এতিয়ালৈকে বনজুইত ২৪ জন লোকৰ মৃত্যু, তীব্ৰতৰ হৈ পৰিছে জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টা

এতিয়ালৈকে বনজুইত ২৪ জন লোকৰ মৃত্যু, তীব্ৰতৰ হৈ পৰিছে জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টা

আমেৰিকাৰ পশ্চিম উপকূলীয় লছ এঞ্জেলছ অঞ্চলত সংঘটিত হোৱা বিধ্বংসী বনজুইত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি হোৱাৰ লগতে হাজাৰ হাজাৰ ঘৰ ধ্বংস হৈছে । বতৰ বিজ্ঞানীসকলে এই সপ্তাহত বতাহ তীব্ৰতৰ হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে

আমেৰিকাৰ পশ্চিম উপকূলীয় লছ এঞ্জেলছ অঞ্চলত সংঘটিত হোৱা বিধ্বংসী বনজুইত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি হোৱাৰ লগতে হাজাৰ হাজাৰ ঘৰ ধ্বংস হৈছে । বতৰ বিজ্ঞানীসকলে এই সপ্তাহত বতাহ তীব্ৰতৰ হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে । বিষয়াসকলে জনোৱা মতে, কমেও ১৬ জন লোক নিৰুদ্দেশ হৈছে আৰু এই সংখ্যা বৃদ্ধি পাব পাৰে ।

জানক এতিয়ালৈকে কি হৈছে…

-বুধবাৰৰ ভিতৰত ভয়াৱহ অগ্নিকাণ্ডৰ পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই উচ্চ শ্ৰেণীৰ সতৰ্কবাণী জাৰি কৰিছে ।

-ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই এই অঞ্চলত ঘণ্টাত ৮০ মাইল পৰ্যন্ত বতাহৰ ভৱিষ্যদ্বাণী কৰিছে ।

-পাহাৰীয়া অঞ্চলত বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত ১১৩ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে ।

-এই বনজুইত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি ।

-পালিছাডেছ অঞ্চলত সংঘটিত অগ্নিকাণ্ডৰ ফলত ৮ জন লোকে প্ৰাণ হেৰুৱাইছে ।

-একেদৰে ইটন অঞ্চলত অগ্নিকাণ্ডৰ ফলত ১৬ জন লোকৰ মৃত্যু হৈছে ।

-মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে বিষয়াসকলে ।

-নিৰুদ্দেশ হোৱা লোকৰ তথ্য পঞ্জীয়ন কৰিব পৰাকৈ এটা কেন্দ্ৰ স্থাপন কৰা হৈছে ।

-অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত বা ধ্বংস হোৱা ঘৰৰ অনলাইন তালিকা প্ৰস্তুত কৰি আছে বিষয়াসকলে ।

-জো বাইডেনে সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়াৰ বিপৰীতে ড’নাল্ড ট্ৰাম্পে প্ৰশাসনক বিলম্ব কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

জুই আৰু অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা-

বতৰ বিজ্ঞানী ৰিচ থম্পছনে কয় যে মঙলবাৰে অগ্নিকাণ্ড অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে । লছ এঞ্জেলছ কাউন্টিৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী এণ্টনি চি মেৰনে কয় যে অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টা ক্ষিপ্ৰ কৰিবলৈ অতিৰিক্ত ৭০খন পানীৰ টেংকাৰ আহিছে ।

আৰু বহু লোক নিৰুদ্দেশ হোৱাৰ সম্ভাৱনা আছে-

লছ এঞ্জেলছ কাউন্টিৰ শ্বেৰিফ ৰবাৰ্ট লুনাই জনোৱা মতে, ইটন অঞ্চলত সংঘটিত হোৱা অগ্নিকাণ্ডত ১২ জন আৰু পেলিছেডছত চাৰিজন নিৰুদ্দেশ হোৱাৰ বাতৰি পোৱা গৈছে । লুনাই কয় যে দেওবাৰে পুৱা আৰু কেইবাজনো লোক নিৰুদ্দেশ হোৱাৰ সম্ভাৱনা আছে আৰু কৰ্তৃপক্ষই নিৰ্ণয় কৰিবলৈ চেষ্টা কৰি আছে যে এতিয়ালৈকে মৃত্যু হোৱা লোকসকলৰ ভিতৰত কিমানজন নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে ।

শেহতীয়া প্ৰৱন্ধসমূহ