ব্ৰাজিল

ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বোলছনাৰোক ২৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি…

ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বোলছনাৰোক ২৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি ব্ৰাজিলৰ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে জেইৰ বোলছনাৰোক ২০২২ চনৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত ক্ষমতাত থাকিবলৈ অভ্যুত্থানৰ চেষ্টা কৰাৰ বাবে দোষী সাব্যস্ত হয়। আদালতৰ পাঁচজন ন্যায়াধীশৰ ভিতৰত চাৰিজনে তেওঁক ৫টা অপৰাধত দোষী সাব্যস্ত কৰে আৰু ২৭ বছৰ ৩ মাহৰ

ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বোলছনাৰোক ২৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি

ব্ৰাজিলৰ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে জেইৰ বোলছনাৰোক ২০২২ চনৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত ক্ষমতাত থাকিবলৈ অভ্যুত্থানৰ চেষ্টা কৰাৰ বাবে দোষী সাব্যস্ত হয়।

আদালতৰ পাঁচজন ন্যায়াধীশৰ ভিতৰত চাৰিজনে তেওঁক ৫টা অপৰাধত দোষী সাব্যস্ত কৰে আৰু ২৭ বছৰ ৩ মাহৰ কাৰাদণ্ড বিহা হয়।

ব্ৰাজিলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে যেতিয়া এজন প্ৰাক্তন ৰাষ্ট্ৰপতিক অভ্যুত্থান চলোৱাৰ দোষী সাব্যস্ত কৰা হৈছে।

বোলছোনাৰো,যি বৰ্তমান ব্ৰাজিলিয়াত গৃহবন্দী হৈ আছে,তেওঁ এই অভিযোগসমূহ সদায় অস্বীকাৰ কৰি আহিছে।এই সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰাৰ অধিকাৰ তেওঁৰ আছে।

আদালতৰ সিদ্ধান্ত প্ৰকাশ কৰিবলৈ ৬০ দিনৰ সময় আছে,ইয়াৰ পিছত বোলছোনাৰোৰ অধিবক্তাই ৫ দিনৰ ভিতৰত স্পষ্টীকৰণৰ বাবে আবেদন দাখিল কৰিব পাৰিব।

বোলছনাৰোক শাস্তি প্ৰদান কৰি ন্যায়াধীশ কাৰ্মেন লুচিয়াই কয়,’প্ৰমাণৰ সৈতে স্পষ্ট যে বোলছনাৰোৱে ক্ষমতা দখল বা ধৰি ৰাখিবলৈ সকলো সম্ভৱ কৰিছিল।তেওঁ আছিল এটা সংগঠিত গেঙৰ নেতা।’

লগতে পঢ়ক: ট্ৰাম্পৰ ঘনিষ্ঠ সহায়ক চাৰ্লি কাৰ্কক গুলীয়াই হত্যা; ভাষণ দি থকা অৱস্থাতে গুলীচালনা দুৰ্বৃত্তৰ

শেহতীয়া প্ৰৱন্ধসমূহ