ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তাৱ সংসদত বিফল, ভোটদান বৰ্জন কৰে শাসকীয় দলে

দক্ষিণ কোৰিয়াৰ সংসদত শনিবাৰে ৰাষ্ট্ৰপতি ইউন ছুক-ইয়লৰ বিৰুদ্ধে মহাভিযোগ দাখিলৰ প্ৰস্তাৱ ব্যৰ্থ হয় । শাসকীয় পিপলছ পাৱাৰ পাৰ্টিৰ ভোট বৰ্জনৰ বাবে এই প্ৰস্তাৱ ব্যৰ্থ হয় । এক আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰিছে এই তথ্য । ইয়াৰ পূৰ্বে আজি সংসদে ৰাষ্ট্ৰপতি ইউন চুক-ইয়লৰ পত্নী কিম কিয়ন-হিৰ

দক্ষিণ কোৰিয়াৰ সংসদত শনিবাৰে ৰাষ্ট্ৰপতি ইউন ছুক-ইয়লৰ বিৰুদ্ধে মহাভিযোগ দাখিলৰ প্ৰস্তাৱ ব্যৰ্থ হয় । শাসকীয় পিপলছ পাৱাৰ পাৰ্টিৰ ভোট বৰ্জনৰ বাবে এই প্ৰস্তাৱ ব্যৰ্থ হয় । এক আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰিছে এই তথ্য ।

ইয়াৰ পূৰ্বে আজি সংসদে ৰাষ্ট্ৰপতি ইউন চুক-ইয়লৰ পত্নী কিম কিয়ন-হিৰ বিৰুদ্ধে বিশেষ তদন্ত আৰম্ভ কৰাৰ দাবীত আন এক প্ৰস্তাৱ ব্যৰ্থ কৰে । বিৰোধী দলসমূহে এই প্ৰস্তাৱ উত্থাপন কৰিছিল কাৰণ কিয়ন-হিৰ বিৰুদ্ধে দুৰ্নীতি আৰু ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছিল । বিৰোধী দলসমূহে এই অভিযোগসমূহৰ তদন্তৰ বাবে বিশেষ তদন্ত আয়োগ গঠন কৰাটো বিচাৰিছিল ।

কিম কিয়ন হি কোন-

কিয়ন-হিৰ নাম পূৰ্বে ম্যুং-চিন আছিল । কিন্তু পৰৱৰ্তী সময়ত তেওঁ নিজৰ নাম সলনি কৰি কিম কিয়ন কৰি লয় । তেওঁ ২০২২ চনত দক্ষিণ কোৰিয়াৰ ফাৰ্ষ্ট লেডী । অৱশ্যে তেওঁ ৰাজহুৱাভাৱে উল্লেখ কৰিছে যে তেওঁ ‘ৰাষ্ট্ৰপতিৰ পত্নী’ হিচাপে পৰিচিত হ’ব বিচাৰে । কিয়ন হি কলা প্ৰদৰ্শনী কোম্পানী ক’নাৱা কন্টেন্টছৰ মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) ।

বিশেষকৈ তেওঁৰ শৈক্ষিক অৰ্হতাৰ সন্দৰ্ভত স্বামী চুক-ইয়লৰ ৰাষ্ট্ৰপতিত্বৰ সময়ছোৱাত কিয়ন হিয়ে বিতৰ্কৰ সৃষ্টি কৰিছিল । ২০২১ চনত তেওঁৰ বিৰুদ্ধে নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ ষ্টাৰন স্কুল অৱ বিজনেছৰ সৈতে সম্পৰ্ক অতিৰঞ্জিত কৰাৰ অভিযোগ উত্থাপন হৈছিল । পিছত ৰাজহুৱাভাৱে ক্ষমা খুজি তেওঁ কয় যে তেওঁ এতিয়া কেৱল ৰাষ্ট্ৰপতিৰ পত্নী হিচাপে নিজৰ দায়িত্বতহে গুৰুত্ব দিব ।

শেহতীয়া প্ৰৱন্ধসমূহ