দক্ষিণ কোৰিয়াত বৰষুণৰ বিধ্বংসী ৰূপ… উটি গ’ল হাজাৰ হাজাৰ বাহন, ১৮ জনৰ মৃত্যু

দক্ষিণ কোৰিয়াত বানৰ বিধ্বংসী ৰূপ

এইবাৰ বৰষুণে দক্ষিণ কোৰিয়াত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । সোমবাৰে দেশখনৰ আভ্যন্তৰীণ আৰু সুৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰচণ্ড বৰষুণৰ বাবে হোৱা বানপানী আৰু ভূমিস্খলনৰ ফলত কমেও ১৮ জন লোকৰ মৃত্যু হৈছে । অৱশ্যে সোমবাৰে দক্ষিণ কোৰিয়াত ধাৰাসাৰ বৰষুণৰ পৰা কিছু সকাহ পোৱা গৈছে । দেওবাৰে সন্ধিয়ালৈকে ৯জন লোক নিৰুদ্দেশ হোৱাৰ লগতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ বাসিন্দাসকলে দিগবিদিগ হেৰুৱাইছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে ।

ৰাজধানী ছিউলৰ পৰা প্ৰায় ৬২ কিলোমিটাৰ উত্তৰ-পূবে অৱস্থিত গাপিয়ঙৰ একাংশ বাসিন্দাই দেওবাৰে মাত্ৰ ১৭ ঘণ্টাৰ ভিতৰতে ১৭৩ মিলিমিটাৰ (৬.৮ ইঞ্চি) বৰষুণৰ পিছত হোৱা বানপানীৰ পৰা ৰক্ষা পাবলৈ নিৰাপদ স্থানলৈ স্থানান্তৰিত হয় । ১৯৯৮ চনৰ ৩০ ছেপ্টেম্বৰত সৰ্বাধিক বৰষুণৰ ৰেকৰ্ড ভংগ কৰি এদিনতে অভিলেখ সৃষ্টি কৰা বৰষুণ হোৱা ঠাইসমূহৰ ভিতৰত অন্যতম হৈছে গাপিয়েং ।

মন্ত্ৰালয়ে জনোৱা মতে, দেওবাৰলৈকে গাপিয়ঙৰ আশে-পাশে ভূমিস্খলনৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে চাৰিজন লোক নিৰুদ্দেশ হোৱাৰ লগতে বানপানীয়ে বাহনসমূহ উটুৱাই লৈ গৈছে । বৰষুণৰ পিছত বানপানীয়ে ইয়াত বসবাস কৰা লোকসকলৰ সকলো ধ্বংস কৰি পেলাইছে আৰু এতিয়া তেওঁলোকে নিজৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে ।

গৃহ মন্ত্ৰ্যালয়ে জনোৱা মতে, দেশখনত হোৱা বৰষুণৰ ফলত ১,৯৯৯টা ৰাজহুৱা গাথঁনি আৰু পামকে ধৰি ২,২৩৮টা ব্যক্তিগত সা-সুবিধা ক্ষতিগ্ৰস্ত হৈছে । যদিও বৰষুণ কমিছে, তথাপিও ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান সংস্থাই এতিয়া দেশজুৰি গ্ৰীষ্ম প্ৰৱাহৰ সতৰ্কবাণী জাৰি কৰিছে ।

লগতে পঢ়ক : পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা; মহাবিদ্যালয়ৰ অট্টালিকাত খুন্দিয়াই জ্বলি উঠিল বায়ুসেনাৰ বিমান

দক্ষিণ কোৰিয়াৰ নৌসেনাৰ বিমান P-3 দুৰ্ঘটনাগ্ৰস্ত…

দক্ষিণ কোৰিয়াৰ নৌসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

বৃহস্পতিবাৰে বিয়লি দক্ষিণ কোৰিয়াৰ প’হাঙত থকা সামৰিক ঘাটিৰ সমীপত নৌসেনাৰ এখন টহলদাৰী বিমান পি-৩ দুৰ্ঘটনাগ্ৰস্ত হয় । বিমানখনত চাৰিজন লোক আছিল, যাৰ বিষয়ে এতিয়াও স্পষ্ট তথ্য লাভ কৰা হোৱা নাই ।

বিমানখনৰ দুৰ্ঘটনা নিশ্চিত কৰি নৌসেনাই কয় যে বৃহস্পতিবাৰে বিয়লি দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন পি-৩ । এই বিমানখন প্ৰশিক্ষণ উৰণত আছিল । ঘটনাস্থলীত উপস্থিত হোৱা বিষয়াসকলে বিমানখন মাটিত খুন্দা মৰাৰ পিছত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে । দক্ষিণ কোৰিয়াৰ সংবাদ সংস্থা য়নহাপৰ মতে, এই দুৰ্ঘটনা স্থানীয় সময় অনুসৰি নিশা ১:৫০ বজাত সংঘটিত হৈছে ।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, পোহাঙৰ সমীপৰ এটা সামৰিক ঘাটিৰ সমীপৰ পাহাৰীয়া অঞ্চলত ধোঁৱাৰ ডাৱৰ ওপৰলৈ উঠি অহা দেখিছিল । ইয়াৰ পিছত সেই স্থানলৈ যোৱাৰ সময়ত তেওঁলোকে দেখিলে যে এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে ।

দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে জৰুৰীকালীন উদ্ধাৰকাৰী দল আৰু অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হয় । জানিব পৰা মতে, বিমানখনে মাটিত খুন্দা মৰাৰ ফলত অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ বাবে কাম কৰি আছে ।

ইফালে দক্ষিণ কোৰিয়াৰ নৌসেনাই এই দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । বিমান দুৰ্ঘটনাৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই । নৌসেনাই এক বিবৃতিত কয় যে তেওঁলোকে বিমানত থকা চাৰিজন লোকৰ অৱস্থাৰ মূল্যায়নৰ লগতে দুৰ্ঘটনাৰ কাৰণ জানিবলৈ কাম কৰি আছে ।

লগতে পঢ়ক : সাধাৰণ নিৰ্বাচনৰ দাবীত বাংলাদেশৰ ৰাজপথত জনতা… অন্তৱৰ্তীকালীন চৰকাৰৰ বিৰুদ্ধে বাঢ়িছে অসন্তুষ্টি

দক্ষিণ কোৰিয়াত বনজুইৰ তাণ্ডৱ… ২৬ জনৰ মৃত্যু, তিনিশৰো অধিক অট্টালিকা ধ্বংস

দক্ষিণ কোৰিয়াৰ দক্ষিণ অঞ্চলত সংঘটিত হোৱা বনজুয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । এই বনজুইত এতিয়ালৈকে ২৬ জন লোকৰ মৃত্যু হৈছে । আনহাতে তিনিশৰো অধিক অট্টালিকা আৰু অন্যান্য গঠন ধ্বংস হৈছে । ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা বনজুইৰ বাবে ২৪ হাজাৰৰো অধিক লোকে নিৰাপদ ঠাই বিচাৰি ঘৰৰ পৰা ওলাই আহিবলগীয়া হৈছে । জানিব পৰা মতে মৃতসকলৰ ভিতৰত এজন পাইলটো আছে । জুই নিয়ন্ত্ৰণৰ প্ৰয়াসত তেওঁৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় । ইয়াৰ উপৰিও প্ৰচণ্ড বতাহৰ ফলত জুইৰ শিখা বৃদ্ধি পোৱাত জুইত আবদ্ধ হৈ চাৰিজন অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীৰ লগতে অন্য শ্ৰমিকৰ মৃত্যু হয় ।

জানিব পৰা মতে, জুই নিৰ্বাপন আৰু উদ্ধাৰৰ বাবে হাজাৰ হাজাৰ জোৱান আৰু হেলিকপ্টাৰ নিয়োগ কৰা হৈছে । কোৰিয়া বন সেৱাৰ মুৰব্বী লিম ছাং-ছেপে কয় যে বৃহস্পতিবাৰে কিছু পৰিমাণে বৰষুণৰ সম্ভাৱনা আছিল যদিও জুই নিৰ্বাপনৰ বাবে সেয়া যথেষ্ট নহয় ।

চৰকাৰী দুৰ্যোগ সঁহাৰি কেন্দ্ৰই জনোৱা মতে, বনজুইৰ ফলত দক্ষিণ-পূবৰ ৩৫,৮১০ হেক্টৰ (৮৮,৪৮৮ একৰ) ভূমি জ্বলি গৈছে । এতিয়ালৈকে দেশৰ ভিতৰতে এইটোৱেই আটাইতকৈ ডাঙৰ বনজুই বুলি অনুমান কৰা হৈছে । এই ঘটনাত আহত হৈছে ৩০ জন লোক । জুই নিয়ন্ত্ৰণৰ বাবে ৯ হাজাৰৰো অধিক লোক আৰু প্ৰায় ১২০খন হেলিকপ্টাৰ সংগঠিত কৰা হৈছে ।

ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হান ডাক-ছুৱে কয় যে ক্ষতিৰ পৰিমাণ বৃদ্ধি পাইছে । এনে লোকচান আমি আগতে কেতিয়াও দেখা নাই । আমি আমাৰ সকলো সামৰ্থ্য জুই নিৰ্বাপনৰ ওপৰত কেন্দ্ৰিত কৰিছো । কোৰিয়া বন সেৱাই বৃদ্ধি কৰিছে অগ্নিকাণ্ডৰ সতৰ্কবাণী । স্থানীয় চৰকাৰসমূহক জৰুৰীকালীন সঁহাৰিৰ বাবে অধিক শ্ৰমিক নিয়োগ কৰিবলৈ কোৱা হৈছে, বনাঞ্চল আৰু উদ্যানসমূহত প্ৰৱেশৰ নিষেধাজ্ঞা কঠোৰ কৰিবলৈ কোৱা হৈছে, আৰু সামৰিক ইউনিটসমূহক লাইভ ফায়াৰ অনুশীলন বন্ধ কৰাৰ পৰামৰ্শ দিয়া হৈছে ।

বুধবাৰে নিশা প্ৰচণ্ড বতাহৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত দক্ষিণ-পূব আন্দোঙৰ দুখন গাঁও খালী কৰাৰ নিৰ্দেশ দিয়ে কৰ্তৃপক্ষই । প্ৰথমে অগ্নিনিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণলৈ আনে । কিন্তু বতাহৰ বাবে পুনৰ জুই জ্বলি উঠিল । বিষয়াসকলে জনোৱা মতে, অগ্নিকাণ্ডত ঘৰ-দুৱাৰ, কাৰখানা, বাহন আৰু কিছুমান ঐতিহাসিক অট্টালিকা ধ্বংস হয় । উইছংৰ গৌনছা মন্দিৰ কমপ্লেক্সৰ ৩০টা অট্টালিকাৰ ভিতৰত প্ৰায় ২০টা অট্টালিকা জ্বলি গৈছে । এইবোৰ আছিল সপ্তম শতিকাৰ অট্টালিকা ।

সামৰিক আইন জাপি দিয়াৰ অভিযোগত ব্যৱস্থা গ্ৰহণ…গ্ৰেপ্তাৰ হ’ল দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক ইয়লক মহাভিযোগৰ পিছত বুধবাৰে (১৫ জানুৱাৰী) আইন প্ৰয়োগকাৰী বিষয়াই গ্ৰেপ্তাৰ কৰে । দেশখনৰ ইতিহাসত এয়া প্ৰথমবাৰৰ বাবে হৈছে যে এজন বৰ্তমানৰ ৰাষ্ট্ৰপতিক জিম্মাত লোৱা হৈছে । তেওঁৰ গ্ৰেপ্তাৰ দক্ষিণ কোৰিয়াৰ ৰাজনীতিত এক অভূতপূৰ্ব ঘটনা আৰু ই দেশখনৰ ৰাজনৈতিক দৃশ্যপটত গভীৰ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ।

ৰাষ্ট্ৰপতি ইউন চুক ইয়লৰ বিৰুদ্ধে দুৰ্নীতি, ক্ষমতাৰ অপব্যৱহাৰ আৰু অন্যান্য অনিয়মকে ধৰি বিভিন্ন অভিযোগ উত্থাপন হৈছিল । সংসদত মহাভিযোগ প্রস্তাৱ গৃহীত হোৱাৰ পাছত আইন-শৃংখলা বাহিনীৰ বিষয়াসকলে ৰাষ্ট্ৰপতিগৰাকীক জিম্মাত লোৱাৰ সিদ্ধান্ত লয় । এই পদক্ষেপে দেশত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰাৰ লগতে জনসাধাৰণৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে ।

সামৰিক আইন জাপি দিয়াৰ চেষ্টা-

দক্ষিণ কোৰিয়াৰ মহাভিযোগ দাখিল হোৱা ৰাষ্ট্ৰপতি ইউন চুক ইয়লে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ আৰু সামৰিক আইন জাপি দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে, যিয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চোকা সমালোচনাৰ সন্মুখীন হৈছিল । মহাভিযোগৰ পিছত দেশখনত অস্থিৰতাৰ পৰিবেশ সৃষ্টি হৈছিল, যিটো এতিয়া তেওঁৰ গ্ৰেপ্তাৰৰ লগে লগে অধিক ভয়াৱহ হৈ পৰিছে ।

নাটকীয় গ্ৰেপ্তাৰৰ ঘটনা-

বুধবাৰে পুৱা এহাজাৰৰো অধিক দুৰ্নীতি বিৰোধী তদন্তকাৰী আৰু আৰক্ষী বিষয়া ইউন চুক ইয়লৰ ঘৰত উপস্থিত হয় । এই সময়ছোৱাত তেওঁৰ ঘৰৰ চাৰিওফালে বেৰিকেড স্থাপন কৰা হৈছিল যাতে আইন প্ৰয়োগকাৰী বিষয়াসকলে ভিতৰলৈ সোমাব নোৱাৰে । অৱশ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁক । এই ঘটনাক দক্ষিণ কোৰিয়াৰ ৰাজনীতিত এক নাটকীয় টাৰ্নিং পইণ্ট হিচাপে দেখা গৈছে ।

আন্তঃৰাষ্ট্ৰীয় সঁহাৰি আৰু ৰাজনৈতিক স্থিতিশীলতা-

ইউন চুক ইয়লক গ্ৰেপ্তাৰ কৰা ঘটনাই আন্তঃৰাষ্ট্ৰীয় সমাজৰ দৃষ্টি আকৰ্ষণ কৰিছে । বহু দেশে এই ঘটনাক দক্ষিণ কোৰিয়াৰ গণতন্ত্ৰৰ পৰীক্ষা হিচাপে দেখিছে । এই গ্ৰেপ্তাৰৰ ফলত দেশৰ ৰাজনৈতিক স্থিতিশীলতাক লৈ প্ৰশ্ন উত্থাপন হৈছে, আৰু ভৱিষ্যতে ইয়াৰ দীৰ্ঘম্যাদী প্ৰভাৱৰ ওপৰত নজৰ ৰখাটো গুৰুত্বপূৰ্ণ হ’ব ।

 ভয়ংকৰ; ৰানৱেতে দাউ দাউ কৈ জ্বলি উঠিল বিমান, ৬২জন যাত্ৰীৰ মৃত্যু

দেওবাৰে দক্ষিণ কোৰিয়াৰ মুয়ান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। অৱতৰণৰ সময়ত ৰানৱেৰ পৰা পিছলি গৈ দুৰ্ঘটনাত পতিত হয় বিমান খন।

জানিব পৰা পৰা ১৮১ জন যাত্ৰী কঢ়িয়াই অনা জেজু এয়াৰ বিমানখন বেংককৰ পৰা আহি আছিল আৰু অৱতৰণ ৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল।অৱতৰণৰ সময়তেই বিমানখন ৰানৱেৰ পৰা পিছলি গৈ ফেন্সিঙত খুন্দা মাৰিছিল।

তাৰ পিছতেই দাউ দাউ জ্বলি উঠিছিল বিমানখন। যাৰ ফলত ৬২ জনকৈ যাত্ৰী থিতাতে নিহয় হয়। বিমানখনত ১৭৫ জন যাত্ৰী আৰু ৬ জন কৰ্মচাৰী আছিল।    

ঘটনাটো স্থানীয় সময় অনুসৰি পুৱা ৯:০৭ বজাত দক্ষিণ-পশ্চিম উপকূলীয় বিমানবন্দৰত সংঘটিত হৈছিল। দক্ষিণ কোৰিয়াৰ কাৰ্যকৰী ৰাষ্ট্ৰপতি চো চুং-মকে সাহায্য আৰু উদ্ধাৰৰ কাম ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে। 

জানিব পৰা মতে লেণ্ডিং গিয়েৰত বিজুতি হোৱাৰ বাবেই, বিমানখন ৰানৱেৰ পৰা পিছলি গৈ দুৰ্ঘটনাত পতিত হয়।

এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে উদ্ধাৰকাৰী দলে কোনো ধৰণৰ পলম নকৰাকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । লগতে বিমানখনত লগা জুই নিৰ্বাপিত কৰাৰ বাবে চেষ্টা কৰে ।মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

পদৰ পৰা অপসাৰিত হ’ল ৰাষ্ট্ৰপতি, সংসদত গৃহীত মহাভিযোগ প্ৰস্তাৱ…

দেশত সামৰিক আইন জাপি দিয়াৰ বিতৰ্কিত প্ৰচেষ্টাক লৈ ৰাজনৈতিক সংকটৰ মাজতে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় সংসদে ৰাষ্ট্ৰপতি ইউন চুক ইয়নক পদৰ পৰা অপসাৰণৰ বাবে শনিবাৰে ভোটদান কৰে । ভোটদানৰ অন্তত বিৰোধী দল ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা পাৰ্ক চান-ডাইয়ে কয় যে আজিৰ মহাভিযোগ ৰাইজৰ বাবে এক বৃহৎ জয় ।

দৰাচলতে দক্ষিণ কোৰিয়াত সামৰিক আইন জাপি দিয়া কাৰ্য আৰু এই সিদ্ধান্ত বাতিলৰ পিছত ৰাষ্ট্ৰপতিগৰাকীয়ে জনসাধাৰণৰ ক্ষোভৰ সন্মুখীন হৈছে । ইতিমধ্যে ব্যাপক ক্ষোভৰ পিছত ৰাষ্ট্ৰপতি ইউন চুক ইয়নৰ চীফ অব ষ্টাফকে ধৰি কেইবাগৰাকীও শীৰ্ষ কেবিনেট সহায়কে পদত্যাগ কৰিছে । ইয়াৰ পিছতে সংসদত ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তাৱ দাখিল কৰা হয় । এই প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত ইয়নক ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ কৰা হয় ।

২০৪ জন সংসদৰ সমৰ্থনত গৃহীত মহাভিযোগ প্ৰস্তাৱটো চিউলৰ সংসদ ভৱনৰ বাহিৰত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী সমবেত হৈ বেনাৰ প্ৰদৰ্শন ইয়লক অপসাৰণৰ দাবীত শ্ল’গান দি থকাৰ সময়তে গৃহীত হয় । ৰাষ্ট্ৰপতিগৰাকী অপসাৰিত হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ লগে লগে উল্লাসিত হৈ পৰে প্ৰতিবাদকাৰীসকল ।

প্ৰধানমন্ত্ৰীয়ে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ ভূমিকা পালন কৰিব-

ইয়ন এই পদৰ পৰা অপসাৰিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী হান ডাক-ছুৱে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ ভূমিকা গ্ৰহণ কৰিব । এতিয়া দক্ষিণ কোৰিয়াৰ সাংবিধানিক আদালতে ইয়নৰ শাস্তি সন্দৰ্ভত আলোচনা কৰি ১৮০ দিনৰ ভিতৰত ৰায়দান কৰিব । যদি আদালতে তেওঁক অপসাৰণৰ সমৰ্থন কৰে তেন্তে ইয়ন দক্ষিণ কোৰিয়াৰ ইতিহাসত দ্বিতীয়জন ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হ’ব যাৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ সফলতাৰে গৃহীত হৈছে । ইয়াৰ লগতে তেওঁক অপসাৰণৰ ৬০ দিনৰ ভিতৰত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰাটো বাধ্যতামূলক ।

সামৰিক আইন সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ত অভিযান, প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰীৰ আত্মহত্যাৰ চেষ্টা…

বুধবাৰে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক ইয়লৰ কাৰ্যালয়ত আৰক্ষীয়ে অভিযান চলায় । দেশখনত সামৰিক আইন জাপি দিয়াৰ তদন্তৰ অংশ হিচাপে এই অভিযান চলোৱা হয় । প্ৰতিবেদন অনুসৰি ছিউল মহানগৰ আৰক্ষী আৰু ৰাষ্ট্ৰীয় সংসদৰ আৰক্ষী গাৰ্ডৰ কাৰ্যালয়তো অভিযান চলোৱা হয় । ইফালে ইয়াৰ মাজতে দক্ষিণ কোৰিয়াৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী কিম ইয়ং হিয়ুনে আত্মহত্যাৰ চেষ্টা চলোৱাৰ বুলি খবৰ প্ৰকাশ পাইছে । অৱশ্যে তেওঁক উদ্ধাৰ কৰা হয় আৰু এতিয়া তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ।

ইয়াৰ পূৰ্বে সামৰিক আইন কাৰ্যকৰী কৰা বিষয়াসকলৰ ওপৰত শাস্তি অব্যাহত আছে । ইয়াৰ অধীনত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় আৰক্ষী সংস্থাৰ আয়ুক্ত জেনেৰেল চ’ জি হো আৰু আৰক্ষী বিষয়া কিম বং ছিকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে । দুয়োকে ছিউলৰ নামদাইমুন থানাত আটক কৰি ৰখা হৈছে ।

ৰাজধানী ছিউলত অৱস্থিত সংসদৰ বাহিৰত বৃহৎ সংখ্যক আৰক্ষী বাহিনী নিয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে দুয়োজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ বিৰুদ্ধে, যিটো সাংসদসকলক ভিতৰলৈ প্ৰৱেশ কৰাত বাধা দিয়াৰ প্ৰয়াস হিচাপে গণ্য কৰা হৈছে । তাৰ পিছত সাংসদৰ এটা বৃহৎ দলে ৰাষ্ট্ৰপতি ইউনে জাপি দিয়া সামৰিক আইন প্ৰত্যাহাৰ কৰিবলৈ সংসদত ভোট দিব বিচাৰিছিল । কিন্তু আৰক্ষী বাহিনী নিয়োগ কৰাৰ বাবে মূল দুৱাৰেদি প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল । পিছত সাংসদসকলে খিৰিকী আৰু অন্যান্য পথেৰে সংসদত প্ৰৱেশ কৰে ।

এই সমগ্ৰ ঘটনাৰ পিছত ৰাষ্ট্ৰপতি ইউনে তেওঁৰ প্ৰতিৰক্ষা মন্ত্ৰী কিম ইয়ং-হিউনৰ পদত্যাগ গ্ৰহণ কৰে । পিছত সামৰিক আইনৰ সিদ্ধান্তত তেওঁৰ ভূমিকাৰ বাবে গ্ৰেপ্তাৰ হয় । স্থানীয় সংবাদ মাধ্যমৰ মতে, কিম ইয়ং-হিউনৰ ওপৰতো ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু বিষয়টোৰ ওপৰত তদন্ত চলি আছে । এই অভিযানত জড়িত তিনিজন জ্যেষ্ঠ সামৰিক বিষয়াকো শুকুৰবাৰে নিলম্বন কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ।

ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগৰ প্ৰস্তাৱ সংসদত বিফল, ভোটদান বৰ্জন কৰে শাসকীয় দলে

দক্ষিণ কোৰিয়াৰ সংসদত শনিবাৰে ৰাষ্ট্ৰপতি ইউন ছুক-ইয়লৰ বিৰুদ্ধে মহাভিযোগ দাখিলৰ প্ৰস্তাৱ ব্যৰ্থ হয় । শাসকীয় পিপলছ পাৱাৰ পাৰ্টিৰ ভোট বৰ্জনৰ বাবে এই প্ৰস্তাৱ ব্যৰ্থ হয় । এক আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰিছে এই তথ্য ।

ইয়াৰ পূৰ্বে আজি সংসদে ৰাষ্ট্ৰপতি ইউন চুক-ইয়লৰ পত্নী কিম কিয়ন-হিৰ বিৰুদ্ধে বিশেষ তদন্ত আৰম্ভ কৰাৰ দাবীত আন এক প্ৰস্তাৱ ব্যৰ্থ কৰে । বিৰোধী দলসমূহে এই প্ৰস্তাৱ উত্থাপন কৰিছিল কাৰণ কিয়ন-হিৰ বিৰুদ্ধে দুৰ্নীতি আৰু ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছিল । বিৰোধী দলসমূহে এই অভিযোগসমূহৰ তদন্তৰ বাবে বিশেষ তদন্ত আয়োগ গঠন কৰাটো বিচাৰিছিল ।

কিম কিয়ন হি কোন-

কিয়ন-হিৰ নাম পূৰ্বে ম্যুং-চিন আছিল । কিন্তু পৰৱৰ্তী সময়ত তেওঁ নিজৰ নাম সলনি কৰি কিম কিয়ন কৰি লয় । তেওঁ ২০২২ চনত দক্ষিণ কোৰিয়াৰ ফাৰ্ষ্ট লেডী । অৱশ্যে তেওঁ ৰাজহুৱাভাৱে উল্লেখ কৰিছে যে তেওঁ ‘ৰাষ্ট্ৰপতিৰ পত্নী’ হিচাপে পৰিচিত হ’ব বিচাৰে । কিয়ন হি কলা প্ৰদৰ্শনী কোম্পানী ক’নাৱা কন্টেন্টছৰ মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) ।

বিশেষকৈ তেওঁৰ শৈক্ষিক অৰ্হতাৰ সন্দৰ্ভত স্বামী চুক-ইয়লৰ ৰাষ্ট্ৰপতিত্বৰ সময়ছোৱাত কিয়ন হিয়ে বিতৰ্কৰ সৃষ্টি কৰিছিল । ২০২১ চনত তেওঁৰ বিৰুদ্ধে নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ ষ্টাৰন স্কুল অৱ বিজনেছৰ সৈতে সম্পৰ্ক অতিৰঞ্জিত কৰাৰ অভিযোগ উত্থাপন হৈছিল । পিছত ৰাজহুৱাভাৱে ক্ষমা খুজি তেওঁ কয় যে তেওঁ এতিয়া কেৱল ৰাষ্ট্ৰপতিৰ পত্নী হিচাপে নিজৰ দায়িত্বতহে গুৰুত্ব দিব ।

লাইভ টিভিত মূৰ দোৱাই ক্ষমা খুজিলে  দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে, মহাভিযোগ দাখিলৰ পূৰ্বে স্বীকাৰ কৰিলে নিজৰ ভুল

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক-ইয়লে সামৰিক আইন জাপি দিয়াৰ প্ৰচেষ্টাৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছে । ৰাষ্ট্ৰীয় টেলিভিছনত সম্প্ৰচাৰিত ভাষণত তেওঁ মূৰ দোৱাই ভুল স্বীকাৰ কৰে । তেওঁৰ সম্ভাৱ্য মহাভিযোগ প্ৰক্ৰিয়াৰ ওপৰত ভোটদান হোৱাৰ পূৰ্বে এই ক্ষমা প্ৰাৰ্থনা কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

ৰাষ্ট্ৰপতিক পদৰ পৰা অপসাৰণ কৰাটো প্ৰয়োজনীয়!

শুকুৰবাৰে হানে কয় যে ইউন দেশৰ বাবে ভাবুকি আৰু তেওঁক কাৰ্যভাৰৰ পৰা অপসাৰণ কৰাৰ প্ৰয়োজন আছে, যাৰ ফলত ইউনৰ ওপৰত পদত্যাগ কৰাৰ হেঁচা বৃদ্ধি পাইছে যদিও তেওঁৰ পিপল পাৱাৰ পাৰ্টিৰ সদস্যসকলে এতিয়াও তেওঁৰ মহাভিযোগৰ বিৰোধিতা কৰিছে । বিৰোধী দল ডেম’ক্ৰেটিক পাৰ্টিৰ মহাভিযোগৰ প্ৰস্তাৱৰ ওপৰত ভোটদান শনিবাৰে অৰ্থাৎ আজি অনুষ্ঠিত হ’ব ।

ৰাষ্ট্ৰপতিয়ে হঠাতে সামৰিক আইন ঘোষণা কৰে-

ৰাষ্ট্ৰপতি ইউনে মঙলবাৰে নিশা দেশত সামৰিক আইন ঘোষণা কৰি সেনাবাহিনীক অতিৰিক্ত ক্ষমতা প্ৰদান কৰিছিল যাতে সেনাবাহিনীয়ে ‘ৰাষ্ট্ৰ বিৰোধী শক্তি’ আৰু ৰাজনৈতিক বিৰোধীৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰে । ২০১৬ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি পাৰ্ক গেউন-হাইৰ বিৰুদ্ধে মহাভিযোগ দাখিলৰ দৰে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ পি পি পিৰ কিছু সদস্যই ইউনক ভোটদানৰ পূৰ্বে পদত্যাগ কৰিবলৈ পৰামৰ্শ দিছিল ।

দুৰ্নীতিৰ কেলেংকাৰীৰ সময়ত ৰাজহুৱা প্ৰতিবাদৰ পিছত পাৰ্কৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছিল, যাৰ ফলত শেষত দলটোৰ পৰাজয় হয় । এই প্ৰতিবাদৰ কথা মনত পেলাই শুকুৰবাৰে নিশা সংসদৰ বাহিৰত হাজাৰ হাজাৰ লোক সমবেত হৈ ইউনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে । ভোটদানৰ পূৰ্বে আৰু অধিক বিক্ষোভৰ সম্ভাৱনা আছে ।