এই ভাইৰাছে সাধাৰণতে চৰ্দিৰ দৰে লক্ষণ দেখা দিয়ে। এই ভাইৰাছে সৰু ল’ৰা-ছোৱালী, বৃদ্ধ আৰু দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকসকলক বেছিকৈ আক্ৰান্ত কৰিছে। আৰু ইয়াৰ বাবেই এইসকল লোকো গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে।
চীনত কৰণা ভাইৰাছে সৃষ্টি কৰা ধ্বংসলীলাৰ পিছতে এইবাৰ চীনত ধৰা পৰিছে এক নতুন ভাইৰাছে। চীনৰ মানুহ হিউমেন মেটাপনিউমোভাইৰাছ (HMPV) আৰু আন বহুতো বিপজ্জনক ভাইৰাছৰ চিকাৰ হৈছে। যি ভাইৰাছৰ দ্বাৰা বেছিভাগ লোক অসুস্থ হৈ পৰিছে, সেইবোৰৰ ভিতৰত ইনফ্লুৱেঞ্জা এ আৰু মাইকোপ্লাজমা আদি ভাইৰাছ অন্যতম।
HMPV হৈছে এনে এটা ভাইৰাছ যিয়ে সাধাৰণতে চৰ্দিৰ দৰে লক্ষণৰ সৃষ্টি কৰে। সৰু ল’ৰা-ছোৱালী, বৃদ্ধ আৰু দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকৰ ওপৰত এই ভাইৰাছে সৰ্বাধিক প্ৰভাৱ পেলাইছে আৰু ইয়াৰ বাবেই এইসকল লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। এই ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ বাবে ৰোগীয়ে কাঁহ, জ্বৰ, নাক বন্ধ হোৱা আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। এই ভাইৰাছৰ বাবে ৰোগীয়ে নিউমোনিয়া, ব্ৰংকিঅ’লাইটিছৰ দৰে গুৰুতৰ ৰোগতো ভুগিবলগীয়া হয়।
চীনত এই ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বহু চৰ্চা চলিছে যদিও WHO-এ এতিয়ালৈকে এই বিষয়ে একো কোৱা নাই। আনকি চীনত এনে কোনো ভাইৰাছৰ অস্তিত্ব নিশ্চিত কৰা নাই WHO-এ।
ক’ৰনাৰ পিছত এইবাৰ চীনত HMPV ভাইৰাছ, চিকিৎসালয়ত ভৰ্তি হৈছে ৰোগী !
এই ভাইৰাছে সাধাৰণতে চৰ্দিৰ দৰে লক্ষণ দেখা দিয়ে। এই ভাইৰাছে সৰু ল’ৰা-ছোৱালী, বৃদ্ধ আৰু দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকসকলক বেছিকৈ আক্ৰান্ত কৰিছে। আৰু ইয়াৰ বাবেই এইসকল লোকো গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে।চীনত কৰণা ভাইৰাছে সৃষ্টি কৰা ধ্বংসলীলাৰ পিছতে এইবাৰ চীনত ধৰা পৰিছে এক নতুন ভাইৰাছে।
শেহতীয়া প্ৰৱন্ধসমূহ

সৰ্বদলীয় বৈঠকত টিএমচি বিদ্ৰোহী সাংসদৰ আমন্ত্ৰক লৈ তীব্ৰ ক্ষোভ বিৰোধীৰ
Time8
July 19, 2026

পুনৰ মমতা বেনাৰ্জীৰ মোক্ষম আঘাত; সাংসদ পদ ত্যাগ কোয়েল মল্লিকৰ
Time8
July 16, 2026


‘মই মমতা বেনাৰ্জীৰ দৰে দুৰ্বল মুখ্যমন্ত্ৰী নহয়’; শুভেন্দু অধিকাৰীৰ হুংকাৰ
Time8
July 10, 2026
Your Ad Here




