হাহাকাৰ ;  ভাৰতীয় ৰিজাৰ্ভ বেংকক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

পুৱাই ভাৰতীয় ৰিজাৰ্ভ বেংকত লাগিল হাহাকাৰ।পুৱাই আৰবিআইৰ অফিচিয়েল ৱেবছাইটত ই-মেইল যোগে আহিল এটা ভাবুকি। ভাবুকিটোত কোৱা হৈছিল যে ভাৰতীয় ৰিজাৰ্ভ বেংকক বোমাৰ উৰুৱাই দিয়া হ’ব। ই-মেইলত, ৰাছিয়ান ভাষাত বোমা বিস্ফোৰণ কৰাৰ ভাবুকি দিছিল।ঘটনাৰ সন্দৰ্ভত মাতা ৰামবাই মাৰ্গ (এমআৰএ মাৰ্গ)এ আৰক্ষী থানাত অচিনাক্ত অভিযুক্তৰ বিৰুদ্ধে এটা

পুৱাই ভাৰতীয় ৰিজাৰ্ভ বেংকত লাগিল হাহাকাৰ।পুৱাই আৰবিআইৰ অফিচিয়েল ৱেবছাইটত ই-মেইল যোগে আহিল এটা ভাবুকি। ভাবুকিটোত কোৱা হৈছিল যে  ভাৰতীয় ৰিজাৰ্ভ বেংকক বোমাৰ উৰুৱাই দিয়া হ’ব।

ই-মেইলত, ৰাছিয়ান ভাষাত বোমা বিস্ফোৰণ কৰাৰ ভাবুকি দিছিল।ঘটনাৰ সন্দৰ্ভত মাতা ৰামবাই মাৰ্গ (এমআৰএ মাৰ্গ)এ আৰক্ষী থানাত অচিনাক্ত অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।

ঘটনাটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, আৰক্ষীয়েও তদন্ত আৰম্ভ কৰিছে। কিন্তু এইটো প্ৰথম বাৰৰ বাবে নহয় যে আৰবিআইক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে।

যোৱা মাহৰ আৰম্ভণিতে, ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ কাষ্টমচ কেয়াৰ নম্বৰলৈ এটা ফোন কৰা হৈছিল যিয়ে আৰ.বি.আই. উৰুৱাই দিয়াৰ ভাবুকি দিছিল। ফোন কৰা ব্যক্তিজনে নিজকে লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে পৰিচয় দিছিল।