দ্বিপাক্ষিক

এই বন্ধুত্ব অতুলনীয়..;দ্বিপাক্ষিক বৈঠকৰ বাবে একেখন বাহনতে মোদী আৰু পুটিন

দ্বিপাক্ষিক বৈঠকৰ বাবে একেখন বাহনতে মোদী আৰু পুটিন চীনৰ টিয়ানজিন চহৰত চলি আছে চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলন।এই এছ চি অ’ৰ বৈঠকত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সন্ত্ৰাসবাদ শান্তিৰ বাবে সৰ্বাধিক ভাবুকি।চাইবাৰ সন্ত্ৰাসবাদৰ সৈতেও কঠোৰভাৱে মোকাবিলা কৰিব লাগিব। এই সন্মিলনৰ পিছতে পুটিন আৰু

দ্বিপাক্ষিক বৈঠকৰ বাবে একেখন বাহনতে মোদী আৰু পুটিন

চীনৰ টিয়ানজিন চহৰত চলি আছে চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলন।এই এছ চি অ’ৰ বৈঠকত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সন্ত্ৰাসবাদ শান্তিৰ বাবে সৰ্বাধিক ভাবুকি।চাইবাৰ সন্ত্ৰাসবাদৰ সৈতেও কঠোৰভাৱে মোকাবিলা কৰিব লাগিব।

এই সন্মিলনৰ পিছতে পুটিন আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত দ্বিপাক্ষিক বৈঠক আৰম্ভ হ’ব। এই বৈঠকৰ বাবে এছ চি অ’ শীৰ্ষ সন্মিলনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন একেখন বাহনতে ৰাওনা হয়।

ইতিমধ্যে টিয়ানজিনৰ হোটেল ৰিট্জ কাৰ্লটনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।

দুয়োৰে মাজত কিছুসময়ৰ পিছতে আৰম্ভ হ’ব বৈঠকখন।এই বৈঠকৰ বাবে ইতিমধ্যে সাজু হৈছে সভাকক্ষ।একেখন বাহনে পুটিন আৰু মোদীৰ এই যাত্ৰা এতিয়া চৰ্চিত বিষয় হৈ পৰিছে।

লগতে পঢ়ক: ‘কিছুমান দেশৰ দ্বাৰা সন্ত্ৰাসবাদৰ মুকলি সমৰ্থন কেনেকৈ গ্ৰহণযোগ্য?’; SCO মঞ্চত পহলগামৰ কথা উল্লেখ প্ৰধানমন্ত্ৰী মোদীৰ

শেহতীয়া প্ৰৱন্ধসমূহ