ভাৰতৰ শিক্ষাৰ ক্ষেত্ৰত মিজোৰামে এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছে । সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে ঘোষণা কৰা মিজোৰাম দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে । মঙলবাৰে মিজোৰাম বিশ্ববিদ্যালয়ত আয়োজিত এক বিশেষ কাৰ্যসূচীৰ সময়ত মুখ্যমন্ত্ৰী লালডুহোমাই এই কথা ঘোষণা কৰে । এই অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীও উপস্থিত আছিল । বিগত ১৪ বছৰত মিজৰোমৰ সাক্ষৰতাৰ হাৰ ৯১.৩৩ শতাংশৰ পৰা ৯৮.২ শতাংশলৈ বৃদ্ধি পাইছে ।
কি কলে মুখ্যমন্ত্ৰী লালডুহোমাই ?
মুখ্যমন্ত্ৰী লালডুহোমাই কয় যে এই সাফল্যক উদযাপন কৰাৰ সমান্তৰালকৈ আমি অবিৰত শিক্ষা, ডিজিটেল প্ৰৱেশ আৰু বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ জৰিয়তে সাক্ষৰতা বজাই ৰখাৰ প্ৰতিশ্ৰুতিও পুনৰবাৰ প্ৰকাশ কৰিছো । এতিয়া আমি ডিজিটেল সাক্ষৰতা, বিত্তীয় সাক্ষৰতা আৰু উদ্যোগীকৰণৰ দক্ষতাৰ দিশত আগবাঢ়িব লাগিব । যাতে মিজো সমাজৰ সকলো মানুহ সক্ষম হ’ব পাৰে ।
এই সাফল্যৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে মুখ্যমন্ত্ৰী লালডুহোমা আৰু ৰাজ্যবাসীক অভিনন্দন জ্ঞাপন কৰে । তেওঁ কয় যে ‘নৱ ভাৰত সাক্ষৰতা কাৰ্যসূচী’ৰ অধীনত মিজোৰামক দেশৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে ঘোষণা কৰি গৌৰৱ অনুভৱ কৰিছো ।
২০১১ চনত মিজোৰামৰ সাক্ষৰতাৰ হাৰ ৯১.৩৩%, যি দেশৰ ভিতৰতে তৃতীয় স্থানত আছিল । ULLAAS (Understanding Lifelong Learning for All in Society) আৰু নৱ ভাৰত সাক্ষৰতা কাৰ্যসূচীৰ জৰিয়তে সাক্ষৰ নোহোৱা লোকসকলক চিনাক্ত কৰা হৈছিল । মুঠ ৩০২৬ জন নিৰক্ষৰ চিনাক্ত কৰা হৈছিল, ইয়াৰে ১,৬৯২ জন সম্ভাৱ্য শিক্ষাৰ্থী বুলি জানিব পৰা যায় ।
এই অভিযানত ছাত্ৰ-ছাত্ৰী, শিক্ষক, সম্পদ ব্যক্তি আৰু ক্লাষ্টাৰ সমন্বয়ককে ধৰি ২৯২ গৰাকী স্বেচ্ছাসেৱী শিক্ষকে অংশগ্ৰহণ কৰে । সম্প্ৰদায়ৰ সমৰ্থন, মানুহৰ নিষ্ঠা আৰু শক্তিশালী ইচ্ছাশক্তিৰ জৰিয়তে মিজোৰামে এই কৃতিত্ব অৰ্জন কৰিছে ।