শ্ৰেয়াছ আয়াৰক অধিনায়ক হিচাপে নিযুক্তি পঞ্জাব কিংছৰ,

শ্ৰেয়াছ আয়াৰক অধিনায়ক হিচাপে নিযুক্তি পঞ্জাব কিংছৰ,  আই পি এল ২০২৫ৰ পূৰ্বে কাক জনালে ধন্যবাদ

আই পি এল ২০২৫ৰ পূৰ্বে পঞ্জাব কিংছে শ্ৰেয়াছ আয়াৰক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে । দেওবাৰে নিশা পঞ্জাব কিংছে এই কথা ঘোষণা কৰে । ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছৰ অংশ আছিল আয়াৰ । যোৱা ছিজনতো শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বতত কলকাতা নাইট ৰাইডাৰ্ছে খিতাপ দখল কৰিছিল ।

আই পি এল ২০২৫ৰ পূৰ্বে পঞ্জাব কিংছে শ্ৰেয়াছ আয়াৰক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে । দেওবাৰে নিশা পঞ্জাব কিংছে এই কথা ঘোষণা কৰে । ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছৰ অংশ আছিল আয়াৰ । যোৱা ছিজনতো শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বতত কলকাতা নাইট ৰাইডাৰ্ছে খিতাপ দখল কৰিছিল । আয়াৰৰ কথা ক’বলৈ গ’লে অভিজ্ঞ খেলুৱৈ হোৱাৰ উপৰিও তেওঁ এজন ভাল অধিনায়কো । আয়াৰৰ লগতে পঞ্জাব কিংছে ৰিকি পণ্টিঙকো গুৰুত্বপূৰ্ণ দায়িত্ব দিছে । পণ্টিঙক দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।

পঞ্জাবে এক্স (টুইটাৰ)ত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । ইয়াৰ জৰিয়তে দলটোৱে আয়াৰক অধিনায়ক নিযুক্তি দিয়াৰ বিষয়ে তথ্য ভাগ-বতৰা কৰিছে । অধিনায়ক হোৱাৰ বাবে দলটোৰ লগতে অনুৰাগীকো ধন্যবাদ জনাইছে আয়াৰে । তেওঁ সঁচাকৈয়ে মোৰ মনটো ভাল লাগিছে বুলিও কয় । তেওঁ কয়, মোৰ ওপৰত বিশ্বাস দেখুওৱা অনুৰাগী, দল আৰু প্ৰশিক্ষকসকলক ধন্যবাদ । আমি আমাৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াম । নিলামত ভাল কাম কৰিছে প্ৰশিক্ষক আৰু মেনেজমেণ্টে । আমাৰ খেলুৱৈৰ ভাল সংমিশ্ৰণ আছে ।

পঞ্জাবে পণ্টিঙৰ হাতত অৰ্পণ কৰিলে গুৰু দায়িত্ব-

শ্ৰেয়াছ আয়াৰক অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ সমান্তৰালকৈ পঞ্জাব কিংছে ৰিকি পণ্টিঙকো ডাঙৰ দায়িত্ব দিছে । দলটোৱে পণ্টিংক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে । ২০২৪ চনৰ ডিচেম্বৰ মাহত পণ্টিঙে পঞ্জাব কিংছত যোগদান কৰে । ইয়াৰ পূৰ্বে তেওঁ দিল্লী কেপিটেলছৰ সৈতে আছিল । পণ্টিঙে আয়াৰৰ বিষয়ে কয়, শ্ৰেয়াছৰ খেলৰ বিষয়ে ভাল ধাৰণা আছে । তেওঁ নিজৰ অধিনায়কত্ব প্ৰমাণ কৰিছে । ইয়াৰ আগতেও আই পি এলত আয়াৰৰ সৈতে ভাল সময় কটালোঁ ।

শ্ৰেয়াছ আয়াৰৰ অভিলেখ-

আই পি এলত এতিয়ালৈকে ১১৫খন মেচ খেলিছে আয়াৰে । এই সময়ছোৱাত তেওঁ ৩১২৭ ৰান সংগ্ৰহ কৰিছে । প্ৰতিযোগিতাখনত ২১টা অৰ্ধশতক অৰ্জন কৰিছে আয়াৰে । তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে ৯৬ ৰান । যোৱা ছিজনত ১৪খন মেচত ৩৫১ ৰান সংগ্ৰহ কৰিছিল তেওঁ । আনহাতে আই পি এল ২০২২ত তেওঁ ৪০১ ৰান সংগ্ৰহ কৰিছিল আয়াৰে ।

শেহতীয়া প্ৰৱন্ধসমূহ