পঞ্জাব কিংছে গ্লেন মেক্সৱেলৰ ঠাইত ল’ব নেকি এইজন অল-ৰাউণ্ডাৰক ? বেট আৰু বলেৰে নিগৰাই জুই

পাঞ্জাব কিংছে আই পি এল ২০২৫ৰ মাজভাগতে এক ডাঙৰ আঘাত পাইছিল, যেতিয়া তাৰকা অল-ৰাউণ্ডাৰ গ্লেন মেক্সৱেলক আঙুলি ভাঙি যোৱাৰ বাবে ছিজনৰ বাকী খেলৰ পৰা বাদ দিয়া হৈছিল। আই পি এল ২০২৫ৰ মেগা নিলামত পঞ্জাৱ কিংছে তেওঁক মুঠ ৪.২ কোটি টকাত ক্ৰয় কৰিছিল।তেওঁৰ সলনি পঞ্জাবে এতিয়াও

পাঞ্জাব কিংছে আই পি এল ২০২৫ৰ মাজভাগতে এক ডাঙৰ আঘাত পাইছিল, যেতিয়া তাৰকা অল-ৰাউণ্ডাৰ গ্লেন মেক্সৱেলক আঙুলি ভাঙি যোৱাৰ বাবে ছিজনৰ বাকী খেলৰ পৰা বাদ দিয়া হৈছিল।

আই পি এল ২০২৫ৰ মেগা নিলামত পঞ্জাৱ কিংছে তেওঁক মুঠ ৪.২ কোটি টকাত ক্ৰয় কৰিছিল।তেওঁৰ সলনি পঞ্জাবে এতিয়াও কোনো খেলুৱৈৰ নাম ঘোষণা কৰা নাই।

এনে পৰিস্থিতিত পঞ্জাৱ দলে ছিজনৰ মাজভাগত দলত গুলবাদিন নাইবক প্ৰৱেশ কৰাব পাৰে।বৰ্তমান তেওঁ পাকিস্তান ছুপাৰ লীগতো খেলা নাই।

আই পি এল ২০২৫ৰ মেগা নিলামত বিক্ৰী নোহোৱাকৈ থাকিল আফগানিস্তানৰ গুলবাদিন নাইব।কোনো দলে তেওঁক ল’বৰ বাবে কোনো আগ্ৰহৰ প্ৰস্তাৱ দিয়া নাছিল,আনহাতে তেওঁৰ ভিত্তি মূল্য আছিল এক কোটি টকা।

আই পি এলৰ শেষ ছিজনত তেওঁ দিল্লী কেপিটেলছ দলৰ অংশ আছিল, তাৰ পিছত তেওঁ মুঠ দুখন মেচ খেলিছিল।

গুলবাদিন নাইব উৎকৃষ্ট বেটিং আৰু চমৎকাৰ বলিঙত যথেষ্ট ভাল । যিকোনো বলিং আক্ৰমণক শেষ কৰাৰ ক্ষমতা তেওঁৰ আছে।

এই পৰ্যন্ত তেওঁ ৭৫ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত মুঠ ৯৪৫ ৰান সংগ্ৰহ কৰিছে।তেওঁ পঞ্জাৱ কিংছৰ বাবে উপযোগী বুলি প্ৰমাণ হ’ব পাৰে।

শেহতীয়া প্ৰৱন্ধসমূহ