জ্বৰ,  উশাহ-নিশাহত কষ্ট…কভিডৰ দৰেই একেই লক্ষণ HMPV ভাইৰাছৰ; চীনত হাহাকাৰ

বিশ্বজুৰি ৭ নিযুতৰো অধিক লোকৰ মৃত্যু হোৱা মহামাৰী কোভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ পাঁচ বছৰ পিছত, চীনত আন এটা ভাইৰাছে হাহাকাৰ পৰিস্থিতিৰ সৃ্ষ্টি কৰিছে। এই ভইৰাছক মানৱ মেটাপ্নিউমোভাইৰাছ বা এইচ.এম.পি.ভি. বুলি কোৱা হয়। এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগীসকলৰ উশাহ-নিশাহত অসুবিধা আৰু ফ্লু-সদৃশ লক্ষণ দেখা পোৱা গৈছে। এইচ.এম.পি.

বিশ্বজুৰি ৭ নিযুতৰো অধিক লোকৰ মৃত্যু হোৱা মহামাৰী কোভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ পাঁচ বছৰ পিছত, চীনত আন এটা ভাইৰাছে হাহাকাৰ পৰিস্থিতিৰ সৃ্ষ্টি কৰিছে।

এই ভইৰাছক মানৱ মেটাপ্নিউমোভাইৰাছ বা এইচ.এম.পি.ভি. বুলি কোৱা হয়। এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগীসকলৰ উশাহ-নিশাহত অসুবিধা আৰু ফ্লু-সদৃশ লক্ষণ দেখা পোৱা গৈছে।

এইচ.এম.পি. ভাইৰাছৰ সংক্ৰমণ চীনত দ্ৰুতগতিত বিয়পি আছে আৰু বেছিভাগ শিশু আৰু বৃদ্ধ ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে।

ইয়াৰ ফলত কভিড ১৯ ৰ পিছত আন এক স্বাস্থ্য সংকটৰ গুৰুতৰ উদ্বেগ সৃষ্টি কৰিছে,  যিয়ে চুবুৰীয়া দেশসমূহক পৰিস্থিতিটো নিবিড়ভাৱে নিৰীক্ষণ কৰিবলৈ বাধ্য কৰিছে।

যোৱা মাহত, চীনে নিউমোনিয়াকে ধৰি শীতকালীন ৰোগৰ বাবে এক নিৰীক্ষণ প্ৰণালী আৰম্ভ কৰিছিল। চীনা স্বাস্থ্য বিষয়াসকলে বৰ্তমান এইচ.এম.পি.ভি.-ক এক কোভিড-১৯ ভাইৰাছ সদৃশ মহামাৰী হিচাপে গণ্য কৰা নাই।

ড্ৰেগনে ২০২৪ চনৰ ডিচেম্বৰত কৈছিল যে ই বীজাণুৰ মোকাবিলাৰ বাবে এটা প্ৰটোকল স্থাপন কৰিবলৈ গৈ আছে।  ‘

চীনৰ ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ প্ৰশাসনে কৈছিল শ্বাস-প্ৰশ্বাসৰ সমস্যা থকা ফ্লু ৰোগীৰ ঘটনাবোৰ পৰীক্ষাগাৰত জনোৱাৰ বাবে তেওঁলোক দায়বদ্ধ, আমি সেইবোৰ পৰীক্ষা আৰু পৰিচালনা কৰিবলৈ এটা প্ৰক্ৰিয়া স্থাপন কৰিম।

এটা চৰকাৰী বিবৃতিয়ে দেখুৱাইছে যে ১৬ ৰ পৰা ২২ ডিচেম্বৰৰ সপ্তাহত চীনত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সংখ্যা বৃদ্ধি পাইছে।জানিব পৰা মতে চীনত ইতিমধ্যে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।         

শেহতীয়া প্ৰৱন্ধসমূহ