এই বন্ধুত্ব অতুলনীয়..;দ্বিপাক্ষিক বৈঠকৰ বাবে একেখন বাহনতে মোদী আৰু পুটিন

দ্বিপাক্ষিক বৈঠকৰ বাবে একেখন বাহনতে মোদী আৰু পুটিন

চীনৰ টিয়ানজিন চহৰত চলি আছে চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলন।এই এছ চি অ’ৰ বৈঠকত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সন্ত্ৰাসবাদ শান্তিৰ বাবে সৰ্বাধিক ভাবুকি।চাইবাৰ সন্ত্ৰাসবাদৰ সৈতেও কঠোৰভাৱে মোকাবিলা কৰিব লাগিব।

এই সন্মিলনৰ পিছতে পুটিন আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত দ্বিপাক্ষিক বৈঠক আৰম্ভ হ’ব। এই বৈঠকৰ বাবে এছ চি অ’ শীৰ্ষ সন্মিলনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন একেখন বাহনতে ৰাওনা হয়।

ইতিমধ্যে টিয়ানজিনৰ হোটেল ৰিট্জ কাৰ্লটনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।

দুয়োৰে মাজত কিছুসময়ৰ পিছতে আৰম্ভ হ’ব বৈঠকখন।এই বৈঠকৰ বাবে ইতিমধ্যে সাজু হৈছে সভাকক্ষ।একেখন বাহনে পুটিন আৰু মোদীৰ এই যাত্ৰা এতিয়া চৰ্চিত বিষয় হৈ পৰিছে।

লগতে পঢ়ক: ‘কিছুমান দেশৰ দ্বাৰা সন্ত্ৰাসবাদৰ মুকলি সমৰ্থন কেনেকৈ গ্ৰহণযোগ্য?’; SCO মঞ্চত পহলগামৰ কথা উল্লেখ প্ৰধানমন্ত্ৰী মোদীৰ

‘কিছুমান দেশৰ দ্বাৰা সন্ত্ৰাসবাদৰ মুকলি সমৰ্থন কেনেকৈ গ্ৰহণযোগ্য?’; SCO মঞ্চত পহলগামৰ কথা উল্লেখ প্ৰধানমন্ত্ৰী মোদীৰ

SCO মঞ্চত পহলগামৰ কথা উল্লেখ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ মাজত হোৱা দ্বিপাক্ষিক বৈঠকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু অন্যান্য নেতাৰ উপস্থিতিত এই সন্মিলন আঞ্চলিক নিৰাপত্তা, অৰ্থনৈতিক সহযোগিতা আৰু বহুমেৰু বিশ্ব ব্যৱস্থাক প্ৰসাৰিত কৰাৰ এক মঞ্চত পৰিণত হৈছে।

সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক এটা ডাঙৰ বিষয় হিচাপে উত্থাপন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সন্ত্ৰাসবাদ আমাৰ আঞ্চলিক শান্তিৰ বাবে সৰ্বাধিক ভাবুকি হৈয়েই আছে। ভাৰতে সদায় সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ পন্থাৰ পোষকতা কৰি আহিছে।

তেওঁ লগতে কয় যে বিগত ২৪ বছৰত SCO ই সমগ্ৰ ইউৰেছিয়ান অঞ্চলটোক এটা পৰিয়ালৰ দৰে সংযোগ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।ভাৰতে সক্ৰিয় সদস্য হিচাপে সদায় গঠনমূলক আৰু ইতিবাচক ভূমিকা পালন কৰি আহিছে।ভাৰতৰ চিন্তা আৰু নীতি তিনিটা স্তম্ভৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে – S (Security), C (Connectivity), O (Opportunity)।

প্ৰধানমন্ত্ৰী মোদীয়ে সোঁৱৰাই দিয়ে যে বিগত চাৰিটা দশক ধৰি ভাৰত সন্ত্ৰাসবাদৰ বলি হৈ আহিছে। বহু মাতৃয়ে সন্তান হেৰুৱাইছে, বহু সন্তান অনাথ হৈ পৰিছে।

শেহতীয়াকৈ পহলগামত সন্ত্ৰাসবাদৰ এক ঘৃণনীয় ৰূপ দেখা গৈছে।এই কঠিন সময়ত একেলগে থিয় দিয়া বন্ধুত্বপূৰ্ণ দেশসমূহলৈ কৃতজ্ঞতা প্ৰকাশ কৰা হয়।

তেওঁ কয় যে এই আক্ৰমণ কেৱল ভাৰতৰ বিবেকৰ ওপৰত আক্ৰমণ নহয় বৰঞ্চ প্ৰতিখন দেশ আৰু মানৱতাত বিশ্বাসী প্ৰতিজন ব্যক্তিৰ বাবেও এক প্ৰত্যাহ্বান।

মোদীয়ে প্ৰশ্ন উত্থাপন কৰে যে কিছুমান দেশৰ সন্ত্ৰাসবাদক মুকলি সমৰ্থন আমাৰ বাবে গ্ৰহণযোগ্য হ’বনে?তেওঁ স্পষ্টকৈ কয় যে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত কোনো ধৰণৰ দ্বৈত মানদণ্ড মানি লোৱা নহ’ব।

সকলো দেশেই যৌথভাৱে সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু ৰঙৰ বিৰোধিতা কৰিব লাগিব। মানৱতাৰ প্ৰতি এয়া আমাৰ কৰ্তব্য।

প্ৰধানমন্ত্ৰীয়ে কয় যে SCO’ও সময়ৰ লগে লগে আগবাঢ়িছে সেয়া সুখৰ কথা।সংগঠিত অপৰাধ, ড্ৰাগছ সৰবৰাহ আৰু চাইবাৰ নিৰাপত্তাৰ দৰে প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ চাৰিটা নতুন কেন্দ্ৰ সৃষ্টি কৰা হৈছে।এই সংস্কাৰবাদী চিন্তাধাৰাক ভাৰতে আদৰণি জনাইছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি পুৰণি ক’লা-বগা পৰ্দাত নতুন প্ৰজন্মৰ বৰ্ণিল সপোন দেখুৱাব নোৱাৰো।স্কিনখন সলনি কৰিব লাগিব। এছ চি অ’ বহুপক্ষীয়তাবাদ আৰু সৰ্বাংগীন বিশ্ব ব্যৱস্থাৰ বাবে এক পথ প্ৰদৰ্শক হ’ব পাৰে।

ভাৰতে প্ৰয়াস কৰিছে যে SCO  কেৱল চৰকাৰৰ মাজতে সীমিত হৈ নাথাকি সাধাৰন জনতা, যুৱ বৈজ্ঞানিক, বিদ্বান আৰু ষ্টাৰ্ট-আপৰ ওচৰ পাওক গৈ।

মানুহৰ মাজত সম্পৰ্ক আৰু মজবুত কৰিবৰ বাবে মোদীয়ে পৰামৰ্শ দিছিল যে এছচিঅ’ৰ অধীনত “সভ্যতাবাদী আলোচনা মঞ্চ” সৃষ্টি কৰা,য’ত প্ৰাচীন সভ্যতা, শিল্প, সাহিত্য আৰু পৰম্পৰাক বিশ্বব্যাপী মঞ্চত ভাগ-বতৰা কৰিব পাৰি।

লগতে পঢ়ক: ‘বন্ধুসকল সলনি হৈয়েই থাকে কিন্তু…’; মোদী-জিনপিং বৈঠকক লৈ তীক্ষ্ণ সমালোচনা কংগ্ৰেছৰ