বলীউড অভিনেত্ৰী বাণী কাপুৰৰ ছবি ‘আবিৰ গুলাল’ৰ সৈতে জড়িত এটা ডাঙৰ খবৰ আহিছে।পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতত নিষেধাজ্ঞা কৰা হ’ল ফাৱাদ খান-বাণী কাপুৰ অভিনীত ছবি আবিৰ গুলাল।ভাৰত চৰকাৰে ইয়াৰ লগতে সকলো পাকিস্তানী শিল্পীৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লক কৰিছে।
তাৰ মাজতে, বলীউডৰ অভিনেত্ৰী বাণী কাপুৰৰ ছ’চিয়েল মিডিয়া একাউণ্টত ফাৱাদৰ সৈতে থকা ছবিখনৰ সকলো পোষ্ট নোহোৱা হৈছে।
ফাৱাদৰ লগতে ছবি আবিৰ গুলালৰ সৈতে জড়িত সকলো পোষ্ট তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰাও নোহোৱা হৈ গৈছে।
তেওঁৰ আগন্তুক ছবি আবিৰ গুলালৰ সৈতে জড়িত বাণীৰ পোষ্টটো হঠাতে নোহোৱা হোৱা দেখি মানুহে অনুমান কৰিছে যে, হয়তো বাণীয়ে নিজেই এই প্ৰজেক্টৰ পৰা নিজকে আঁতৰাই ৰাখিছে।কিন্তু কথা অন্য ধৰণৰ, বাণীয়ে নিজে ডিলিট কৰা নাই এই পোষ্টবোৰ।
দৰাচলতে ভাৰত চৰকাৰে ফাৱাদ খানৰ ইনষ্টাগ্ৰাম একাউণ্ট নিষিদ্ধ কৰাৰ পিছত তেওঁৰ লগত জড়িত সকলো পোষ্ট বাণীৰ প্ৰফাইলৰ পৰা স্বয়ংক্ৰিয়ভাৱে নোহোৱা হৈ গৈছে।









