যিকোনো ভাইৰাছ বা ফ্লুৰ পৰা হাত সৰাৰ বাবে অনুসৰণ কৰক এই ঘৰুৱা উপায়…শক্তিশালী হৈ থাকিব আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা

চীনত বিয়পি পৰা এইচ এম পি ভি ভাইৰাছ বৰ্তমান ভাৰততো আহি পাইছে । এই পৰ্যন্ত ইয়াৰ কেইবাটাও সংক্ৰমণৰ ঘটনা পোৱা গৈছে । হিউমেন মেটানিউমোভাইৰাছ হৈছে ফ্লুৰ সৈতে বহু মিল থকা সংক্ৰামক আৰু শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছ । ইয়াৰ লক্ষণসমূহ হ’ল চৰ্দি, জ্বৰ আৰু উশাহ-নিশাহ লোৱাত হোৱা কষ্ট ।

আন সকলো ভাইৰাছ বা ফ্লুৰ দৰে এইচ এম পি ভিয়েও বেছিকৈ সেইসকল লোকক আক্ৰান্ত কৰি আছে যাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল । সেইবাবেই স্বাস্থ্য বিশেষজ্ঞসকলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ পৰামৰ্শ দিছে । ইয়াৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন নাই । নিয়মিতভাৱে কিছুমান ঘৰুৱা উপায় চেষ্টা কৰিলে আপুনি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক শক্তিশালী কৰি তুলিব পাৰে । ই আপোনাক এইচ এম পি ভি আৰু ফ্লুৰ দৰে ভাইৰাছৰ পৰা ৰক্ষা কৰিব পাৰে ।

সাৰ পোৱাৰ পৰা শোৱালৈকে সলনি কৰক নিজৰ জীৱনশৈলী-

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত আপোনাৰ নিয়মীয়া জীৱনশৈলীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । প্ৰথমতে পুৱা সোনকালে অৰ্থাৎ পুৱা ৫-৬ বা ৭ বজাৰ ভিতৰত শোৱাৰ পৰা উঠিব । ইয়াৰ অৰ্থ এইটো নহয় যে আধা টোপনিৰ পৰা সাৰ পাব লাগে । প্ৰতিদিনে কমেও ৭ৰ পৰা ৮ ঘণ্টা টোপনি প্ৰয়োজনীয় । কাৰণ কম টোপনিয়ে শৰীৰত কৰ্টিছল হৰম’নৰ মাত্ৰা বৃদ্ধি কৰে, যাৰ ফলত মানসিক চাপ বৃদ্ধি পায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয় । গতিকে সোনকালে শোৱাৰ পৰা উঠিব আৰু সোনকালে শুবলৈ যাব । লগতে পৰ্যাপ্ত টোপনি লওক ।

ৰ’দ লওক, ব্যায়াম কৰক-

কেৱল পুৱা সোনকালে উঠিলেই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি নহয় । সাৰ পোৱাৰ পিছত নিয়মিতভাৱে যোগাসন, ব্যায়াম, খোজ কঢ়া আদি কাম কৰক । যদি সুযোগ পায় তেন্তে নিশ্চিতভাৱে কোমল হাতেৰে শৰীৰটো মালিচ কৰক । এই ধৰণৰ ৰুটিনে শৰীৰত এনজাইম আৰু হৰম’ন নিৰ্গত কৰে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত আৰু এইচ এম পি ভিৰ দৰে ভাইৰাছৰ পৰা ৰক্ষা কৰাত সহায় কৰে । পুৱা খোজ কঢ়া বা ৱৰ্কআউটৰ সময় এনেদৰে ৰাখিবলৈ চেষ্টা কৰক যাতে পুৱা কমেও ২০-৩০ মিনিট শৰীৰত সূৰ্যৰ পোহৰ পৰে । মেয়’ ক্লিনিকৰ দৰে বহু গৱেষণাত প্ৰমাণিত হৈছে যে পুৱাৰ সূৰ্যৰ পোহৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে ।

পুৱাৰ আহাৰ খাওক-

পুৱাৰ ব্ৰেকফাষ্ট ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়ক । আচলতে শৰীৰৰ বিপাকীয় ক্ৰিয়া যিমানেই ভাল হ’ব সিমানেই ৰোগ প্ৰতিৰোধ ক্ষমতাও উন্নত হ’ব । ইয়াৰ বাবে ব্ৰেকফাষ্টৰ প্ৰয়োজন । প্ৰতি চাৰি ঘণ্টাৰ মূৰে মূৰে স্বাস্থ্যসন্মত কিবা এটা খাই থাকিব লাগে । গাখীৰ, পনীৰ, দৈ বা মাখন প্ৰতিদিনে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে । এইবোৰে শৰীৰত ভাল বেক্টেৰিয়া প্ৰদান কৰে, যিয়ে আপোনাক বেমাৰত পৰিবলৈ নিদিয়ে ।

এইবোৰ বস্তু আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক-

যদি আপুনি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি শক্তিশালী কৰিব বিচাৰে তেন্তে হালধি, আদা আৰু টেঙা ফল আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰক । হালধি, অশ্বগন্ধা আৰু আদাৰ দৰে বনৌষধিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, শৰীৰক সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰে । নিয়মীয়াকৈ সেৱন কৰিলে সংক্ৰমণৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায় । আপুনি দৈনন্দিন খাদ্যত নেমু, কমলা, মৌচুমীৰ দৰে কিছুমান ছাইট্ৰাছ ফল অন্তৰ্ভুক্ত কৰিব পাৰে । যদি আপুনি এই কাম কৰিব নোৱাৰে তেন্তে প্ৰতিদিনে এটাকৈ আমলখি খাওক । ছাইট্ৰাছ ফলত ভিটামিন চিৰ ভাল উৎস, যিয়ে ফ্ৰী ৰেডিকেলৰ প্ৰভাৱ হ্ৰাস কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

পানী কম হ’বলৈ নিদিব-

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ আটাইতকৈ সহজ আৰু উত্তম উপায় হ’ল প্ৰচুৰ পৰিমাণে পানী খোৱা । যিমানেই বেছি পানী খাব সিমানেই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰি যাব । ইয়াৰ ফলত আপুনি সংক্ৰমণৰ পৰা মুক্ত হৈ থাকিব । দিনটোত এবাৰ বা দুবাৰ মৌ বা তুলসীৰ পানী খাবলৈ আৰম্ভ কৰক, ইয়াৰ ফলত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’ব । ইয়াৰ উপৰিও গ্ৰীণ টিও খাব পাৰে ।

(প্ৰতিবেদনত দিয়া কিছু তথ্য সংবাদ মাধ্যমৰ বাতৰিৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে । যিকোনো পৰামৰ্শ কাৰ্যকৰী কৰাৰ পূৰ্বে সংশ্লিষ্ট বিশেষজ্ঞৰ পৰামৰ্শ লওক ।)

সাৱধান দেশবাসী ; ভাৰতত প্ৰৱেশ HMPV ৰ ভাইৰাছ, ধৰা পৰিছে প্ৰথমটো কেচ

চীনত এইচএমপিভি ভাইৰাছ দ্ৰুতগতিত বিয়পি আছে। এইচ.এম.পি.ভি. ভাইৰাছে ধ্বংসৰ সৃষ্টি কৰিছে। এতিয়া সেই ভাইৰাছে চীনৰ বাহিৰতো বিয়পি পৰিছে। চীনৰ এইচ.এম.পি.ভি. ভাইৰাছে এতিয়া ভাৰতত প্ৰৱেশ কৰিছে।

এইচ.এম.পি.ভি.-ৰ প্ৰথম ঘটনাটো ভাৰতত এটা আঠ মাহৰ কেঁচুৱাৰ ক্ষেত্ৰত পোৱা গৈছে। এইচ.এম.পি.ভি.-ৰ প্ৰথম ঘটনাটো পোৱাৰ পিছত দেশত এক আলোড়ন সৃষ্টি হৈছে।

বেংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছে ৮ মহিয়া শিশুটি যাৰ দেহত এইচ.এম.পি.ভি. অৰ্থাৎ হিউমেন মেটাপ্নিউমোভাইৰাছ থকাটো নিশ্চিত কৰা হৈছে।

আশ্চৰ্যজনকভাৱে, শিশুটোৰ কোনো ভ্ৰমণ ইতিহাস নাই। অৰ্থাৎ, তেওঁৰ পৰিয়ালৰ কোনো লোক চীন বা আন কোনো ঠাইলৈ ভ্ৰমণৰ বাবে যোৱা নাই।

চিকিৎসালয়ৰ পৰীক্ষাগাৰত কৰা পৰীক্ষাই শিশুটোৰ শৰীৰত এইচ.এম.পি.ভি. ভাইৰাছ নিশ্চিত কৰিছে। কৰ্ণাটকৰ স্বাস্থ্য বিভাগে এই তথ্য কেন্দ্ৰীয় চৰকাৰক দিছে।

অৱশ্যে, এইটো এতিয়াও স্পষ্ট নহয় যে চীনত দ্ৰুতগতিত বৃদ্ধি পোৱা এইটো এইচ.এম.পি.ভি.য়েই ভাৰতত পোৱা  এইচ.এম.পি.ভি. একেই।

ইয়াত উল্লেখ কৰাটো গুৰুত্বপূৰ্ণ যে এইচ.এম.পি.ভি.-য়ে বেছিভাগ শিশু আৰু বৃদ্ধসকলক লক্ষ্য কৰে। চীনতো, বেছিভাগ শিশুৰ ক্ষেত্ৰত এই ভাইৰাছ পোৱা গৈছে। ইয়াৰ লক্ষণবোৰ কৰোনাৰ দৰে একে। এই ৰোগত চৰ্দি আৰু কাহও হয়।

হিউমেন মেটাপ্নিউমোভাইৰাছ (এইচপিপিভি) হৈছে এক আৰএনএ ভাইৰাছ। এইটো এক প্ৰকাৰ কৰোনাৰ দৰে ভাইৰেছ। মানৱ মেটাপ্নিউমোভাইৰাছ হৈছে এক সাধাৰণ শ্বাসতন্ত্ৰৰ ভাইৰাছ। এই ভাইৰাছটো এক প্ৰকাৰে ঋতুগত।

ইয়াৰ প্ৰভাৱ সাধাৰণতে শীত আৰু বসন্তকালত দেখা যায়। এইটো ঠিক ফ্লুৰ দৰে। এই মেটাপ্নিউমোভাইৰাছে চীনত ইতিমধ্যে ধ্বংসযজ্ঞ চলাই আছে। এই ভাইৰাছে এতিয়া এক বিপদজনক ৰূপ লৈছে চীনত।

লাখ লাখ মানুহ ইয়াৰ কবলত আহিছে।তাৰ চিকিৎসালয়বোৰত অত্যাধিক ৰোগীয়ে এতিয়া ভিৰ কৰিছে। অৱশ্যে, চীনে এতিয়ালৈকে ইয়াৰ ধ্বংসৰ কথা অস্বীকাৰ কৰিছে।

এই ভাইৰাছটো ১৯৫৮ চনৰ পৰা পৃথিৱীত আছে। কিন্তু ২০০১ চনত বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে ইয়াক আৱিষ্কাৰ কৰে। এতিয়ালৈকে, ইয়াৰ ভেকছিন প্ৰস্তুত কৰা হোৱা নাই।

জ্বৰ,  উশাহ-নিশাহত কষ্ট…কভিডৰ দৰেই একেই লক্ষণ HMPV ভাইৰাছৰ; চীনত হাহাকাৰ

বিশ্বজুৰি ৭ নিযুতৰো অধিক লোকৰ মৃত্যু হোৱা মহামাৰী কোভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ পাঁচ বছৰ পিছত, চীনত আন এটা ভাইৰাছে হাহাকাৰ পৰিস্থিতিৰ সৃ্ষ্টি কৰিছে।

এই ভইৰাছক মানৱ মেটাপ্নিউমোভাইৰাছ বা এইচ.এম.পি.ভি. বুলি কোৱা হয়। এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগীসকলৰ উশাহ-নিশাহত অসুবিধা আৰু ফ্লু-সদৃশ লক্ষণ দেখা পোৱা গৈছে।

এইচ.এম.পি. ভাইৰাছৰ সংক্ৰমণ চীনত দ্ৰুতগতিত বিয়পি আছে আৰু বেছিভাগ শিশু আৰু বৃদ্ধ ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে।

ইয়াৰ ফলত কভিড ১৯ ৰ পিছত আন এক স্বাস্থ্য সংকটৰ গুৰুতৰ উদ্বেগ সৃষ্টি কৰিছে,  যিয়ে চুবুৰীয়া দেশসমূহক পৰিস্থিতিটো নিবিড়ভাৱে নিৰীক্ষণ কৰিবলৈ বাধ্য কৰিছে।

যোৱা মাহত, চীনে নিউমোনিয়াকে ধৰি শীতকালীন ৰোগৰ বাবে এক নিৰীক্ষণ প্ৰণালী আৰম্ভ কৰিছিল। চীনা স্বাস্থ্য বিষয়াসকলে বৰ্তমান এইচ.এম.পি.ভি.-ক এক কোভিড-১৯ ভাইৰাছ সদৃশ মহামাৰী হিচাপে গণ্য কৰা নাই।

ড্ৰেগনে ২০২৪ চনৰ ডিচেম্বৰত কৈছিল যে ই বীজাণুৰ মোকাবিলাৰ বাবে এটা প্ৰটোকল স্থাপন কৰিবলৈ গৈ আছে।  ‘

চীনৰ ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ প্ৰশাসনে কৈছিল শ্বাস-প্ৰশ্বাসৰ সমস্যা থকা ফ্লু ৰোগীৰ ঘটনাবোৰ পৰীক্ষাগাৰত জনোৱাৰ বাবে তেওঁলোক দায়বদ্ধ, আমি সেইবোৰ পৰীক্ষা আৰু পৰিচালনা কৰিবলৈ এটা প্ৰক্ৰিয়া স্থাপন কৰিম।

এটা চৰকাৰী বিবৃতিয়ে দেখুৱাইছে যে ১৬ ৰ পৰা ২২ ডিচেম্বৰৰ সপ্তাহত চীনত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সংখ্যা বৃদ্ধি পাইছে।জানিব পৰা মতে চীনত ইতিমধ্যে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।         

‘ভাৰত সম্পূৰ্ণৰূপে প্ৰস্তুত’…চীনত hMPVৰ ক্ৰমবৰ্ধমান আক্ৰমণ সন্দৰ্ভত চৰকাৰৰ প্ৰতিক্ৰিয়া,গাইডলাইন জাৰি

চীনত হিউমেন মেটাপনিউমোভাইৰাছ (hMPV)ৰ দ্রুত সংক্রমণে কৰ’না ভাইৰাছৰ দৰে মহামাৰীলৈ পৰিণত হ’ব পাৰে বুলি আশংকা সৃষ্টি কৰিছে ৷ ভাৰততো এই সন্দৰ্ভত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে । শেহতীয়া পৰিঘটনাত চৰকাৰে এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰত সম্পূৰ্ণ প্ৰস্তুত বুলি কৈছে আৰু আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলি জনাইছে । একে সময়তে তেলেংগানা চৰকাৰে গাইডলাইন জাৰি কৰিছে । অৱশ্যে এই পৰ্যন্ত ৰাজ্যখনত কোনো এই ভাইৰাছত আক্ৰান্ত হোৱা নাই ।

তেলেংগানা ৰাজ্যিক স্বাস্থ্য মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে চীনৰ পৰা অহা হিউমেন মেটাপনিউমোভাইৰাছ (hMPV)ৰ প্ৰতিবেদন ৰাজ্যখনত তীক্ষ্ণ দৃষ্টিৰে চোৱা-চিতা কৰা হৈছে আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সহযোগত পৰিস্থিতি নিৰীক্ষণ কৰা হৈছে । উৰাবাতৰি পৰিহাৰ কৰি সাৱধানতা অৱলম্বন কৰিবলৈ স্বাস্থ্য বিভাগে আহ্বান জনাইছে ।

তেলেংগানাত hMPVৰ কোনো ৰোগীৰ ৰিপৰ্ট পোৱা হোৱা নাই-

তেলেংগানা স্বাস্থ্য বিভাগে ৰাজ্যখনত শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ তথ্য বিশ্লেষণ কৰিছিল আৰু দেখিছিল যে ডিচেম্বৰ ২০২৪ ৰ তুলনাত ২০২৩ চনৰ ডিচেম্বৰত সংক্ৰমণৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ বৃদ্ধি হোৱা নাই ।

সতৰ্কতামূলক নিৰ্দেশনা-

স্বাস্থ্য বিভাগে নাগৰিকসকলক তলত উল্লেখ কৰা সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে আৰু শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ প্ৰতিৰোধৰ বাবে নিৰ্দেশনা জাৰি কৰিছে-

কি কৰিব লাগে :

-কাহ বা হাঁচিৰ সময়ত মুখ আৰু নাক ৰুমাল বা টিছুৰে ঢাকি ৰাখক ।

-সঘনাই চাবোন আৰু পানীৰে হাত ধুব লাগে বা এলক’হল ভিত্তিক চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে ।

-ভিৰ কৰা ঠাই পৰিহাৰ কৰক আৰু ফ্লুৰ দ্বাৰা আক্ৰান্ত লোকৰ পৰা দূৰত্ব বজাই ৰাখক ।

-জ্বৰ, কাহ বা হাঁচি হ’লে ৰাজহুৱা স্থানলৈ যোৱাৰ পৰা বিৰত থাকক ।

-প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু পুষ্টিকৰ খাদ্য খাব লাগে ।

-সকলো ঠাইতে পৰ্যাপ্ত পৰিমাণৰ বায়ু চলাচল নিশ্চিত কৰক ।

-অসুস্থ হ’লে ঘৰতে থাকক আৰু আনৰ সৈতে যোগাযোগ সীমিত কৰক ।

-পৰ্যাপ্ত টোপনি লওক ।

কি নকৰিব-

-হাত মিলোৱাৰ পৰা বিৰত থাকক ।

-টিছু পেপাৰ বা ৰুমাল বাৰে বাৰে ব্যৱহাৰ নকৰিব ।

-ৰোগীৰ সংস্পৰ্শলৈ নাহিব ।

-চকু, নাক আৰু মুখ সঘনাই স্পৰ্শ কৰাৰ পৰা বিৰত থাকক ।

-ৰাজহুৱা স্থানত থু পেলোৱাৰ পৰা বিৰত থাকক ।

-চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ গ্ৰহণ নকৰিব ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ে কি ক’লে ?

চীনত এইচ এম পি ভি (হিউমেন মেটানিউমোভাইৰাছ)ৰ সন্দেহজনক প্ৰাদুৰ্ভাৱক লৈ উত্তেজনাৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মানুহক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে আৰু আশ্বাস দিছে যে ভাৰতে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ ভালদৰে প্ৰস্তুত আৰু চীনৰ পৰিস্থিতি অস্বাভাৱিক নহয় ।

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ডি জি এইচ এছ আৰু নেচনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল (এন চি ডি চি)ৰ সঞ্চালকে এই বিবৃতি প্ৰকাশ কৰে । বিবৃতিটোত কোৱা হৈছে যে মেটাপনিউমোভাইৰাছ (hMPV) হৈছে এক সাধাৰণ শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ ভাইৰাছ যিয়ে শীতকালত চৰ্দি আৰু ফ্লুৰ দৰে লক্ষণৰ সৃষ্টি কৰে । বিশেষকৈ সৰু ল’ৰা-ছোৱালী আৰু বৃদ্ধ লোকৰ এই ৰোগ হয় ।

স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান ডাঃ অতুল গোৱেলে কয় যে আতংকিত হ’বলগীয়া একো নাই । মেটাপনিউমোভাইৰাছ আন যিকোনো শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছৰ দৰে যিয়ে সাধাৰণ চৰ্দিৰ সৃষ্টি কৰে; ইয়াৰ ফলত অতি বয়সীয়াল আৰু যুৱক-যুৱতীসকলৰ ফ্লুৰ দৰে লক্ষণ দেখা দিব পাৰে ।

ক’ৰনাৰ পিছত এইবাৰ চীনত HMPV ভাইৰাছ, চিকিৎসালয়ত ভৰ্তি হৈছে ৰোগী !

এই ভাইৰাছে সাধাৰণতে চৰ্দিৰ দৰে লক্ষণ দেখা দিয়ে। এই ভাইৰাছে সৰু ল’ৰা-ছোৱালী, বৃদ্ধ আৰু দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকসকলক বেছিকৈ আক্ৰান্ত কৰিছে। আৰু ইয়াৰ বাবেই এইসকল লোকো গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে।
চীনত কৰণা ভাইৰাছে সৃষ্টি কৰা ধ্বংসলীলাৰ পিছতে এইবাৰ চীনত ধৰা পৰিছে এক নতুন ভাইৰাছে। চীনৰ মানুহ হিউমেন মেটাপনিউমোভাইৰাছ (HMPV) আৰু আন বহুতো বিপজ্জনক ভাইৰাছৰ চিকাৰ হৈছে। যি ভাইৰাছৰ দ্বাৰা বেছিভাগ লোক অসুস্থ হৈ পৰিছে, সেইবোৰৰ ভিতৰত ইনফ্লুৱেঞ্জা এ আৰু মাইকোপ্লাজমা আদি ভাইৰাছ অন্যতম।
HMPV হৈছে এনে এটা ভাইৰাছ যিয়ে সাধাৰণতে চৰ্দিৰ দৰে লক্ষণৰ সৃষ্টি কৰে। সৰু ল’ৰা-ছোৱালী, বৃদ্ধ আৰু দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকৰ ওপৰত এই ভাইৰাছে সৰ্বাধিক প্ৰভাৱ পেলাইছে আৰু ইয়াৰ বাবেই এইসকল লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। এই ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ বাবে ৰোগীয়ে কাঁহ, জ্বৰ, নাক বন্ধ হোৱা আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। এই ভাইৰাছৰ বাবে ৰোগীয়ে নিউমোনিয়া, ব্ৰংকিঅ’লাইটিছৰ দৰে গুৰুতৰ ৰোগতো ভুগিবলগীয়া হয়।
চীনত এই ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বহু চৰ্চা চলিছে যদিও WHO-এ এতিয়ালৈকে এই বিষয়ে একো কোৱা নাই। আনকি চীনত এনে কোনো ভাইৰাছৰ অস্তিত্ব নিশ্চিত কৰা নাই WHO-এ।

সাৱধান ;  আহি আছে কভিডতকৈও অধিক ভয়ংকৰ ভাইৰাছ

বিশ্বত পুনৰ নতুন ভাইৰাছৰ আতংকৰ সৃষ্টি হৈছে। ইতিমধ্যে চীনত এই ভাইৰাছে দ্ৰুতগতিত বিয়পি পৰিছে। দেশখনত কৰ’ণা ভাইৰাছৰ দৰে পুনৰ সন্ত্ৰাস চলাইছে HMPV ভাইৰাছে।

এই ভাইৰাছৰ বাবে পুনৰ চীনত জাৰি কৰা হৈছে হাই এলাৰ্ট। একাংশই দাবী কৰিছে যে দেশখনৰ চিকিৎসালয় আৰু শ্মশানত এই ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীয়ে ভিৰ কৰিছে।

চীনৰ পৰা অহা এই খবৰৰ পিছত পুনৰ আতংকিত হৈছে বিশ্ববাসী। হিউমেন মেটানিউমন ভাইৰাছৰ বাবে জাৰি হাই এলাৰ্ট। জানিব পৰা মতে কৰ’ণা ভাইৰাছৰ দৰে ১৪ বছৰৰ তলৰ শিশুৰ বাবে অধিক ভয়াবহ এই ভাইৰাছ।

শীতৰ সময়ত অধিক সংক্ৰমিত হোৱা এই ভাইৰাছ অধিক ভয়াৱহ। এই ভাইৰাছৰ লক্ষণ সমূহ হৈছে- পানী  লগাসদৃশ জ্বৰ, উশাহ নিঃশাহ লোৱাত কষ্ট,হাপানীৰ তীব্ৰতা বৃদ্ধিও এই ৰোগৰ লক্ষণ। ইয়াৰ বাবে সঘনাই হাত ধুই থকাৰ আহ্বান চিকিৎসকৰ।