দক্ষিণ কোৰিয়াত সামৰিক আইনক লৈ অস্থিৰতা; প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

দক্ষিণ কোৰিয়াত অব্যাহত আছে অস্থিৰতা । দেশখনৰ পৰিস্থিতি আৰু অধিক অস্থিৰ হৈ পৰে যেতিয়া ৩ ডিচেম্বৰৰ নিশা ৰাষ্ট্ৰপতি ইউন চুক-ইয়লে জৰুৰীকালীন অৰ্থাৎ সামৰিক আইন জাপি দিয়াৰ কথা ঘোষণা কৰে । ইয়াৰ পিছতে এই সিদ্ধান্তৰ বিৰুদ্ধে দেশজুৰি আৰম্ভ হয় প্ৰতিবাদ । প্ৰতিবাদৰ বাবে ৰাষ্ট্ৰপতিয়ে অৱশেষত মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে সামৰিক আইন জাৰি কৰাৰ সিদ্ধান্ত বাতিল কৰিবলগীয়া হয় । কিন্তু ইয়াৰ পিছত পৰিস্থিতি অৱনমিত হয় আৰু প্ৰতিৰক্ষা মন্ত্ৰী কিম ইয়ং-হিউনে সামৰিক আইন জাপি দিয়াৰ দায়িত্ব গ্ৰহণ কৰি নিজৰ পদৰ পৰা পদত্যাগ কৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ পদত্যাগ স্বীকাৰ কৰি এতিয়া এই দায়িত্ব চৌদি আৰৱৰ ৰাষ্ট্ৰদূত চয় বিয়ং হ্যুকৰ হাতত অৰ্পণ কৰিছে ।

এই সকলেও পদত্যাগ কৰে-

বিভ্ৰান্তি বিয়পাই অশান্তিৰ সৃষ্টি কৰাৰ বাবে কিম ইয়ং-হিউনে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰে । চীফ অফ ষ্টাফ চুং জিন-ছুক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্বিন ৱন-চিকেও নিজৰ পদৰ পৰা পদত্যাগ কৰিছে । অৱশ্যে তেওঁলোকৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা হ’ব নে নহয় সেয়া স্পষ্ট হোৱা নাই ।

অভিযোগ কি-

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাষ্ট্ৰপতি ইউনক মহাঅভিযোগ দাখিল কৰিবলৈ এজন জ্যেষ্ঠ সামৰিক বিষয়া আৰু বিৰোধী সদস্যই দাখিল কৰা নথিত কোৱা হৈছে যে কিমে ইউনক সামৰিক আইন জাপি দিবলৈ পৰামৰ্শ দিছিল । ৰাষ্ট্ৰপতিৰ চীফ অফ ষ্টাফ চুং জিন-ছুকে নৱনিযুক্ত প্ৰতিৰক্ষা মন্ত্ৰী চয়ক নীতিগত ব্যক্তি বুলি অভিহিত কৰে । তেওঁ নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰে আৰু নিয়ম মানি চলে বুলিও কয় ।

সামৰিক  আইন জাপি দিয়াৰ বাবে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাঅভিযোগ দাখিলৰ দাবী-

দক্ষিণ কোৰিয়াৰ বিৰোধী নেতৃত্বাধীন মিত্ৰজোঁটে বুধবাৰে ৰাষ্ট্ৰীয় সংসদত ৰাষ্ট্ৰপতিগৰাকীয়ে সামৰিক আইন জাপি দিয়াৰ ব্যৰ্থ প্ৰচেষ্টাক লৈ মহাঅভিযোগ দাখিল কৰাৰ প্ৰস্তাৱ উত্থাপন কৰে যদিও তেওঁৰ দলে এই পদক্ষেপৰ বিৰোধিতা কৰিছে । শাসকীয় পিপলছ পাৱাৰ পাৰ্টিৰ জ্যেষ্ঠ নেতা চু কিউং-হোৱে কয় যে পিপলছ পাৱাৰ পাৰ্টিৰ ১০৮ জন সাংসদে ৰাষ্ট্ৰপতিৰ মহাঅভিযোগ নাকচ কৰাত একত্ৰিত হৈ থাকিব ।

ৰাষ্ট্ৰদ্ৰোহ বুলি অভিহিত কৰে-

মূল বিৰোধী দল ডেম’ক্ৰেটিক পাৰ্টিয়ে সামৰিক আইন জাপি দিয়াৰ এই পদক্ষেপক ৰাষ্ট্ৰদ্ৰোহ বুলি অভিহিত কৰে আৰু শনিবাৰৰ ভিতৰত ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাঅভিযোগ দাখিল কৰিবলৈ ভোটদানৰ বাবে দলটোৱে বিধেয়ক এখনৰ নেতৃত্ব দিব বুলি স্পষ্ট কৰে । ডেম’ক্ৰেটিক পাৰ্টিৰ সাংসদ কিম চেউং-ৱনে ৰাষ্ট্ৰীয় সংসদত কয় যে ইউন ছুক-ইয়লৰ শাসনে জৰুৰীকালীন সামৰিক আইন ঘোষণাই আমাৰ জনসাধাৰণৰ মাজত যথেষ্ট বিভ্ৰান্তি আৰু ভয়ৰ সৃষ্টি কৰিছে ।

১২ জন মন্ত্ৰীৰ পদত্যাগ আৰু  এতিয়া সংকটত গাদী… সামৰিক আইন জাপি দি বিপদত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি

বৰ্তমান দক্ষিণ কোৰিয়াত ৰাজনৈতিক অস্থিৰতা দেখা গৈছে । সামৰিক আইন জাপি দিয়াৰ ঘোষণা আৰু তাৰ পিছত সিদ্ধান্ত বাতিল কৰাৰ পিছত কেৱল বিৰোধীৰ সন্মুখীন হোৱাই নহয় জনসাধাৰণৰো ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছে দেশখনৰ ৰাষ্ট্ৰপতি । এনে পৰিস্থিতিত কেৱল বিৰোধীয়েই নহয় তেওঁৰ মন্ত্ৰীসভাৰ বহু সদস্যই বিদ্ৰোহী সুৰ লৈছে । বহুতে পদত্যাগ কৰিছে । ৰাষ্ট্ৰপতিৰ বিৰুদ্ধেও ওলমি আছে মহাঅভিযোগৰ তৰোৱাল ।

দক্ষিণ কোৰিয়াৰ সংবাদ সংস্থা য়নহাপে প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতি ইউন চুক ইয়লৰ মুখ্য কৰ্মচাৰীকে ধৰি কেইবাজনো শীৰ্ষ সহায়কে পদত্যাগ কৰিছে । কোৱা হৈছে যে ১২ গৰাকী কেবিনেট মন্ত্ৰীয়ে পদত্যাগ দাখিল কৰিছে । আন বহু শীৰ্ষ নেতাইয়ো পদত্যাগ কৰাৰ প্ৰস্তাৱ দিছে ।

কেৱল বিৰোধীয়েই নহয় মন্ত্ৰীসভাৰ বহু নেতাই সামৰিক আইনৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে । তেওঁৰ দল পিপল পাৱাৰ পাৰ্টিৰ জ্যেষ্ঠ নেতা হান ডং হুনে মূল বিৰোধী নেতা লি জে-ম্যুঙৰ সৈতে হাত মিলাই এই সিদ্ধান্তক ভুল বুলি অভিহিত কৰিছে ।

ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাঅভিযোগ দাখিল কৰাৰ দাবীত ৰাজপথত ৰেলী উলিওৱা হৈছে । তেওঁৰ বিৰুদ্ধে দুৰ্নীতি আৰু ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে ।

ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাঅভিযোগ দাখিলৰ দাবী-

ৰাষ্ট্ৰপতিৰ ঘোষণা আৰু তাৰ পিছত সেই সিদ্ধান্ত বাতিলে তেওঁলৈ বিপদ কঢ়িয়াই অনা যেন পৰিলক্ষি হৈছে । কোৱা হৈছে যে সংসদত ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাঅভিযোগ দাখিল কৰা হ’ব পাৰে । ৰাষ্ট্ৰীয় সংসদৰ দুই তৃতীয়াংশতকৈ অধিক সাংসদে যদি ইয়াৰ সপক্ষে ভোট দিয়ে, তেন্তে তেওঁৰ বিৰুদ্ধে মহাঅভিযোগ দাখিল কৰিব পৰা যাব । উল্লেখ্য যে ৰাষ্ট্ৰপতিৰ পিপল পাৱাৰ পাৰ্টিৰ ৰাষ্ট্ৰীয় বিধানসভাত ৩০০ জন সাংসদৰ ভিতৰত ১০৮ জন সাংসদ আছে ।

ৰাষ্ট্ৰপতিলৈ বিৰোধীৰ চৰম সীমা-

দক্ষিণ কোৰিয়াৰ বিৰোধী দলে ৰাষ্ট্ৰপতি য়ুক চৰম সীমা দিছে যে যদি তেওঁ শীঘ্ৰেই ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ নকৰে তেন্তে তেওঁৰ বিৰুদ্ধে মহাভিযোগ দাখিল কৰা হ’ব ।

ৰাষ্ট্ৰীয় সংসদৰ দুই তৃতীয়াংশতকৈ অধিক সাংসদে যদি ইয়াৰ সপক্ষে ভোট দিয়ে, তেন্তে তেওঁৰ বিৰুদ্ধে মহাঅভিযোগ দাখিল কৰিব পৰা যাব । মহাঅভিযোগ দাখিলৰ প্ৰস্তাৱ সাংবিধানিক আদালতত দাখিল কৰা হ’ব । যদিহে ৯ জন ন্যায়াধীশৰ ভিতৰত কমেও ৬জনে অনুমোদন দিয়ে, তেন্তে পৰৱৰ্তী প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব । এই সময়ছোৱাত চূড়ান্ত সিদ্ধান্ত নোলোৱালৈকে ৰাষ্ট্ৰপতিয়ে নিজৰ ক্ষমতা ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হ’ব । এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে অন্তৱৰ্তীকালীন নেতা হিচাপে কাম চোৱাচিতা কৰিব । মহাঅভিযোগ দাখিলৰ ৬০ দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব ।

ইফালে বৰ্তমান দক্ষিণ কোৰিয়াত প্ৰায় ৩০ হাজাৰ আমেৰিকান সৈনিক নিয়োজিত হৈ আছে । এনে পৰিস্থিতিত আমেৰিকাই কয় যে আমি এই সমগ্ৰ ঘটনাটোৰ ওপৰত চকু ৰাখিছো । আমি কোনো কাৰণতে সামৰিক আইন সমৰ্থন নকৰো ।

ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ বিৰোধিতা দক্ষিণ কোৰিয়াৰ সংসদৰ, সামৰিক আইন প্ৰত্যাহাৰ

মঙলবাৰে গভীৰ নিশা দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক-ইয়লে দেশখনৰ পৰা সামৰিক আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে দেশবাসীক সম্বোধন কৰি এই তথ্য প্ৰদান কৰে । দৰাচলতে সংসদত বিপুল বিৰোধিতাৰ পাছত ইয়াক প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰা হয় । গভীৰ নিশা শাসক আৰু বিৰোধী দুয়োটা দলৰ ৩০০ সাংসদৰ ভিতৰত ১৯০ জন সাংসদে সৰ্বসন্মতিক্ৰমে ভোটদান কৰি এই সামৰিক আইন নাকচ কৰে । ইয়াৰ পিছতে সামৰিক আইন আঁতৰাবলগীয়া হয় ।

উল্লেখ্য যে, ছাত্ৰ আৰু শ্ৰমিক সংঘৰ নেতৃত্বত দেশজোৰা বিদ্ৰোহৰ সময়ত ১৯৮০ চনত দক্ষিণ কোৰিয়াৰ এজন ৰাষ্ট্ৰপতিয়ে শেষবাৰৰ বাবে সামৰিক আইন ঘোষণা কৰিছিল ।

ৰাষ্ট্ৰপতিৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা হৈছিল-

উল্লেখ্য যে, বিৰোধী দল আৰু শাসকীয় দলৰ নেতাসকলেও ৰাষ্ট্ৰপতিয়ে সামৰিক আইন জাপি দিয়াৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল । ইউন চুক-ইয়লৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছিল তেওঁৰ নিজৰ দলৰ নেতা হান ডং-হুনে । সংসদত সামৰিক আইন বিৰোধী ভোটদানতো অংশ লৈছিল হুনে ।

ৰাষ্ট্ৰপতিয়ে কিয় সামৰিক আইন জাপি দিছিল ?

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক-ইয়লে মঙলবাৰে দেশত ‘জৰুৰীকালীন সামৰিক আইন’ ঘোষণা কৰি বিৰোধী দলসমূহে চৰকাৰক পক্ষাঘাতগ্ৰস্ত কৰা, উত্তৰ কোৰিয়াৰ প্ৰতি সহানুভূতিশীল হোৱা আৰু দেশখনৰ সাংবিধানিক ব্যৱস্থা দুৰ্বল কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ এই ঘোষণা কৰে টেলিভিছনযোগে দেশবাসীক দিয়া ভাষণত ।

ৰাষ্ট্ৰপতি ইউন চুক-ইয়লে নিজৰ ভাষণত কয় যে, ‘উত্তৰ কোৰিয়াৰ কমিউনিষ্ট বাহিনীয়ে সৃষ্টি কৰা ভাবুকিৰ পৰা দক্ষিণ কোৰিয়াক ৰক্ষা কৰিবলৈ আৰু ৰাষ্ট্ৰীয় বিৰোধী উপাদানসমূহ নিৰ্মূল কৰিবলৈ মই জৰুৰীকালীন সামৰিক আইন ঘোষণা কৰিছো ।’  দেশৰ স্বতন্ত্ৰ আৰু সাংবিধানিক ব্যৱস্থাক সুৰক্ষিত কৰাটো প্ৰয়োজনীয় বুলি তেওঁ আখ্যা দিয়ে । অহা বছৰৰ বাজেটক লৈ ইউনৰ পিপলছ পাৱাৰ পাৰ্টি আৰু বিৰোধী ডেম’ক্ৰেটিক পাৰ্টিৰ মাজত চলি থকা বিবাদৰ পিছতে এই ঘোষণা কৰা হৈছিল ।

ৰাষ্ট্ৰপতিৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা-

সামৰিক আইন কাৰ্যকৰী হোৱাৰ পিছত দক্ষিণ কোৰিয়াত উত্তেজনা বৃদ্ধি পায় । সংসদৰ বাহিৰত ভিৰ গোট খাইছিল । বিৰোধী দল আৰু শাসকীয় সাংসদসকলেও ইয়াৰ বিৰোধিতা কৰিছিল । সংসদৰ বাহিৰত শতাধিক প্ৰতিবাদকাৰী আৰু সংবাদ মাধ্যমৰ কৰ্মীয়ে শ্লোগান দি দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় পতাকা উৰুৱাই এই সিদ্ধান্তৰ বিৰোধিতা কৰে । বিৰোধী দলৰ নেতাই ৰাষ্ট্ৰপতি ইউন চুক ইয়লৰ সামৰিক আইন ঘোষণাক ‘অসাংবিধানিক’ বুলি অভিহিত কৰে । এই পদক্ষেপ দেশৰ সংবিধান বিৰোধী আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াসমূহ দুৰ্বল কৰি তোলে বুলিও তেওঁলোকে  কয় ।

দক্ষিণ কোৰিয়াত জাৰি সামৰিক আইন, বিৰোধীৰ বিৰুদ্ধে ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপৰ অভিযোগ

মঙলবাৰে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক-ইয়লে জৰুৰীকালীন সামৰিক আইন (মাৰ্শ্বাল ল’) জাৰি কৰাৰ কথা ঘোষণা কৰে । তেওঁ দেশৰ বিৰোধীয়ে সংসদ নিয়ন্ত্ৰণ কৰা, উত্তৰ কোৰিয়াৰ প্ৰতি সহানুভূতিশীল হোৱা, ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ জৰিয়তে চৰকাৰক অস্থিৰ কৰি তোলাৰ অভিযোগ উত্থাপন কৰে ।

সংবিধান ৰক্ষাৰ বাবে এই পদক্ষেপ প্ৰয়োজনীয় : ৰাষ্ট্ৰপতি ইউন

ৰাষ্ট্ৰপতি ইউনে টেলিভিছনৰ এটা অনুষ্ঠানৰ জৰিয়তে এই ঘোষণা কৰে । তেওঁ কয় যে দেশৰ সংবিধান আৰু আইন ৰক্ষাৰ বাবে এই পদক্ষেপ অতি প্ৰয়োজনীয় । কিন্তু এই সিদ্ধান্তই দেশৰ চৰকাৰ আৰু গণতন্ত্ৰত কি প্ৰভাৱ পেলাব সেয়া তৎক্ষণাত স্পষ্ট হোৱা নাই । ২০২২ চনত ইউনে ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল । তেতিয়াৰ পৰাই তেওঁ নিজৰ নীতি ৰূপায়ণত প্ৰবল বিৰোধিতাৰ বাবে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে ।

বিৰোধী ডেম’ক্ৰেটিক পাৰ্টিৰ সাংসদসকলে বৈঠক আহ্বান কৰে-

অহা বছৰৰ বাজেট বিধেয়ক সন্দৰ্ভত ৰাষ্ট্ৰপতি ইউন চুক-ইয়লৰ পিপল পাৱাৰ পাৰ্টি আৰু বিৰোধী ডেম’ক্ৰেটিক পাৰ্টিৰ মাজত একমতত উপনীত হ’ব নোৱাৰাৰ সময়তে এই ঘোষণা কৰা হৈছে । ইয়াৰ উপৰিও ইউনে তেওঁৰ পত্নী আৰু কিছুমান শীৰ্ষ বিষয়াৰ সৈতে জড়িত কথিত কেলেংকাৰীৰ স্বতন্ত্ৰ তদন্তৰ দাবী নাকচ কৰি বিৰোধীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে । প্ৰতিবেদন অনুসৰি ইউনৰ এই ঘোষণাৰ পিছত ডেম’ক্ৰেটিক পাৰ্টিয়ে নিজৰ সাংসদসকলৰ জৰুৰী বৈঠক আহ্বান কৰে ।