ভাৰতত দ্ৰুতগতিত বৃদ্ধি পোৱা শীৰ্ষ ১০ টা চাকৰি...

ভাৰতত দ্ৰুতগতিত বৃদ্ধি পোৱা শীৰ্ষ ১০ টা চাকৰি…

দ্ৰুতগতিত বৃদ্ধি পোৱা শীৰ্ষ ১০ টা চাকৰি ভাৰতত দ্ৰুতগতিত পৰিৱৰ্তিত প্ৰযুক্তিগত পৰিস্থিতিৰ লগে লগে চাকৰিৰ বজাৰখনো অহৰহ বিকশিত হৈ আছে । বহুতো নতুন চাকৰি আহি আছে, আনহাতে কিছুমান পুৰণি চাকৰি ক্ৰমান্বয়ে কমি আহিছে । কৃত্ৰিম বুদ্ধিমত্তা আৰু চাকৰিৰ পৰা বৰ্খাস্ত কৰা দুটা ধাৰা যিয়ে চাকৰিৰ

দ্ৰুতগতিত বৃদ্ধি পোৱা শীৰ্ষ ১০ টা চাকৰি

ভাৰতত দ্ৰুতগতিত পৰিৱৰ্তিত প্ৰযুক্তিগত পৰিস্থিতিৰ লগে লগে চাকৰিৰ বজাৰখনো অহৰহ বিকশিত হৈ আছে । বহুতো নতুন চাকৰি আহি আছে, আনহাতে কিছুমান পুৰণি চাকৰি ক্ৰমান্বয়ে কমি আহিছে । কৃত্ৰিম বুদ্ধিমত্তা আৰু চাকৰিৰ পৰা বৰ্খাস্ত কৰা দুটা ধাৰা যিয়ে চাকৰিৰ বজাৰখনক গঢ় দি থাকিব । এই প্ৰতিবেদনত এনে চাকৰিৰ তালিকা দিয়া হৈছে যাৰ চাহিদা যোৱা তিনি বছৰত বৃদ্ধি পাইছে । লিংকডইনৰ শেহতীয়া প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে । জানক দ্ৰুতগতিত বৃদ্ধি পোৱা শীৰ্ষ ১০ টা চাকৰিৰ বিষয়ে ।

এয়াৰক্রাফ্ট মেইণ্টেইনেন্স ইঞ্জিনীয়াৰ

এই পদৰ বাবে কৰ্মচাৰীজনৰ বিমান পৰিদৰ্শন, মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ জ্ঞান আৰু দক্ষতা থাকিব লাগিব । এনে ভূমিকাৰ বাবে সাধাৰণ উদ্যোগসমূহ হ’ল বিমান সংস্থা আৰু বিমান পৰিবহণ, পৰিবহণ সঁজুলি নিৰ্মাণ, আৰু যন্ত্ৰপাতি নিৰ্মাণ ।

ৰবটিক্স টেকনিচিয়ান-

এই ধৰণৰ কাৰিকৰী বিদ্যাধাৰীসকলে ৰবটিক ব্যৱস্থা আৰু সঁজুলি নিৰ্মাণ, একত্ৰিত, পৰীক্ষা আৰু ৰক্ষণাবেক্ষণত সহায় কৰে । প্ৰাৰ্থীসকলৰ Arduino IDE, Internet of Things (IoT) আৰু Python ৰ জ্ঞান থাকিব লাগে ।

ক্লজিং মেনেজাৰ-

এই মেনেজাৰসকলৰ কাম হ’ল ৰিয়েল এষ্টেট প্ৰজেক্টৰ প্ৰতি আগ্ৰহী ক্লায়েণ্টসকলৰ যত্ন লোৱা । প্ৰতিবেদন অনুসৰি তেওঁলোকৰ কামৰ ভিতৰত আছে ছাইট ভিজিট, ফ’ল’-আপ, নথিপত্ৰ আৰু চুক্তি চূড়ান্ত কৰা ।

BIM টেকনিচিয়ান-

বিল্ডিং ইনফৰ্মেশ্যন মডেলিং (BIM) টেকনিচিয়ান হৈছে এনে লোক যিয়ে এটা বিল্ডিং নিৰ্মাণৰ পূৰ্বে কম্পিউটাৰত ডিজিটেল মডেল তৈয়াৰ কৰে । এই মডেলটো দেখাত প্ৰকৃত অট্টালিকাৰ দৰেই, কিন্তু ই কম্পিউটাৰত থাকে ।

চাচটেইনিবিলিটি মেনেজাৰ-

বহনক্ষমতা বিশ্লেষক বা পৰিচালক হ’ল এনে লোক যিয়ে কোম্পানীসমূহক কয় যে তেওঁলোকে কেনেকৈ পৰিৱেশৰ কম ক্ষতি কৰিব পাৰে আৰু তেওঁলোকৰ কোম্পানীক অধিক বহনক্ষম কৰি তুলিব পাৰে । এই লোকসকলে কোম্পানীটোৰ কাম-কাজৰ সৈতে জড়িত সকলো তথ্য সংগ্ৰহ কৰি বিশ্লেষণ কৰে ।

বিহেভিয়াৰেল থেৰাপিষ্ট-

যিসকল লোকে নিজৰ আচৰণ নিয়ন্ত্ৰণ কৰিবলৈ অসুবিধা পায় তেওঁলোকক সহায় কৰে এই সকল বিশেষজ্ঞই । তেওঁলোকে এই লোকসকলৰ লগত বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰে আৰু তেওঁলোকক সহায় আগবঢ়ায় ।

ভ্ৰমণ বিশেষজ্ঞ

ভ্ৰমণ বিশেষজ্ঞ হ’ল আপোনাৰ যাত্ৰাৰ সম্পূৰ্ণ পৰিকল্পনা কৰা লোক । ধৰি লওক আপুনি ক’ৰবালৈ যাব বিচাৰে, তেতিয়া এই সকলে আপোনাৰ বাবে সকলো ব্যৱস্থা কৰে ।

মেকানিকেল ইঞ্জিনিয়াৰ-

এই লোকসকলে এনেকুৱা সামগ্ৰী নিৰ্মাণ কৰে আৰু পৰীক্ষা কৰে যিবোৰে আমাৰ জীৱনটো সহজ কৰি তোলে । তেওঁলোকে এয়াৰ কণ্ডিচনাৰ, ইলেক্ট্ৰিক জেনেৰেটৰ, বাহন আৰু লিফ্টকে ধৰি বিভিন্ন যন্ত্ৰ আৰু ব্যৱস্থাৰ ডিজাইন, বিকাশ আৰু পৰীক্ষা কৰে ।

ফউড এণ্ড বেভাৰেজ মেনেজাৰ-

এই ধৰণৰ মেনেজাৰে যিকোনো হোটেল বা ৰেষ্টুৰেণ্টত খাদ্য আৰু পানীয় সেৱাৰ দৈনন্দিন কাম-কাজ চোৱাচিতা কৰে । তেওঁলোকৰ কামৰ ভিতৰত আছে কৰ্মচাৰী ব্যৱস্থাপনা, গুণগত নিয়ন্ত্ৰণ, মেনু প্ৰস্তুত কৰা আৰু গ্ৰাহকক সেৱা আগবঢ়োৱা ।

ইনফ্লুৱেঞ্চাৰ মাৰ্কেটিং মেনেজাৰ-

ছ’চিয়েল মিডিয়াত অতি বিখ্যাত লোক (প্ৰভাৱশালী)ৰ সৈতে কাম কৰি কোনো সামগ্ৰী বা সেৱাৰ প্ৰচাৰ কৰা লোকক ইনফ্লুৱেঞ্চাৰ মাৰ্কেটিং মেনেজাৰ বা বিশেষজ্ঞ বোলা হয় ।

লিংকডইনৰ প্ৰতিবেদন অনুসৰি এইকেইটাই হৈছে ভাৰতত দ্ৰুতগতিত বৃদ্ধি পোৱা শীৰ্ষ ১০ টা চাকৰি ।

লগতে পঢ়ক : AI ৰ বাবে চাকৰিক লৈ চিন্তিত নেকি ? এই চাকৰিবোৰৰ ঠাই ল’ব নোৱাৰে এ আইয়ে !