মোদী চৰকাৰৰ ডাঙৰ সাফল্য, ইউ পি আইৰ ৰজা হৈ পৰিছে ভাৰত...

মোদী চৰকাৰৰ ডাঙৰ সাফল্য, ইউ পি আইৰ ৰজা হৈ পৰিছে ভাৰত…

আৰু মাত্ৰ কেইটামান ঘন্টাৰ পাছতেই সময়ৰ সোঁতত বিলীন নহৈ যাব ২০২৪ বৰ্ষ । এই সময়ছোৱাত যদি আমি পিছলৈ ঘূৰি চাওঁ, তেন্তে এই বছৰ ভাৰতে বহু ক্ষেত্ৰত বৃহৎ সাফল্য লাভ কৰিছে । ইয়াৰ ভিতৰত দীৰ্ঘ দূৰত্বৰ হাইপাৰছ’নিক মিছাইলৰ সফল পৰীক্ষণৰ পৰা আৰম্ভ কৰি ঔষধ উৎপাদন খণ্ডত

আৰু মাত্ৰ কেইটামান ঘন্টাৰ পাছতেই সময়ৰ সোঁতত বিলীন নহৈ যাব ২০২৪ বৰ্ষ । এই সময়ছোৱাত যদি আমি পিছলৈ ঘূৰি চাওঁ, তেন্তে এই বছৰ ভাৰতে বহু ক্ষেত্ৰত বৃহৎ সাফল্য লাভ কৰিছে । ইয়াৰ ভিতৰত দীৰ্ঘ দূৰত্বৰ হাইপাৰছ’নিক মিছাইলৰ সফল পৰীক্ষণৰ পৰা আৰম্ভ কৰি ঔষধ উৎপাদন খণ্ডত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰাটোও অন্যতম । ২০২৪ চনত ভাৰতে আন এক মাইলৰ খুঁটি অৰ্জন কৰিছে । এইবাৰ দেশত ইউ পি আইৰ জৰিয়তে অভিলেখ সংখ্যক ১৬.৫ বিলিয়ন লেনদেন সংঘটিত হৈছে ।

MyGovIndia এ সামাজিক মাধ্যম এক্স ত নিজৰ অফিচিয়েল একাউণ্টত এই সন্দৰ্ভত লিখিছে যে ২০২৪ বৰ্ষটো ভাৰতৰ বাবে ঐতিহাসিক আছিল কাৰণ এই সময়ছোৱাত বহু ডাঙৰ ডাঙৰ সাফল্য লাভ কৰা হৈছিল, বিভিন্ন খণ্ডত ভাল কাম কৰা হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত উন্নত ভাৰতৰ এই যাত্ৰাই বিশ্বক অনুপ্ৰাণিত কৰিব ।

২০১৬ চনত আৰম্ভ হৈছিল ইউ পি আই-

২০১৬ চনত দেশত আৰম্ভ হৈছিল এই ডিজিটেল ব্যৱস্থা আৰু ই আজিলৈকে লেনদেনৰ সৰ্বাধিক পৰিসংখ্যা । চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত পৰিমাণৰ ক্ষেত্ৰত ১৫.০৪ বিলিয়ন হোৱাৰ বিপৰীতে জুলাই মাহত মূল্যৰ ক্ষেত্ৰত ২০.৬৪ ট্ৰিলিয়ন হয় ।

বিগত মাহৰ তথ্য অনুসৰি এই লেনদেন ব্যক্তি আৰু ব্যৱসায়ীৰ মাজত সামগ্ৰী আৰু সেৱাৰ ক্ৰয় আৰু বিক্ৰীৰ বাবে হৈছিল । অক্টোবৰ মাহত উৎসৱৰ বতৰত ই এক উৎসাহ লাভ কৰিছিল । এইবাৰ প্ৰথমবাৰৰ বাবে ইউ পি আইয়ে ১৬ বিলিয়নৰ পৰিমাণ আৰু ২৩ ট্ৰিলিয়ন পৰিসংখ্যা অতিক্ৰম কৰিলে । ছেপ্টেম্বৰৰ তুলনাত পৰিমাণ ১০ শতাংশ আৰু মূল্য ১৪ শতাংশ বৃদ্ধি পাইছে ।

আগষ্ট আৰু অক্টোবৰ মাহত বহু লেনদেন হৈছিল-

ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্প’ৰেশ্যন (এন পি চি আই)ৰ তথ্য অনুসৰি চলিত বৰ্ষৰ আগষ্ট মাহত ইউ পি আইৰ জৰিয়তে ১৪.৯৬ বিলিয়ন লেনদেন হৈছিল, যাৰ মুঠ মূল্য ২০.৬১ ট্ৰিলিয়ন । অক্টোবৰ মাহত দৈনিক ইউ পি আই লেনদেনৰ সংখ্যা আছিল ৫৩৫ মিলিয়ন । এই সময়ছোৱাত প্ৰতিদিনে গড় লেনদেনৰ মূল্য আছিল ৭৫,৮০১ কোটি টকা । আনহাতে সেয়া আছিল ৫০১ মিলিয়ন আৰু ৬৮,৮০০ কোটি টকা ।

শেহতীয়া প্ৰৱন্ধসমূহ