মুদ্ৰাস্ফীতি আৰু পশ্চিম এছিয়াৰ সংকটৰ মাজতে পুনৰ অপৰিৱৰ্তিত থাকিল ৰেপ’ ৰেট

মুদ্ৰাস্ফীতিৰ চিন্তাৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গোলকীয় অনিশ্চয়তা আৰু মুদ্ৰাস্ফীতিৰ চিন্তাৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । শুকুৰবাৰে ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিয়ে (MPC) সৰ্বসন্মতিক্ৰমে দেশৰ নীতিগত ৰেপ’ ৰেট ৫.২৫ শতাংশতে অপৰিৱৰ্তিত ৰখাৰ কথা ঘোষণা কৰে । ইয়াৰ সৈতে বেংকে নিজৰ নিৰপেক্ষ নীতিগত স্থিতিও বাহাল ৰাখিছে ।

আৰ.বি.আই.ৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই এই সিদ্ধান্ত ঘোষণা কৰি কয় যে বৰ্তমানৰ সামগ্ৰিক অৰ্থনৈতিক আৰু বিত্তীয় পৰিস্থিতিৰ পুঙ্খানুপুঙ্খ পৰ্যালোচনাৰ অন্তত এই পদক্ষেপ লোৱা হৈছে । মুদ্ৰানীতি সমিতিৰ আটাইকেইগৰাকী সদস্যই তাৰল্য সমাঞ্জস্য সুবিধাৰ অধীনত ৰেপ’ ৰেট পূৰ্বৰ দৰেই ৰাখিবলৈ সৰ্বসন্মত ভোটদান কৰে ।

বিভিন্ন সূচকৰ বৰ্তমানৰ হাৰ :

গভৰ্ণৰগৰাকীৰ ঘোষণা অনুসৰি নতুন নিৰিখসমূহ হ’ল—

-ৰেপ’ ৰেট : ৫.২৫%

-ষ্টেণ্ডিং ডিপজিট ফেচিলিটি (SDF): ৫.০০%

-মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটি (MSF): ৫.৫০%

-বেংক ৰেট : ৫.৫০%

সিদ্ধান্তৰ আঁৰৰ মূল কাৰণসমূহ :

বিশ্ব অৰ্থনীতিৰ প্ৰত্যাহ্বানমূলক পৰিৱেশৰ কথা উল্লেখ কৰি গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয় যে বৰ্তমান গোলকীয় বজাৰত যথেষ্ট অনিশ্চয়তা আছে ।

“গোলকীয় অৰ্থনীতি বৰ্ধিত অনিশ্চয়তা, গুৰুত্বপূৰ্ণ ব্যৱসায়িক পথ তথা যোগান শৃংখলত ব্যাঘাত, বজাৰৰ অস্থিৰতা আৰু সতৰ্ক ব্যৱসায়িক মনোভাৱৰ দ্বাৰা প্ৰভাৱিত হৈছে । পিছে ভাৰতীয় অৰ্থনীতিয়ে পূৰ্বৰ তুলনাত বহুত শক্তিশালী ভেটি লৈ এই গোলকীয় অস্থিৰতাৰ পৰ্যায়ত প্ৰৱেশ কৰিছে ।”

তেওঁ লগতে কয় যে পশ্চিম এছিয়াত চলি থকা ভূ-ৰাজনৈতিক অচলাৱস্থা, ইন্ধনৰ ক্ৰমবৰ্ধমান মূল্য আৰু বিশ্বজুৰি হোৱা যোগান শৃংখলৰ ব্যাঘাত আদিয়ে গোলকীয় অৰ্থনীতিলৈ বিপদ নমাই আনিছে । এনে পৰিপ্ৰেক্ষিতত বিশ্বৰ ডাঙৰ ডাঙৰ কেন্দ্ৰীয় বেংকসমূহে বিকাশ আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ মাজত সমতা ৰক্ষা কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে । আনকি উন্নত দেশৰ কেন্দ্ৰীয় বেংকসমূহে আগলৈ মুদ্ৰা সংকুচিতকৰণৰ নীতিও ল’ব পাৰে ।

শ্বেয়াৰ বজাৰ বনাম বণ্ড বজাৰ :

গোলকীয় বজাৰৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত তেওঁ কয় যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চালিত বিকাশক লৈ থকা আশাবাদৰ বাবে বিশ্বৰ শ্বেয়াৰ বজাৰসমূহ এতিয়াও সজীৱ হৈ আছে । কিন্তু আনফালে, নতুন মুদ্ৰাস্ফীতিৰ চিন্তা আৰু ঋণৰ বোজাৰ বাবে গোলকীয় বণ্ড বজাৰসমূহ বৰ্তমান তীব্ৰ চাপৰ মাজত আছে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱা এপ্ৰিল মাহত অনুষ্ঠিত হোৱা মুদ্ৰানীতি সমিতিৰ বৈঠকত একেধৰণৰ সিদ্ধান্ত লোৱা হৈছিল । সেইবাৰো সমিতিয়ে সৰ্বসন্মতিক্ৰমে ৰেপ’ ৰেট ৫.২৫ শতাংশতে অপৰিৱৰ্তিত ৰখাৰ লগতে নিৰপেক্ষ নীতি বাহাল ৰখাৰ সপক্ষে ৰায় দিছিল ।

লগতে পঢ়ক : পশ্চিম এচিয়াৰ সংঘাতৰ আশংকাৰ মাজতো ভাৰতৰ অৰ্থনীতিৰ বাবে আশাব্যঞ্জক খবৰ

পশ্চিম এচিয়াৰ সংঘাতৰ আশংকাৰ মাজতো ভাৰতৰ অৰ্থনীতিৰ বাবে আশাব্যঞ্জক খবৰ  

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া বাৰ্ষিক প্ৰতিবেদন অনুসৰি, ২০২৬-২৭ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ গতিধাৰা ইতিবাচক হৈ থাকিব

বিশ্বজুৰি চলি থকা ভূ-ৰাজনৈতিক উত্তেজনা আৰু অৰ্থনৈতিক অনিশ্চয়তাৰ মাজতো ভাৰতৰ অৰ্থনীতিয়ে নিজৰ দৃঢ়তা প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI) শেহতীয়া বাৰ্ষিক প্ৰতিবেদন (২০২৫-২৬) অনুসৰি, ২০২৬-২৭ বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ গতিধাৰা ইতিবাচক হৈ থাকিব ।

প্ৰতিবেদনখনৰ মূল দিশসমূহ তলত উল্লেখ কৰা হ’ল :

বিকাশ আৰু মুদ্ৰাস্ফীতিৰ আগজাননী কেন্দ্ৰীয় বেংকটোৱে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ প্ৰকৃত GDP বিকাশৰ হাৰ ৬.৯ শতাংশ হ’ব বুলি প্ৰক্ষেপণ কৰিছে । অৱশ্যে, বিশ্বজুৰি ইন্ধনৰ মূল্যবৃদ্ধি, যোগান শৃংখলাত ব্যাঘাত আৰু গোলকীয় অস্থিৰতাই মুদ্ৰাস্ফীতিৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে বুলি RBI-য়ে সতৰ্ক কৰি দিছে । ২০২৬-২৭ বৰ্ষত গ্ৰাহক মূল্য সূচক (CPI) ভিত্তিক মুদ্ৰাস্ফীতি ৪.৬ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, যিটো পূৰ্বৱৰ্তী বৰ্ষত ২.১ শতাংশ আছিল ।

অৰ্থনীতিৰ বাবে সকাহৰ খবৰ-

বিশ্বৰ মন্থৰ অৰ্থনৈতিক গতিৰ বিপৰীতে ভাৰতৰ শক্তিশালী ঘৰুৱা চাহিদা, উন্নত বেংকিং ব্যৱস্থা আৰু চৰকাৰৰ ধাৰাবাহিক মূলধনী ব্যয়ক অৰ্থনৈতিক বিকাশৰ মূল চালিকা শক্তি হিচাপে চিহ্নিত কৰা হৈছে । ২০২৫-২৬ বৰ্ষত ৭.৬ শতাংশ GDP বিকাশেৰে ভাৰতে বিশ্বৰ দ্ৰুততম অৰ্থনীতিৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিছে ।

বিত্তীয় অনুশাসন আৰু চৰকাৰী লক্ষ্য-

কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় একত্ৰীকৰণৰ প্ৰচেষ্টাক প্ৰশংসা কৰি RBI-য়ে জনাইছে যে, ২০২৫-২৬ বৰ্ষত মুঠ বিত্তীয় ঘাটি GDP-ৰ ৪.৪ শতাংশলৈ সীমাবদ্ধ ৰাখিবলৈ চৰকাৰ সফল হৈছে । ২০২৬-২৭ বৰ্ষত এই লক্ষ্য ৪.৩ শতাংশলৈ হ্ৰাস কৰাৰ পৰিকল্পনা কৰা হৈছে ।

মুদ্ৰা নীতিৰ স্থিতি-

মুদ্ৰাস্ফীতি আৰু ভূ-ৰাজনৈতিক সংকটৰ প্ৰতি লক্ষ্য ৰাখি RBI-য়ে অতি সাৱধানী স্থিতি গ্ৰহণ কৰিছে । ২০২৬ চনৰ এপ্ৰিল মাহত মুদ্ৰা নীতি সমিতিয়ে (MPC) ৰিপ’ ৰেট ৫.২৫ শতাংশত অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

সামগ্ৰিকভাৱে, বিশ্বৰ অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মাজতো ভাৰতৰ সামষ্টিক অৰ্থনৈতিক ভেটি শক্তিশালী হৈ থকাটো দেশৰ বাবে এক ইতিবাচক সংকেত । তথাপি, পশ্চিম এচিয়াৰ সংঘাত দীৰ্ঘস্থায়ী হ’লে ই অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি প্ৰতিবেদনত সতৰ্কবাণী প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক : ইন্ধনক লৈ মোদী চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত, পেট্ৰ’ল-ডিজেলৰ শুল্কত বৃহৎ কৰ্তন

ভাৰতীয় ৰিজাৰ্ভ বেংকত ওলাইছে চাকৰি, কেনেকৈ কৰিব আৱেদন ?

ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰেড বি বিষয়া নিযুক্তিৰ আনুষ্ঠানিক অধিসূচনা প্ৰকাশ কৰিছে

বেংকিং খণ্ডত চৰকাৰী চাকৰিৰ বাবে সাজু হোৱা যুৱক-যুৱতীসকলৰ বাবে আহিছে এক সোণালী সুযোগ । ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰেড বি বিষয়া নিযুক্তিৰ আনুষ্ঠানিক অধিসূচনা প্ৰকাশ কৰিছে । এই নিযুক্তি অভিযানৰ অধীনত মুঠ ৬০টা পদত যোগ্য প্ৰাৰ্থী নিযুক্তি দিয়া হ’ব । ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু প্ৰাৰ্থীসকলে নিৰ্দিষ্ট সময়সীমা ২০ মে’লৈকে আবেদন দাখিল কৰিব পাৰিব ।

আৰ বি আই তথা ভাৰতীয় ৰিজাৰ্ভ বেংক গ্ৰেড বি নিযুক্তি ২০২৬ৰ অধীনত বিভিন্ন বিভাগত খালী পদ ঘোষণা কৰা হৈছে । ইয়াৰ ভিতৰত আছে গ্ৰেড বি জেনেৰেল, ডি ই পি আৰ, আৰু ডি এছ আই এম কেডাৰ । মুঠ ৬০টা খালী পদৰ ভিতৰত সৰ্বাধিক পদ জেনেৰেল কেডাৰক আবণ্টন দিয়া হৈছে ।

বয়সৰ সীমা-

এই নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ নূন্যতম বয়স ২১ বছৰ আৰু সৰ্বোচ্চ বয়স ৩০ বছৰ নিৰ্ধাৰণ কৰা হৈছে । সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক চৰকাৰী নিয়ম অনুসৰি বয়সৰ শিথিলতা প্ৰদান কৰা হ’ব । অ’বিচি বিভাগৰ প্ৰাৰ্থীসকলে ৩ বছৰৰ শিথিলতা লাভ কৰিব, অনুসূচিত জাতি/জনজাতিৰ শ্ৰেণীৰ প্ৰাৰ্থীসকলে ৫ বছৰৰ শিথিলতা লাভ কৰিব, আৰু বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলে অতিৰিক্ত শিথিলতা লাভ কৰিব ।

প্ৰয়োজনীয় অৰ্হতা-

গ্ৰেড বি (জেনেৰেল) পদৰ বাবে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হোৱাটো বাধ্যতামূলক । কিছুমান বিশেষ পদৰ বাবে নূন্যতম শতাংশ নম্বৰৰো প্ৰয়োজন হ’ব পাৰে । ডি ই পি আৰ পদৰ বাবে অৰ্থনীতি বা বিত্তত স্নাতকোত্তৰ ডিগ্ৰী লোৱাটো বাধ্যতামূলক; ডি এছ আই এম পদৰ বাবে পৰিসংখ্যা, গণিত, তথ্য বিজ্ঞান, বা আনুষংগিক শাখাত ডিগ্ৰী বা স্নাতকোত্তৰ ডিগ্ৰী প্ৰয়োজন ।

নিৰ্বাচন প্ৰক্ৰিয়া-

আৰ বি আই গ্ৰেড বি নিযুক্তিৰ বাছনি প্ৰক্ৰিয়া একাধিক পৰ্যায়ত সম্পন্ন কৰা হ’ব । প্ৰথমে প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ’ব আৰু সফল প্ৰাৰ্থীসকল মূল পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব । মূল পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীক সাক্ষাৎকাৰৰ বাবে মতা হ’ব । মূল পৰীক্ষা আৰু সাক্ষাৎকাৰত পোৱা নম্বৰৰ ভিত্তিত চূড়ান্ত মেধা তালিকা প্ৰস্তুত কৰা হ’ব ।

আবেদন মাচুল-

সাধাৰণ, অ’বিচি আৰু ইডব্লিউএছ শিতানৰ প্ৰাৰ্থীসকলে ৮৫০ টকাৰ আবেদন মাচুল আৰু জিএছটি দিব লাগিব । অনুসূচিত জাতি, অনুসূচিত জাতি আৰু বিশেষভাৱে সক্ষম ব্যক্তি (পিডব্লিউডি) শিতানৰ অন্তৰ্গত প্ৰাৰ্থীৰ বাবে মাচুল ১০০ প্লাছ জিএছটি নিৰ্ধাৰণ কৰা হৈছে ।

দৰমহাৰ সবিশেষ-

আৰ বি আই গ্ৰেড বি বিষয়া পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীৰ বাবে প্ৰাৰম্ভিক মৌলিক দৰমহা প্ৰতিমাহে প্ৰায় ৭৮,৪৫০ টকা নিৰ্ধাৰণ কৰা হৈছে; ইয়াৰ উপৰিও ভাট্টা আৰু অন্যান্য সুবিধা প্ৰদান কৰা হ’ব ।

কেনেকৈ আবেদন কৰিব ?

-প্ৰথমে অফিচিয়েল ৱেবছাইট চাওক: www.rbi.org.in

-ইয়াৰ পিছত হোমপেজত প্ৰদৰ্শিত ‘RBI Grade B Recruitment 2026’ লিংকটোত ক্লিক কৰক

-এতিয়া, ‘নিউ ৰেজিষ্ট্ৰেশ্যন’ বিকল্পটো নিৰ্বাচন কৰক আৰু আপোনাৰ নাম, মোবাইল নম্বৰ, আৰু ইমেইল আইডি লিখি পঞ্জীয়ন কৰক

-পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ পিছত, আপোনাৰ প্ৰৱেশ আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি পৰ্টেলত লগ ইন কৰক

-ইয়াৰ পিছত আবেদন পত্ৰত সবিশেষ সঠিকভাৱে পূৰণ কৰি প্ৰয়োজনীয় নথি-পত্ৰ আপলোড কৰক

-ইয়াৰ পিছত আবেদন মাচুল দিব লাগিব

-ফৰ্মখন এবাৰ ভালদৰে পৰীক্ষা কৰক, তাৰ পিছত ‘চাবমিট’ বুটামত ক্লিক কৰক

-শেষত আপোনাৰ ৰেকৰ্ডৰ বাবে আবেদন পত্ৰৰ প্ৰিন্টআউট ৰাখক

লগতে পঢ়ক : সলনি হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ নিয়ম, কম্পাৰ্টমেণ্টেল পৰীক্ষাৰো বিলুপ্তি

‘মুদ্ৰাস্ফীতি আৰু বিকাশৰ হাৰৰ ওপৰত চৰকাৰ আৰু ৰিজাৰ্ভ বেংকে একেলগে কাম কৰিব’, ৰেপো ৰেট হ্ৰাস হোৱাৰ পিছত মন্তব্য বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰাস্ফীতি, বৃদ্ধিৰ হাৰ আদি সকলো ক্ষেত্ৰতে একেলগে কাম কৰি আছে । শনিবাৰে নতুন দিল্লীত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা আৰু বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীৰ সৈতে যৌথ সংবাদমেল অনুষ্ঠিত কৰে বিত্তমন্ত্ৰীগৰাকীয়ে । এই সংবাদমেল ৰিজাৰ্ভ বেংকে ৰেপো ৰেট  (Repo Rate) কৰ্তনৰ কথা ঘোষণা কৰাৰ এদিন পিছত অনুষ্ঠিত হয় । সীতাৰমনে কয় যে অহা সপ্তাহত তেওঁ নতুন আয়কৰ বিধেয়ক সংসদত উত্থাপন কৰিব পাৰে, তাৰ পিছত বিধেয়কখন সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ব ।

ৰিজাৰ্ভ বেংকে এদিন পূৰ্বে কৰ্তন কৰিছিল ৰেপো ৰেট-

ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয় যে কেন্দ্ৰীয় চৰকাৰে ক্ৰেডিট দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু ভৱিষ্যতেও এই দিশত কাম অব্যাহত থাকিব । শুকুৰবাৰে এম পি চিৰ বৈঠকৰ অন্তত আৰ বি আইৰ গৱৰ্ণৰগৰাকীয়ে ঘোষণা কৰে যে ৰেপো ২৫ বেচিছ পইণ্ট কৰ্তন কৰা হৈছে । ইয়াক ৬.৫%ৰ পৰা ৬.২৫%লৈ হ্ৰাস কৰা হৈছে । ২০২৩ চনৰ ফেব্ৰুৱাৰীলৈকে ৰেপো  হাৰ ৬.৫ শতাংশত স্থিৰ কৰি ৰখা হৈছিল । ইয়াৰ পূৰ্বে ২০২০ চনত Covid মহামাৰীৰ সময়ত সুতৰ হাৰ কৰ্তন কৰা হৈছিল যদিও ইয়াৰ পিছত ক্ৰমান্বয়ে ৬.৫ শতাংশ সুতৰ হাৰ বৃদ্ধি কৰা হৈছিল ।

দিল্লী নিৰ্বাচনৰ ফলাফলক লৈ কি ক’লে বিত্তমন্ত্ৰীয়ে ?

দিল্লী নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে দিল্লীয়ে জনসাধাৰণৰ সেৱা কৰা চৰকাৰ এখন পোৱাটো সময়ৰ দাবী । ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় সঞ্চালক মণ্ডলীক সম্বোধন কৰি সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সীতাৰমণে কয় যে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে এই প্ৰয়োজনীয়তা হ’ল ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ডত জনসাধাৰণৰ সেৱা কৰা চৰকাৰ এখন হ’ব লাগে ।

হাহাকাৰ ;  ভাৰতীয় ৰিজাৰ্ভ বেংকক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

পুৱাই ভাৰতীয় ৰিজাৰ্ভ বেংকত লাগিল হাহাকাৰ।পুৱাই আৰবিআইৰ অফিচিয়েল ৱেবছাইটত ই-মেইল যোগে আহিল এটা ভাবুকি। ভাবুকিটোত কোৱা হৈছিল যে  ভাৰতীয় ৰিজাৰ্ভ বেংকক বোমাৰ উৰুৱাই দিয়া হ’ব।

ই-মেইলত, ৰাছিয়ান ভাষাত বোমা বিস্ফোৰণ কৰাৰ ভাবুকি দিছিল।ঘটনাৰ সন্দৰ্ভত মাতা ৰামবাই মাৰ্গ (এমআৰএ মাৰ্গ)এ আৰক্ষী থানাত অচিনাক্ত অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।

ঘটনাটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, আৰক্ষীয়েও তদন্ত আৰম্ভ কৰিছে। কিন্তু এইটো প্ৰথম বাৰৰ বাবে নহয় যে আৰবিআইক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে।

যোৱা মাহৰ আৰম্ভণিতে, ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ কাষ্টমচ কেয়াৰ নম্বৰলৈ এটা ফোন কৰা হৈছিল যিয়ে আৰ.বি.আই. উৰুৱাই দিয়াৰ ভাবুকি দিছিল। ফোন কৰা ব্যক্তিজনে নিজকে লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে পৰিচয় দিছিল।