দেশৰ বাবে শ্বহীদ হ'ল বি এছ এফ বিষয়া মহম্মদ ইমতিয়াজ

সীমান্তত অব্যাহত গুলীচালনাঃ দেশৰ বাবে শ্বহীদ হ’ল বি এছ এফ বিষয়া মহম্মদ ইমতিয়াজ

শনিবাৰে জম্মুৰ আৰ এছ পুৰা খণ্ডত পাকিস্তানে কৰা প্ৰচণ্ড গোলাবৰ্ষণত সীমান্ত সুৰক্ষা বাহিনী তথা বি এছ এফৰ ৮ জন জোৱান আহত হয় । ইয়াৰে এজন উপ-পৰিদৰ্শক মহম্মদ ইমতিয়াজ শ্বহীদ হৈছে । আন সাতজন জোৱানৰ চিকিৎসা এতিয়াও চলি আছে । মহম্মদ ইমতিয়াজক প্ৰণাম জনাই বি এছ

শনিবাৰে জম্মুৰ আৰ এছ পুৰা খণ্ডত পাকিস্তানে কৰা প্ৰচণ্ড গোলাবৰ্ষণত সীমান্ত সুৰক্ষা বাহিনী তথা বি এছ এফৰ ৮ জন জোৱান আহত হয় । ইয়াৰে এজন উপ-পৰিদৰ্শক মহম্মদ ইমতিয়াজ শ্বহীদ হৈছে । আন সাতজন জোৱানৰ চিকিৎসা এতিয়াও চলি আছে । মহম্মদ ইমতিয়াজক প্ৰণাম জনাই বি এছ এফে কয় যে সীমান্ত চকী নেতৃত্ব দিয়াৰ সময়ত তেওঁ সন্মুখৰ পৰা সাহসেৰে নেতৃত্ব দিছিল । DG BSF আৰু সকলো ৰেংকে শ্বহীদগৰাকীৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । দেওবাৰে ​​ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় জম্মুত শ্বহীদগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব ।

পাকিস্তানৰ কাপুৰুষালি-

উল্লেখ্য যে, সীমান্তৰ সিপাৰে অব্যাহত আছে পাকিস্তানৰ কাপুৰুষালি । এইবাৰ পাকিস্তানে অন্যধৰণে কাপুৰুষোচিত আক্ৰমণ আৰম্ভ কৰিছে । ইয়াৰ পূৰ্বে পাকিস্তানৰ আক্ৰমণ সীমান্ত অঞ্চলত সীমাবদ্ধ আছিল যদিও এইবাৰ চহৰৰ আৱাসিক অঞ্চলত অধিক গুৰুত্ব দিছে । ব্ৰিগেডিয়াৰ হৰচৰণ সিঙে (অৱসৰপ্ৰাপ্ত) কয় যে যুদ্ধৰ এই পৰিৱৰ্তনে পাকিস্তানৰ হতাশাৰ পৰিচয় দিয়ে ।

শনিবাৰে বিয়লি ভাৰতৰ সন্মুখত তিষ্ঠিব নোৱাৰি পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মত হৈছিল যদিও এই সিদ্ধান্তৰ চাৰি ঘন্টা পাৰ নহৌতেই পুনৰ যুদ্ধবিৰতি উলংঘা কৰে দেশখনে । যুদ্ধবিৰতি উলংঘা কৰি বৰ্তমান পাকিস্তানে কেইবাটাও প্ৰান্তত পুনৰ গোলাবৰ্ষণ কৰাৰ লগতে ড্ৰোন আক্ৰমণ চলাইছে । ইতিমধ্যে ভাৰতীয় সেনাবাহিনীয়েও পাকিস্তানৰ এই আক্ৰমণৰ উচুত প্ৰত্যুত্তৰ দিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ