মোদী চৰকাৰৰ বাজেটত কি পালে অসমকে ধৰি নিৰ্বাচনমুখী পাঁচখন ৰাজ্যই ?

পশ্চিম বংগ, অসম, তামিলনাডু, কেৰালা আৰু পুডুচেৰীত এপ্ৰিল-মে’ মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে আজি দাখিল কৰা মোদী চৰকাৰৰ বাজেটে এই ৰাজ্যকেইখনলৈ কি বাৰ্তা কঢ়িয়ালে জানক-

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেওবাৰে সংসদত ২০২৬-২৭ বৰ্ষৰ সাধাৰণ বাজেট দাখিল কৰে । পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ চলি থকা ৰাজনৈতিক কুচকাৱাজৰ মাজতে বিত্তমন্ত্ৰীগৰাকীয়ে এই বাজেট দাখিল কৰে । সেয়েহে মোদী চৰকাৰৰ গুৰুত্ব আছিল নিৰ্বাচনীমুখী ৰাজ্যসমূহৰ ওপৰত ।

পশ্চিম বংগ, অসম, তামিলনাডু, কেৰালা আৰু পুডুচেৰীত এপ্ৰিল-মে’ মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । বিশেষকৈ বিজেপিয়ে পশ্চিম বংগত টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীৰ ৰাজনৈতিক দুৰ্গত খহনীয়াৰ সৃষ্টি কৰাৰ লগতে অসমত ক্ষমতাৰ হেট্ৰিক নিশ্চিত কৰাত মনোনিৱেশ কৰিছে । ইফালে নিৰ্বাচনমুখী এই পাঁচখন ৰাজ্যত দলসমূহে ৰাজনৈতিক কুচকাৱাজ বৃদ্ধি কৰিছে ।

দক্ষিণ ভাৰতৰ তামিলনাডু আৰু কেৰালাত পদুম ফুলোৱাৰ সপোন দেখিছে বিজেপিয়ে । সেই বাবে মোদী চৰকাৰে উন্নয়নৰ নতুন গতিৰ সূচনা কৰি এই ৰাজ্যসমূহৰ ৰাজনৈতিক যুদ্ধত জয়ী হোৱাৰ এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

বাজেটত কি পালে পশ্চিংম বংগই ?

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাধাৰণ বাজেট দাখিল কৰাৰ সময়ত বংগৰ আগন্তুক নিৰ্বাচনৰ প্ৰতি বিশেষ লক্ষ্য ৰাখে । বংগৰ ডাংকুনী (পূব)ৰ পৰা চুৰাট (পশ্চিম)লৈ নতুনকৈ প্ৰস্তাবিত ডেডিকেটেড ফ্ৰেইট কৰিডোৰ নিৰ্মাণৰ কতা বাজেটত ঘোষণা কৰিছে । ইয়াৰ ফলত বংগৰ পৰা গুজৰাটলৈ সামগ্ৰী পৰিবহণৰ সুবিধা হ’ব । লগতে গুজৰাটৰ পৰা বংগলৈ মালবাহী ৰে’লৰ চলাচল সহজ আৰু ক্ষীপ্ৰ হ’ব । ইয়াৰ ফলত দুয়োখন ৰাজ্যৰ মাজত বাণিজ্য বৃদ্ধি পাব ।

ইফালে বিত্তমন্ত্ৰীয়ে পশ্চিম বংগক উপহাৰ দিয়ে এখন তীব্ৰবেগী ৰে’ল । নিৰ্মলা সীতাৰমণে শিলিগুৰিৰ পৰা বাৰাণসী সংযোগী এক তীব্ৰবেগী ৰেল লাইন নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে । ইষ্ট ক’ষ্ট ইণ্ডাষ্ট্ৰিয়েল কৰিডৰো উন্নয়ন কৰা হ’ব, য’ত বংগৰ দুৰ্গাপুৰ এটা মূল আৰু সুসংযুক্ত কেন্দ্ৰত পৰিণত হ’ব । মোদী চৰকাৰে বংগক বিকাশৰ উপহাৰেৰে ৰাজনৈতিক সমীকৰণৰ ভাৰসাম্য ৰক্ষাৰ চেষ্টা চলাইছে যদিও মমতা বেনাৰ্জীয়ে কয় যে বাজেটত বংগই একো নাপালে ।

অসমত বিজেপিৰ হেট্ৰিক অৰ্জনৰ লক্ষ্য-

অসমত ১০ বছৰে ক্ষমতাত থকা বিজেপিয়ে এইবাৰ বিজয়ৰ হেট্ৰিকৰ লক্ষ্য লৈছে । গতিকে বিজেপিয়ে কোনো কাৰণতে অসম হেৰুৱাব নিবিচাৰে । সেহেয়ে নোদী চৰকাৰে বাজেটৰ জৰিয়তে অসমক আকৰ্ষণ কৰাৰ প্ৰয়াস কৰিছে । মানসিক স্বাস্থ্য আৰু ট্ৰমা কেয়াৰৰ বাবে অসমৰ তেজপুৰত NIMHANS 2 নিৰ্মাণৰ কথা বাজেটত ঘোষণা কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ।

উত্তৰ-পূর্বাঞ্চলকো আকর্ষণ কৰিবলৈ প্রচেষ্টা চলাইছে মোদী চৰকাৰে ৷ ইয়াৰ বাবে অৰুণাচল প্ৰদেশ, ছিকিম, অসম, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৌদ্ধ চাৰ্কিট গঢ়ি তোলাৰ বাবে এখন আঁচনি আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে ।

তামিলনাডুৰ বাবে উন্নয়নৰ উপহাৰ-

মোদী চৰকাৰৰ ২০২৬-২৭ বাজেটত সম্পূৰ্ণৰূপে তামিলনাডুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, য’ত এপ্ৰিল মাহত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন । ৰাজ্যখনৰ পৰা ডি এম কেক ক্ষমতাৰ পৰা উৎখাত কৰিবলৈ বিজেপিয়ে যৎপৰোনাস্তি চেষ্টা চলাইছে । সেয়েহে তামিলনাডুৰ ৰাজনৈতিক গতিশীলতাক আগবঢ়াবলৈ বাজেট ব্যৱহাৰ কৰা হৈছে । বিত্তমন্ত্ৰীয়ে তামিলনাডু, ওড়িশা, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশত ৰেয়াৰ আৰ্থ মিনাৰেলছৰ বাবে বিশেষ কৰিডৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে । ইয়াক মিনাৰেল কৰিডৰ বুলিও কোৱা হৈছে ।

তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ সীমান্তত অৱস্থিত পুলিকাট হ্ৰদৰ আশে-পাশে চৰাই নিৰীক্ষণৰ বাবে ব্যৱস্থা নিৰ্মাণ কৰা হ’ব । বাজেটত নাৰিকল, কাজু, ক’ক’ৰ দৰে উচ্চ মূল্যৰ শস্যৰ প্ৰচাৰৰ বাবেও আহ্বান জনোৱা হৈছে । ইয়াৰ দ্বাৰা তামিলনাডু আৰু কেৰালাৰ কৃষকসকল বিশেষভাৱে উপকৃত হ’ব । এই ঘোষণা তামিলনাডু, কেৰালাৰ দৰে উপকূলীয় ৰাজ্যৰ কৃষকৰ বাবে ৰাজনৈতিক আশীৰ্বাদ হিচাপে বিবেচিত হৈছে । ইয়াৰ পৰা বিজেপিয়ে ৰাজনৈতিক লাভালাভ অৰ্জন কৰিব পাৰিব নে নাই সেয়া হ’ব লক্ষ্যণীয় ।

বাজেটত কেৰেলাই কি পালে-

তামিলনাডুৰ লগতে মোডী চৰকাৰে কেৰালাৰ ৰাজনৈতিক পৰিৱেশকো নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা চলাইছে । বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটৰ জৰিয়তে কেৰালাক উন্নয়নৰ বতৰা দিছে । ওড়িশা, অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুৰ মাজেৰে পাৰ হ’বলগীয়া ৰেয়াৰ আৰ্থ কৰিডৰত কেৰালাকো অন্তৰ্ভুক্ত কৰা হৈছে । ওড়িশা, কৰ্ণাটক আৰু কেৰালাৰ উপকূলীয় অঞ্চলত কাছ সংৰক্ষণৰ বাবে “টাৰ্টেল ট্ৰেইল” বিকশিত কৰা হ’ব ।

ইক’-টুৰিজিমঃ হিমাচল, উত্তৰাখণ্ড, জম্মু-কাশ্মীৰ, আৰাকু উপত্যকা আৰু পুডিগাই মালাইত বহনক্ষম পাহাৰীয়া পথ নিৰ্মাণ কৰা হ’ব । বন্যপ্ৰাণী পৰ্যটনৰ ভিতৰত ওড়িশা, কৰ্ণাটক আৰু কেৰালাৰ টাৰ্টল ট্ৰেলছ আৰু পুলিকাট হ্ৰদৰ চাৰিওফালে চৰাই নিৰীক্ষণৰ পথ অন্তৰ্ভুক্ত হ’ব । নাৰিকল, কাজু আৰু ক’ক’ৰ দৰে মূল্যৱান শস্যৰ বাবে সহায় কৰিলে কেৰেলাৰ কৃষকসকল উপকৃত হ’ব । চৰকাৰৰ বাজেটত স্বাস্থ্য খণ্ডক উন্নীত কৰাত গুৰুত্ব আৰোপ কৰা হৈছে, যাৰ ফলত কেৰালা উপকৃত হ’ব ৷

ব্যক্তিগত খণ্ডৰ সহযোগত পাঁচটা আঞ্চলিক চিকিৎসা হাব স্থাপন কৰা হ’ব বুলি বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে । ইয়াৰ ভিতৰত থাকিব আয়ুষ কেন্দ্ৰ, চিকিৎসা পৰ্যটন আৰু নিদান কেন্দ্ৰ । স্বাস্থ্য পেছাদাৰী যেনে চিকিৎসক, নাৰ্ছ আৰু অন্যান্য চিকিৎসা কৰ্মচাৰীয়ে ইয়াত কৰ্মসংস্থাপন পাব । ইয়াৰ পৰা কেৰালাৰ দৰে ৰাজ্যই সৰ্বাধিক লাভৱান হ’ব, কিয়নো কেৰালাৰ বৃহৎ সংখ্যক লোক স্বাস্থ্য খণ্ডৰ সৈতে জড়িত । নাৰ্ছৰ পৰা চিকিৎসকলৈকে যথেষ্ট সংখ্যক লোক কেৰালাৰ ।

ইফালে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বাবে বাজেটত কোনো ঘোষণা কৰা হোৱা নাই ।

লগতে পঢ়ক : দেশত তিনিখন আয়ুৰ্বেদ প্ৰতিষ্ঠান আৰু ডিজাইন ইনষ্টিটিউট… বাজেটত শিক্ষা খণ্ডই কি লাভ কৰিলে ?

‘আজি ক্ষমতাত আছে, কাইলৈ নাথাকিবও পাৰে…’; মোদী চৰকাৰক গৰ্জন মমতা বেনাৰ্জীৰ

SIR বিৰোধী সভাত কেন্দ্ৰীয় চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ

সোমবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মালদা জিলাৰ গাজোলেত অনুষ্ঠিত SIR বিৰোধী সভাত কেন্দ্ৰীয় চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।

তেওঁ কয় যে কেন্দ্রই ৰাজ্যক দিবলগীয়া উচিত ধন নিদিয়ে আৰু GST ৰ পিছত এতিয়া চিগাৰেট টেক্সো নিজৰ ওচৰত ৰাখিবলৈ চেষ্টা কৰিছে।মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াক “জৰুৰীকালীন অৱস্থাৰ দৰে পৰিৱেশ” বুলি অভিহিত কৰিছে।

সভাত ভাষণ দি মমতা বেনাৰ্জীয়ে কয় যে, ‘তেওঁ গজোলেত ৰে’ল লাইন সম্পূৰ্ণ কৰিছে।আগতে ইয়াত নিয়মিত বানপানী হৈছিল’।

‘আপোনালোকৰ মনত আছেনে? মই ইয়ালৈ ভোট বিচাৰি অহা নাই।মই আপোনালোকৰ চিন্তা দূৰ কৰিবলৈ আহিছো। ভয় নকৰিব, শান্তিত থাকক।’

মুখ্যমন্ত্ৰী গৰাকীয়ে মোদী চৰকাৰক তীক্ষ্ণ সমালোচনা কৰি কয় যে, ‘কেন্দ্ৰই ধন নিদিয়ে। এতিয়া মাত্ৰ এটা কৰ আছে, GST কৰ।কেন্দ্ৰই সকলো কৰ সংগ্ৰহ কৰে।এতিয়া শুনিছো চিগাৰেটৰ কৰো তেওঁলোকে ল’ব’।

‘তেওঁলোকে সমগ্ৰ দেশ খনতে দখল কৰিছে।এইটো জৰুৰীকালীন পৰিৱেশৰ দৰে। যদি আপুনি জৰুৰীকালীন জাপি দিব বিচাৰে তেন্তে মনত ৰাখিব,আপুনি চিৰদিনৰ বাবে ক্ষমতাত নাথাকিব।আজি আপোনালোক ক্ষমতাত আছে কাইলৈ নাথাকিবও পাৰে’।

লগতে পঢ়ক: চৰকাৰী ধনেৰে বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচাৰিছিল নেহৰুৱেঃ ৰাজনাথ সিং  

মোডী চৰকাৰৰ মাষ্টাৰষ্ট্ৰ’ক! ৬ গিগাহাৰ্টজ বেণ্ড হ’ব বিনামূলীয়া

আপোনাৰ ঘৰত থকা ৱাই-ফাই এতিয়া আগৰ তুলনাত বেছি দ্ৰুত হ’ব।কাৰণ চৰকাৰে ৬ গিগাহাৰ্টজ স্পেকট্ৰম বেণ্ডৰ এটা অংশ অনুজ্ঞাপত্ৰবিহীন ভাৱে ব্যৱহাৰৰ অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে।

ইয়াৰ ফলত ৱাই-ফাইৰ বাবে অতিৰিক্ত ৫০০ মেগাহাৰ্টজ স্পেকট্ৰম উপলব্ধ হ’ব আৰু ইণ্টাৰনেটৰ গতি আৰু নেটৱৰ্ক উন্নত হ’ব।

ইয়াৰ বাবে দূৰসংযোগ বিভাগে খচৰা নিয়ম জাৰি কৰি ১৫ জুনৰ ভিতৰত জনসাধাৰণৰ পৰা পৰামৰ্শ বিচাৰিছে।ইয়াৰ পিছত এই নিয়ম কাৰ্যকৰী কৰা হ’ব।

খচৰাত উল্লেখ কৰা হৈছে যে এই নিয়মসমূহ ৫৯২৫ – ৬৪২৫ মেগাহাৰ্টজ বেণ্ডত প্ৰযোজ্য হ’ব।৬ গিগাহাৰ্টজ বেণ্ডত ইণ্টাৰনেটৰ গতি ৯.৬ জিবিপিএছ পৰ্যন্ত হ’ব পাৰে।

৫ গিগাহাৰ্টজ বেণ্ডত সৰ্বোচ্চ গতি মাত্ৰ ১.৩ জিবিপিএছ, আনহাতে ২.৪ গিগাহাৰ্টজ বেণ্ডত মাত্ৰ ৬০০ এমবিপিএছ উপলব্ধ।

ইতিমধ্যে আমেৰিকা, ব্ৰিটেইন আৰু দক্ষিণ কোৰিয়াৰ দৰে ৮৪খনতকৈও অধিক দেশে ৱাই-ফাই ব্যৱহাৰৰ বাবে এই বেণ্ডটো মুকলি কৰিছে।

এতিয়ালৈকে ভাৰতত ৱাই-ফাই ২.৪ গিগাহাৰ্টজ আৰু ৫ গিগাহাৰ্টজ বেণ্ডত চলি আছিল, যিবোৰ এতিয়া ভিৰ হৈ পৰিছে।

এনে পৰিস্থিতিত ৬ গিগাহাৰ্টজ বেণ্ডে উচ্চ গতিৰ গেমিং, স্মাৰ্ট ডিভাইচ আৰু এ আৰ/ভি আৰৰ দৰে আধুনিক প্ৰযুক্তিৰ বাবে গেম-চেঞ্জাৰ বুলি প্ৰমাণ কৰিব পাৰে।  

মহম্মদ ইউনুছক উভতি ধৰিলে হিমন্ত বিশ্বই; ‘চিকেন নেক’ সন্দৰ্ভত মোদী চৰকাৰক দিলে গুৰুত্বপূৰ্ণ পৰামৰ্শ…

মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্তৱৰ্তীকালীন বাংলাদেশ চৰকাৰৰ অৰ্থহীন বক্তব্যক তীব্ৰ সমালোচনা কৰে । মহম্মদ ইউনুছে ঢাকাক এই অঞ্চলৰ একমাত্ৰ সাগৰৰ ৰক্ষক বুলি অভিহিত কৰিছিল । মুখ্যমন্ত্ৰী শৰ্মাই এই বক্তব্যক অপমানজনক আৰু তীব্ৰ নিন্দনীয় বুলি অভিহিত কৰে । দৰাচলতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে বেইজিঙক দেশখনত অৰ্থনৈতিক প্ৰভাৱ বৃদ্ধিৰ বাবে আবেদন জনাইছিল । এই সময়ছোৱাত তেওঁ উল্লেখ কৰিছিল যে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভূমি আৱদ্ধ প্ৰকৃতি এক সুযোগ বুলি প্ৰমাণিত হ’ব পাৰে । শেহতীয়াকৈ ইউনুছে চাৰিদিনীয়া চীন ভ্ৰমণৰ সময়ত কৰা এই মন্তব্য সোমবাৰে ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে ।

মুখ্যমন্ত্ৰী শৰ্মাই ‘এক্স’ত পোষ্ট কৰিছে, ‘বাংলাদেশৰ মহম্মদ ইউনুছৰ বক্তব্য নিন্দনীয় । তথাকথিত অন্তৱৰ্তীকালীন চৰকাৰৰ হৈ দিয়া বক্তব্যত তেওঁ উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যক (সাত ভনী) ভূ-অৱচ্ছিন্ন বুলি অভিহিত কৰি বাংলাদেশক তেওঁলোকৰ সাগৰীয় প্ৰৱেশৰ ৰক্ষক হিচাপে উপস্থাপন কৰে । এইটো লজ্জাজনক আৰু তীব্ৰ নিন্দাৰ যোগ্য ।’

তেওঁ কয়, ‘মহম্মদ ইউনুছৰ এনে উচটনিমূলক বক্তব্যক সহজভাৱে লোৱা উচিত নহয় । তেওঁৰ গভীৰ কৌশলগত ধাৰণা আৰু দীৰ্ঘম্যাদী এজেণ্ডা আছে ।‘ শৰ্মাই কয় যে এই মন্তব্যই ভাৰতৰ কৌশলগত ‘চিকেন নেক’ কৰিড’ৰত চলি থকা গতিবিধিক প্ৰতিফলিত কৰিছে । ঐতিহাসিকভাৱে ভাৰতৰ আভ্যন্তৰীণ উপাদানসমূহেও উত্তৰ-পূবক বিচ্ছিন্ন কৰিবলৈ এই গুৰুত্বপূৰ্ণ পথটো কাটি পেলোৱাৰ বিপদজনক পৰামৰ্শ আগবঢ়াইছে । চিকেন নেক কৰিড’ৰৰ তলত আৰু আশে-পাশে অধিক শক্তিশালী ৰে’ল আৰু পথ নেটৱৰ্ক গঢ়ি তোলাতো জৰুৰী ।‘

মুখ্যমন্ত্ৰী শৰ্মাই উত্তৰ-পূবক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰা বিকল্প পথৰ অন্বেষণ আৰু উন্নয়নক অগ্ৰাধিকাৰ দিবলৈও আহ্বান জনায় । এতিয়া ‘চিকেন নেক’ৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন বুলি উল্লেখ কৰে তেওঁ । ইয়াৰ ফলত অভিযান্ত্ৰিক ক্ষেত্ৰত উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব পাৰে বুলিও তেওঁ কয়, কিন্তু দৃঢ়তা আৰু উদ্ভাৱনৰ দ্বাৰা ইয়াক লাভ কৰিব পৰা যাব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মোদী চৰকাৰৰ ডাঙৰ সাফল্য, ইউ পি আইৰ ৰজা হৈ পৰিছে ভাৰত…

আৰু মাত্ৰ কেইটামান ঘন্টাৰ পাছতেই সময়ৰ সোঁতত বিলীন নহৈ যাব ২০২৪ বৰ্ষ । এই সময়ছোৱাত যদি আমি পিছলৈ ঘূৰি চাওঁ, তেন্তে এই বছৰ ভাৰতে বহু ক্ষেত্ৰত বৃহৎ সাফল্য লাভ কৰিছে । ইয়াৰ ভিতৰত দীৰ্ঘ দূৰত্বৰ হাইপাৰছ’নিক মিছাইলৰ সফল পৰীক্ষণৰ পৰা আৰম্ভ কৰি ঔষধ উৎপাদন খণ্ডত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰাটোও অন্যতম । ২০২৪ চনত ভাৰতে আন এক মাইলৰ খুঁটি অৰ্জন কৰিছে । এইবাৰ দেশত ইউ পি আইৰ জৰিয়তে অভিলেখ সংখ্যক ১৬.৫ বিলিয়ন লেনদেন সংঘটিত হৈছে ।

MyGovIndia এ সামাজিক মাধ্যম এক্স ত নিজৰ অফিচিয়েল একাউণ্টত এই সন্দৰ্ভত লিখিছে যে ২০২৪ বৰ্ষটো ভাৰতৰ বাবে ঐতিহাসিক আছিল কাৰণ এই সময়ছোৱাত বহু ডাঙৰ ডাঙৰ সাফল্য লাভ কৰা হৈছিল, বিভিন্ন খণ্ডত ভাল কাম কৰা হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত উন্নত ভাৰতৰ এই যাত্ৰাই বিশ্বক অনুপ্ৰাণিত কৰিব ।

২০১৬ চনত আৰম্ভ হৈছিল ইউ পি আই-

২০১৬ চনত দেশত আৰম্ভ হৈছিল এই ডিজিটেল ব্যৱস্থা আৰু ই আজিলৈকে লেনদেনৰ সৰ্বাধিক পৰিসংখ্যা । চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত পৰিমাণৰ ক্ষেত্ৰত ১৫.০৪ বিলিয়ন হোৱাৰ বিপৰীতে জুলাই মাহত মূল্যৰ ক্ষেত্ৰত ২০.৬৪ ট্ৰিলিয়ন হয় ।

বিগত মাহৰ তথ্য অনুসৰি এই লেনদেন ব্যক্তি আৰু ব্যৱসায়ীৰ মাজত সামগ্ৰী আৰু সেৱাৰ ক্ৰয় আৰু বিক্ৰীৰ বাবে হৈছিল । অক্টোবৰ মাহত উৎসৱৰ বতৰত ই এক উৎসাহ লাভ কৰিছিল । এইবাৰ প্ৰথমবাৰৰ বাবে ইউ পি আইয়ে ১৬ বিলিয়নৰ পৰিমাণ আৰু ২৩ ট্ৰিলিয়ন পৰিসংখ্যা অতিক্ৰম কৰিলে । ছেপ্টেম্বৰৰ তুলনাত পৰিমাণ ১০ শতাংশ আৰু মূল্য ১৪ শতাংশ বৃদ্ধি পাইছে ।

আগষ্ট আৰু অক্টোবৰ মাহত বহু লেনদেন হৈছিল-

ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্প’ৰেশ্যন (এন পি চি আই)ৰ তথ্য অনুসৰি চলিত বৰ্ষৰ আগষ্ট মাহত ইউ পি আইৰ জৰিয়তে ১৪.৯৬ বিলিয়ন লেনদেন হৈছিল, যাৰ মুঠ মূল্য ২০.৬১ ট্ৰিলিয়ন । অক্টোবৰ মাহত দৈনিক ইউ পি আই লেনদেনৰ সংখ্যা আছিল ৫৩৫ মিলিয়ন । এই সময়ছোৱাত প্ৰতিদিনে গড় লেনদেনৰ মূল্য আছিল ৭৫,৮০১ কোটি টকা । আনহাতে সেয়া আছিল ৫০১ মিলিয়ন আৰু ৬৮,৮০০ কোটি টকা ।

এইখন ৰাজ্যই মানি নলয় মোদী চৰকাৰৰ সিদ্ধান্ত, ৫ম-৮ম শ্ৰেণীত জাৰি থাকিব নো ডিটেনশ্যন পলিচি

শিক্ষাৰ ক্ষেত্ৰত ‘নো ডিটেনচন পলিচি’ক লৈ সমগ্ৰ দেশতে প্ৰশ্ন উত্থাপন হৈছে । এফালে ৫-৮ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা মনত ৰাখি ন’ ডিটেনচন নীতিৰ অন্ত পেলোৱাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে । কিছুমান ৰাজ্যত এই নীতি এতিয়াও বলবৎ হৈ আছে । সেই ৰাজ্যসমূহৰ ভিতৰত এখন হৈছে তামিলনাডু । তামিলনাডুৰ শিক্ষামন্ত্ৰীয়ে এতিয়াও নো ডিটেনচন পলিচি জাৰি কৰাৰ সিদ্ধান্ত লৈছে ।

নো ডিটেনচন পলিচি কি ?

আচলতে পূৰ্বে নিয়ম আছিল যে ৫ম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী যদি অনুতীৰ্ণ হয় তেন্তে তেওঁলোকক পৰৱৰ্তী শ্ৰেণীলৈ পদোন্নতি দিয়া হয় । কিন্তু নো  ডিটেনচন পলিচি শেষ হোৱাৰ পিছত এতিয়া যদি ৫ম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল অনুতীৰ্ণ হয় তেন্তে ২ মাহৰ ভিতৰত তেওঁলোকক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়া হ’ব আৰু সেইসকল ছাত্ৰ-ছাত্ৰীয়ে পুনৰ ফেইল কৰে তেন্তে তেওঁলোকক পৰৱৰ্তী শ্ৰেণীলৈ উন্নীত কৰা নহ’ব । একে সময়তে তামিলনাডু চৰকাৰে নিজৰ ৰাজ্যত এই সিদ্ধান্ত কাৰ্যকৰী কৰা নাই । ৰাজ্যখনত এতিয়াও বলবৎ হৈ আছে নো ডিটেনচন পলিচি ।

এই নীতি সন্দৰ্ভত কি ক’লে তামিলনাডুৰ শিক্ষামন্ত্ৰীয়ে ?

তামিলনাডুৰ বিদ্যালয়ৰ শিক্ষামন্ত্ৰী অনবিল মহেশ পায়োয়ামোক্ষীয়ে ৰাজ্যত নো ডিটেনচন নীতি অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে । তামিলনাডুৰ স্কুলীয়া শিক্ষাৰ অষ্টম শ্ৰেণীলৈকে ডিটেনচন পলিচি চলি থাকিব । তামিলনাডু চৰকাৰে কয় যে ইয়াৰ ফলত দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে শিক্ষা লাভ কৰাত অত্যন্ত অসুবিধাৰ সৃষ্টি হ’ব ৷

তামিলনাডুৰ মন্ত্ৰীগৰাকীয়ে কয় যে তামিলনাডুৱে ৰাষ্ট্ৰীয় শিক্ষা নীতি মানি নচলে । কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত কেৱল কেন্দ্ৰীয় চৰকাৰৰ অধীনলৈ অহা বিদ্যালয়সমূহতহে প্ৰযোজ্য হ’ব । এই নীতি তামিলনাডুত কাৰ্যকৰী নহ’ব ।

নো ডিটেনচন পলিচি অনুসৰি ৬ৰ পৰা ১৪ বছৰৰ ভিতৰৰ যিকোনো বিদ্যালয়ত অধ্যয়ন কৰা শিশুসকলক প্ৰাথমিক শিক্ষালৈকে অষ্টম শ্ৰেণীলৈকে কোনো শ্ৰেণীত পুনৰ পঢ়োৱা নহ’ব । এতিয়া এই নিয়ম আঁতৰাই এই শ্ৰেণীত ফেইল কৰা শিক্ষাৰ্থীয়ে ২ মাহৰ ভিতৰত পুনৰ পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ পিছতো যদি তেওঁ উত্তীৰ্ণ নহয় তেন্তে তেওঁক ৰখাই দিয়া হ’ব ।

‘এক দেশ-এক নিৰ্বাচন’ বিধেয়কত মোদী কেবিনেটৰ অনুমোদন, শীঘ্ৰেই উত্থাপন হ’ব সংসদত !

বৃহস্পতিবাৰে কেবিনেট বৈঠকত মোদী চৰকাৰে এক দেশ, এক নিৰ্বাচন বিধেয়কত অনুমোদন জনাইছে । সূত্ৰই জনোৱা মতে, এতিয়া চৰকাৰে এই বিধেয়কখন সদনত দাখিল কৰিব পাৰিব । এই বিধেয়ক অহা সপ্তাহত এই শীতকালীন অধিবেশনত উত্থাপন হোৱাৰ সম্ভাৱনা আছে ।

প্ৰথমে জে পি চি কমিটী গঠন কৰি সকলো পক্ষৰ পৰা পৰামৰ্শ লোৱা হ’ব । শেষত এই বিধেয়কখন সংসদত উত্থাপন হ’ব আৰু ইয়াক গৃহীত কৰা হ’ব । ইয়াৰ পূৰ্বে ৰামনাথ কোবিন্দ কমিটীয়ে এক দেশ, এক নিৰ্বাচন সম্পৰ্কীয় প্ৰতিবেদন চৰকাৰক দাখিল কৰিছিল ।

ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰিব জে পি চিয়ে-

সূত্ৰসমূহে জনোৱা মতে, চৰকাৰে এই বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে আৰু দীৰ্ঘদিনীয়া আলোচনা আৰু সহমত গঢ়ি তুলিছে । জে পি চিয়ে সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বিতং আলোচনা কৰি এই প্ৰস্তাৱৰ ওপৰত সামূহিক সহমতৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব ।

বৰ্তমান দেশৰ বিভিন্ন ৰাজ্যত বিভিন্ন সময়ত নিৰ্বাচন অনুষ্ঠিত হয় । এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছত দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে ।

এতিয়ালৈকে কি হ’ল ?

১৮ ছেপ্টেম্বৰ ২০২৪: কেন্দ্ৰীয় কেবিনেটে এই প্ৰস্তাৱত অনুমোদন জনায় ।

ৰামনাথ কোবিন্দ সমিতিঃ এখন উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদনতো অনুমোদন জনোৱা হৈছে । এই কমিটীয়ে সমগ্ৰ দেশতে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছিল ।

১২ ডিচেম্বৰ ২০২৪: কেন্দ্ৰীয় কেবিনেটে এই বিধেয়কত অনুমোদন জনায়, যিখন বিধেয়ক এতিয়া সংসদত উত্থাপন কৰা হ’ব ।