‘প্ৰতিজন সন্ত্ৰাসবাদীক বিচাৰি বিচাৰি নিধন কৰিম, কাকো ৰেহাই দিয়া নহ’ব’; পাকিস্তানক হুংকাৰ অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পাকিস্তানক সকীয়াই দি কৈছে যে, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে মোডী চৰকাৰৰ শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা হ’ব’। ‘ আমি পহলগাম আক্ৰমণৰ লগত জড়িত প্ৰতিজন সন্ত্ৰাসবাদীক হত্যা কৰিম।চৰকাৰে কাকো ৰেহাই নিদিয়ে’। দিল্লীৰ পৰাই পাকিস্তানক হুংকাৰ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ‘কাপুৰুষ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পাকিস্তানক সকীয়াই দি কৈছে যে, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে মোডী চৰকাৰৰ শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা হ’ব’।

‘ আমি পহলগাম আক্ৰমণৰ লগত জড়িত প্ৰতিজন সন্ত্ৰাসবাদীক হত্যা কৰিম।চৰকাৰে কাকো ৰেহাই নিদিয়ে’।

দিল্লীৰ পৰাই পাকিস্তানক হুংকাৰ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ‘কাপুৰুষ পাকিস্তানিক মাটিৰ পৰা উভালি পেলোৱা হ’ব। সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়াৰ বাবে পাকিস্তানে এতিয়া শাস্তি ভুগিব লাগিব’।

তেওঁ লগতে কয় যে, ‘পেহেলগামত সন্ত্ৰাসবাদৰ বলি হোৱা আমাৰ ভাই-ভনীসকললৈ শ্ৰদ্ধাঞ্জলি।তেওঁলোকৰ পৰিয়ালক ক’ব বিচাৰিছো যে এই দুখ কেৱল তেওঁলোকৰ নহয় সমগ্ৰ দেশৰ দুখ’।

‘আমি সমগ্ৰ দেশক ক’ব বিচাৰো যে দেশৰ প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি মানি চলে।যদি পেহেলগাম আক্ৰমণৰ পিছত তেওঁলোকে ভাবে যে এইটোৱেই তেওঁলোকৰ জয়’।

‘তেনেহলে, আপোনালোকে ভুল বুজিছে।মোদী চৰকাৰে কাকো ৰেহাই নিদিয়ে ।সন্ত্ৰাসবিৰোধী এই যুঁজত সমগ্ৰ বিশ্ব আমাৰ লগত আছে।যেতিয়ালৈকে সন্ত্ৰাসবাদ শেষ নহয় তেতিয়ালৈকে আমাৰ যুঁজ চলিয়েই থাকিব’।

শেহতীয়া প্ৰৱন্ধসমূহ