাৰকুছীত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ল জুবিনৰ অন্তেষ্টিক্ৰিয়া। চন্দন কাঠৰ শয্যাত শুই পঞ্চভূতত বিলিন হ’ল হাৰ্টথ্ৰৱ জুবিন গাৰ্গ।

কোটি কোটি জনতাৰ হৃদয়ত সাঁচ বহুৱাই চিৰদিনৰ বাবে মায়াবিনীৰ দেশলৈ গুচি গ’ল যুগনায়ক গৰাকী। স্তব্ধ হৈ পৰিল সমগ্ৰ অসম।  জুবিন গাৰ্গে সমগ্ৰ অসমবাসীক শিকাই গ’ল মানৱতা কি। পঞ্চভূতত বিলিন হৈও অমৰ হৈ ৰ’ল প্ৰাণৰ শিল্পী জুবিন।

লগতে পঢ়ত: সোণাপুৰত উপস্থিত জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহন