শ্বেখ হাছিনা

বিপদ বাঢ়িছে শ্বেখ হাছিনাৰ; মানৱতাৰ বিৰুদ্ধে অপৰাধ গোচৰত ফ্ৰেমৱৰ্ক কৰা অভিযোগ

শ্বেখ হাছিনাৰ বাঢ়িছে বিপদ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিপদ শেষ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই।ইটোৰ পিছত সিটোকৈ তেওঁ ধাৰাবাহিকভাৱে বিপদৰ সন্মুখীন হৈ আহিছে। এতিয়া আন এটা গোচৰত বিচাৰৰ সন্মুখীন হ’ব লাগিব প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনা।তেওঁৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ উত্থাপন কৰা হৈছে। কোৱা

শ্বেখ হাছিনাৰ বাঢ়িছে বিপদ

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিপদ শেষ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই।ইটোৰ পিছত সিটোকৈ তেওঁ ধাৰাবাহিকভাৱে বিপদৰ সন্মুখীন হৈ আহিছে।

এতিয়া আন এটা গোচৰত বিচাৰৰ সন্মুখীন হ’ব লাগিব প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনা।তেওঁৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ উত্থাপন কৰা হৈছে।

কোৱা হৈছে যে শ্বেখ হাছিনাৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধকে ধৰি ৫টা গোচৰত ঢাকাৰ আদালতত আনুষ্ঠানিক অভিযোগনামা দাখিল কৰা হৈছে।

২০২৪ চনৰ জুলাই–আগষ্ট মাহত হোৱা হিংসাত্মক পৰিস্থিতিৰ সময়ত প্ৰায় ১৪০০ জন সাধাৰণ নাগৰিকৰ মৃত্যুৰ বাবে ইয়াতহাছিনাক দোষাৰোপ কৰা হৈছে।এই হিংসাত নিহতসকলৰ অধিকাংশই আছিল ছাত্ৰ।

হাছিনাৰ লগতে আৰু দুজন অভিযুক্ত

ন্যায়াধিকৰণে শ্বেখ হাছিনা, প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান আৰু প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক আব্দুল্লা আল মামুনৰ বিৰুদ্ধে গোচৰ চলাবলৈ নিৰ্দেশ দিছে।

তেওঁলোক তিনিওজনৰ বিৰুদ্ধে বিগত বৰ্ষৰ জুলাই-আগষ্ট মাহত ছাত্ৰ-ছাত্ৰী নেতৃত্বাধীন প্ৰতিবাদ দমন কৰাৰ অভিযোগ উত্থাপন হৈছে, তেওঁৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ উত্থাপন হৈছে।

অৱশ্যে হাছিনা আৰু আছাদুজ্জামান খান শুনানিৰ বাবে বাংলাদেশত নাই তেওঁলোক।ইফালে আব্দুল্লা আল মামুন জেলত আছে আৰু তেওঁৰ বিৰুদ্ধে থকা অভিযোগ মানি লৈছে।

লগতে পঢ়ক: বিহাৰত অব্যাহত থাকিব ভোটাৰ তালিকাৰ পুনৰীক্ষণ; নিৰ্বাচন আয়োগৰ কাৰ্য্যবিধি স্থগিত ৰাখিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ