পশু চিকিৎসক হোৱাৰ মন আছে নেকি? কি পাঠ্যক্ৰম অধ্যয়ন কৰিব ?
পশু চিকিৎসক হোৱাৰ মন আছে নেকি?
যদি আপোনাৰ জীৱ-জন্তুৰ প্ৰতি আকৰ্ষণ আছে আৰু চিকিৎসক হোৱাৰ আকাংক্ষা আছে, তেন্তে পশু চিকিৎসা বিজ্ঞান এটা উৎকৃষ্ট কেৰিয়াৰ বিকল্প হ’ব পাৰে । মানুহৰ চিকিৎসাৰ বাবে যেনেকৈ চিকিৎসকৰ প্ৰয়োজন হয়, জীৱ-জন্তু আৰু চৰাইবোৰো অসুস্থ হৈ পৰে আৰু ইয়াৰ চিকিৎসাৰ বাবে পশু চিকিৎসকৰ প্ৰয়োজন হয় । এই ক্ষেত্ৰখনে কেৱল সমাজ সেৱাৰ সুযোগ প্ৰদান কৰাই নহয়, ভাল উপাৰ্জনৰ সুবিধাও প্ৰদান কৰে । বিশেষ কথাটো হ’ল NEET পৰীক্ষাৰ বাহিৰেও ইয়াৰ বাবে বহু পথ আছে ।
কি কি পাঠ্যক্ৰম অধ্যয়ন কৰিব ?
পশু চিকিৎসক হ’বলৈ হ’লে প্ৰথমে স্নাতক পৰ্যায়ত অধ্যয়ন কৰিব লাগিব । দেশজুৰি মুঠ পশু চিকিৎসা পাঠ্যক্ৰমৰ ১৫% আসনত নামভৰ্তি NEET-UG পৰীক্ষাৰ জৰিয়তে হয় । প্ৰাৰ্থীসকলে পশু চিকিৎসা বিজ্ঞান আৰু পশুপালনৰ স্নাতক (B.V.Sc. & A.H.) পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে । এই পাঠ্যক্ৰম ৫.৫ বছৰীয়া, য’ত বাধ্যতামূলক এবছৰীয়া ইন্টাৰশ্বিপো অন্তৰ্ভুক্ত আছে ।
নামভৰ্তিৰ যোগ্যতা-
এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আপুনি পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞানক বিষয় হিচাপে লৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব আৰু কমেও ৫০% নম্বৰ লাভ কৰিব লাগিব ।
পশু চিকিৎসা বিজ্ঞানৰ কিছুমান প্ৰধান পাঠ্যক্ৰম :
B.V.Sc. & A.H. ৫ বছৰ (১ বছৰৰ ইন্টাৰ্ণশ্বিপকে ধৰি)
M.V.Sc.(২ বছৰৰ স্নাতকোত্তৰ পাঠ্যক্ৰম)
ডিপ্লমা ইন ভেটেৰেনেৰী ফাৰ্মাচী(২ বছৰ), য’ত ব্যৱহাৰিক দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়
উল্লেখ্য যে, এইসমূহ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত চৰকাৰী খণ্ডৰ লগতে ব্যক্তিগত খণ্ডতো নিযুক্তিৰ সুবিধা পোৱা যায় । লগতে নিজাববীয়াকৈয়ো এই সেৱা আগবঢ়াব পাৰি ।
লগতে পঢ়ক : প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কেনেকৈ গঢ়ি তুলিব আত্ম-অনুশাসন ?



