সাক্ষাৎকাৰত কেনেকৈ জয় কৰিব ইংৰাজী কোৱাৰ ভয়?

বিশেষকৈ ব্যক্তিগত খণ্ডৰ বিভিন্ন চাকৰিৰ সাক্ষাৎকাৰত ইংৰাজী ভাষাৰ ব্যৱহাৰে বহু প্ৰাৰ্থীৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিয়ে

আজিৰ তীব্ৰ প্ৰতিযোগিতামূলক চাকৰিৰ বজাৰখনত কেৱল শিক্ষাগত অৰ্হতা বা জ্ঞানেই পৰ্যাপ্ত নহয়, ইয়াৰ সমান্তৰালভাৱে যোগাযোগৰ দক্ষতায়ো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । বিশেষকৈ ব্যক্তিগত খণ্ডৰ বিভিন্ন চাকৰিৰ সাক্ষাৎকাৰত ইংৰাজী ভাষাৰ ব্যৱহাৰে বহু প্ৰাৰ্থীৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিয়ে । বহুতৰে মেধা আৰু দক্ষতা থকা সত্ত্বেও কেৱল ইংৰাজীত সাৱলীলভাৱে কথা পাতিব নোৱাৰাৰ ভয়তে সাক্ষাৎকাৰত আত্মবিশ্বাস হেৰুৱাই পেলায় । কিন্তু বিশেষজ্ঞসকলৰ মতে, এই ভয়ৰ আচলতে কোনো বৈজ্ঞানিক ভিত্তি নাই, কাৰণ নিযুক্তিদাতাসকলে কোনো প্ৰাৰ্থীৰে পৰা ‘নিখুঁত ইংৰাজী’ আশা নকৰে ।

আচলতে নিযুক্তিদাতাই কি বিচাৰে?

শেহতীয়া এক বিশ্লেষণত প্ৰকাশ পাইছে যে বেছিভাগ নিযুক্তিদাতাই প্ৰাৰ্থীজনৰ ব্যাকৰণগত নিখুঁততাতকৈ তেওঁৰ কথা কোৱাৰ স্পষ্টতা, আত্মবিশ্বাস আৰু মৌলিক যোগাযোগৰ দক্ষতাহে নিৰীক্ষণ কৰে । সৰহ সংখ্যক প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা প্ৰায় একে হোৱাৰ বাবে, যিগৰাকী প্ৰাৰ্থীয়ে নিজৰ ধাৰণাটো সহজ আৰু স্পষ্টকৈ বুজাই ক’ব পাৰে, তেওঁ আনতকৈ এক অতিৰিক্ত সুবিধা লাভ কৰে ।

কঠিন শব্দৰ সলনি সৰল বাক্যত গুৰুত্ব দিয়ক

প্ৰায়ে দেখা যায় যে সাক্ষাৎকাৰত ভাল প্ৰভাৱ পেলাবলৈ প্ৰাৰ্থীসকলে কঠিন আৰু অপ্ৰচলিত শব্দ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে, যাৰ ফলত ভুল হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । ইয়াৰ বিপৰীতে, নিজৰ বিষয়ে, শিক্ষা আৰু অভিজ্ঞতাৰ কথা কোৱাৰ সময়ত তেনেই সৰল আৰু চুটি বাক্য ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । সাক্ষাৎকাৰৰ কিছুমান সাধাৰণ প্ৰশ্ন যেনে- “নিজৰ বিষয়ে কওক” বা “আপোনাৰ সবল দিশবোৰ কি কি?” আদিৰ উত্তৰ আগতীয়াকৈ সৰল ইংৰাজীত লিখি লৈ মুখেৰে মাতি অভ্যাস কৰিলে এই ভয় বহু পৰিমাণে দূৰ হয় ।

উত্তৰবোৰ হুবহু মুখস্থ কৰাৰ পৰিৱৰ্তে বিষয়বস্তুটো বুজি লৈ নিজৰ মতে প্ৰকাশ কৰাৰ অভ্যাস কৰক ।

অনুবাদ কৰাৰ অভ্যাস পৰিহাৰ কৰক

মাতৃভাষাৰ পৰা মনৰ ভিতৰতে ইংৰাজীলৈ অনুবাদ কৰি কথা কোৱাটোৱেই হৈছে আটাইতকৈ ডাঙৰ ভুল । ইয়াৰ ফলত কথা কোৱাৰ গতি লেহেমীয়া হয় আৰু বাক্যৰ প্ৰৱাহ ভাগি পৰে । ইয়াৰ পৰিত্ৰাণৰ বাবে পোনপটীয়াকৈ ইংৰাজীত চিন্তা কৰাৰ অভ্যাস কৰিবলৈ কোৱা হৈছে । দৈনন্দিন সৰু সৰু কামবোৰ মনৰ ভিতৰতে ইংৰাজী বাক্যৰে বৰ্ণনা কৰি (যেনে- “I am studying”, “I am getting ready”) মগজুটোক এই ভাষাৰ সৈতে অভ্যস্ত কৰাব পৰা যায় ।

আনক অনুকৰণ কৰক আৰু নিজৰ কথা বাণীবদ্ধ কৰক

ইংৰাজী কোৱাৰ শৈলী উন্নত কৰিবলৈ আনৰ কথা কোৱাৰ ধৰণ নিৰীক্ষণ কৰাটো অত্যন্ত প্ৰয়োজনীয় । মক সাক্ষাৎকাৰ বা ইউটিউবৰ ভিডিঅ’ চাই বক্তা গৰাকীৰ কথাৰ গতি আৰু বিৰতিসমূহ লক্ষ্য কৰি নিজে মুখেৰে মাতি পুনৰাবৃত্তি কৰিব পাৰে ।

তদুপৰি, কথা কোৱাৰ সময়ত নিজৰ কণ্ঠস্বৰ ম’বাইলত বাণীবদ্ধ কৰি পিছত নিজেই শুনিলে ক’ত ভুল হৈছে বা ক’ত থমকি ৰ’বলগীয়া হৈছে, সেইয়া ধৰা পেলাব পৰা যায় ।

ভুল হোৱাটো তেনেই স্বাভাৱিক

বিশেষজ্ঞসকলে স্পষ্ট কৰি দিছে যে ইংৰাজী আমাৰ মাতৃভাষা নহয়, গতিকে ইয়াত ভুল হোৱাটো একেবাৰে স্বাভাৱিক । আচল কথাটো হ’ল সাক্ষাৎকাৰ গ্ৰহণকাৰীজনে আপোনাৰ কথাখিনি সহজে বুজি পাইছে নে নাই । দৈনিক ১০-১৫ মিনিটৰ বাবে আইনৰ সন্মুখত থিয় হৈ বা বন্ধুৰ সৈতে ইংৰাজীত কথা পাতিলে লাহে লাহে এই ভয় সম্পূৰ্ণৰূপে আতৰি যায় আৰু মনলৈ স্বতঃস্ফূৰ্তভাৱে আত্মবিশ্বাস ঘূৰি আহে ।

লগতে পঢ়ক : পঢ়াৰ সময়ত অনুসৰণ কৰক এই ৫টা উপায়, কেতিয়াও ভংগ নহয় আপোনাৰ মনোযোগ!

পঢ়াৰ সময়ত অনুসৰণ কৰক এই ৫টা উপায়, কেতিয়াও ভংগ নহয় আপোনাৰ মনোযোগ!

ডাঙৰ প্ৰত্যাহ্বানটো কিতাপ বা কঠিন পাঠ্যক্ৰম নহয়, বৰঞ্চ পঢ়াৰ পৰা মনোযোগ ভংগ হোৱাটোৱেহে হৈ পৰিছে

বৰ্তমান সময়ত শিক্ষাৰ্থীসকলৰ বাবে পঢ়া-শুনাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো কিতাপ বা কঠিন পাঠ্যক্ৰম নহয়, বৰঞ্চ পঢ়াৰ পৰা মনোযোগ ভংগ হোৱাটোৱেহে হৈ পৰিছে । বহু ছাত্ৰ-ছাত্ৰীয়ে বুকুত অযুত হেঁপাহ আৰু সম্পূৰ্ণ শক্তিৰে পঢ়িবলৈ বহে যদিও মাত্ৰ কেইমিনিটমানৰ পিছতেই তেওঁলোকৰ মনোযোগ ম’বাইল ফোন, ছচিয়েল মিডিয়াৰ নোটিফিকেচন বা অন্য পাৰিপাৰ্শ্বিক কামৰ দিশলৈ ঢল খায় ।

বিশেষজ্ঞসকলৰ মতে, ঘণ্টাৰ পিছত ঘণ্টা কিতাপৰ সন্মুখত বহি থকাৰ মানে এইটো কেতিয়াও নহয় যে পঢ়া-শুনা ফলপ্ৰসূ হৈছে । আচলতে, ভাল ফলাফল লাভ কৰাটো কেৱল দীঘলীয়া সময় ধৰি বহি থকাৰ ওপৰত নিৰ্ভৰ নকৰে, বৰঞ্চ সঠিক পদ্ধতিৰে পঢ়াৰ ওপৰতহে নিৰ্ভৰ কৰে । যদি পঢ়াৰ সময়ত মনোযোগ অটুট থাকে আৰু শিকা কথাবোৰ দীৰ্ঘ সময়লৈ মনত থাকে, তেন্তে কম সময় পঢ়িও আশানুৰূপ ফলাফল লাভ কৰিব পৰা যায় ।

শিক্ষাৰ্থীসকলৰ এই গুৰুতৰ সমস্যাক দূৰ কৰিবলৈ বিশেষজ্ঞসকলে ৫টা বিশেষ উপায় অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে, যাৰ দ্বাৰা পঢ়াৰ পৰা মনোযোগ কেতিয়াও হেৰাই নাযায়:

সৰু সৰু ‘ষ্টাডী চেশ্বন’ প্ৰস্তুত কৰক:

একেলেথাৰিয়ে কেইবা ঘণ্টাও পঢ়াৰ পৰিৱৰ্তে ২৫ৰ পৰা ৩০ মিনিট সম্পূৰ্ণ একাগ্ৰতাৰে পঢ়ক আৰু তাৰ পিছত ৫ মিনিটৰ এটা চুটি বিৰতি লওক । এই বিৰতিৰ সময়ছোৱাত অলপ খোজ কাঢ়িব পাৰে, পানী খাব পাৰে বা চকুহালক জিৰণি দিব পাৰে । নিয়মীয়াকৈ এনে চুটি বিৰতি ল’লে মগজু সজীৱ হৈ থাকে আৰু পুনৰ পঢ়াত মনোযোগ দিয়াটো সহজ হয় । কোনো বিৰতি নোলোৱাকৈ পঢ়িলে মানসিক ক্লান্তি বৃদ্ধি পায় আৰু মনত ৰখাৰ ক্ষমতা হ্ৰাস পায় ।

ম’বাইল আৰু ডিজিটেল ডিষ্ট্ৰেকচনৰ পৰা দূৰত্ব:

আজিকালি পঢ়া-শুনাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ’ল ম’বাইল ফোন । প্ৰতি কেইমিনিটমানৰ মূৰে মূৰে অহা নোটিফিকেচনে মগজুৰ একাগ্ৰতা সম্পূৰ্ণৰূপে নষ্ট কৰে । সেয়ে পঢ়া আৰম্ভ কৰাৰ আগতে ফোনটো সাইলেন্ট বা ‘ডু নট ডিষ্টাৰ্ব’ মোডত ৰাখক । সম্ভৱ হ’লে ম’বাইলটো অন্য এটা ৰুমত থৈ দিয়ক । অনলাইন পঢ়াৰ সময়ত কেৱল প্ৰয়োজনীয় এপসমূহহে ব্যৱহাৰ কৰক ।

এটা সময়ত কেৱল এটা বিষয়তে গুৰুত্ব দিয়ক:

বহু ছাত্ৰ-ছাত্ৰীয়ে পঢ়াৰ সময়ত একেলগে গান শুনা, চেট কৰা বা বাৰে বাৰে বিষয় সলনি কৰাৰ দৰে ‘মাল্টিটাস্কিং’ কৰিবলৈ লয় । বিশেষজ্ঞসকলৰ মতে, ই মগজুত অতিৰিক্ত চাপৰ সৃষ্টি কৰে আৰু তথ্যসমূহ সঠিকভাৱে মনত ৰখাত বাধা দিয়ে । গতিকে, এটা সময়ত কেৱল এটা বিষয়তে মনোযোগ দিয়াটো জৰুৰী ।

পৰ্যাপ্ত টোপনি আৰু সন্তুলিত আহাৰ:

মনোযোগ আৰু স্মৃতিশক্তি অটুট ৰাখিবলৈ দৈনিক ৭ৰ পৰা ৮ ঘণ্টাৰ ভাল টোপনি অত্যন্ত প্ৰয়োজনীয় । ইয়াৰ লগতে ফল-মূল, সেউজীয়া শাক-পাচলি, ড্ৰাই ফ্ৰুটছ আৰু প্ৰটিনযুক্ত সন্তুলিত খাদ্য গ্ৰহণ কৰিব লাগে । শৰীৰত পানীৰ অভাৱ হ’লেও একাগ্ৰতা প্ৰভাৱিত হ’ব পাৰে, সেয়ে পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো জৰুৰী ।

ধ্যান আৰু নিয়মীয়া পুনৰীক্ষণ:

দৈনিক অন্ততঃ কেইমিনিটমানৰ বাবে হ’লেও ধ্যান বা গভীৰ উশাহ-নিশাহ লোৱাৰ অভ্যাস কৰিলে মানসিক চাপ বহুখিনি হ্ৰাস পায় আৰু মন শান্ত থাকে । ই পঢ়াৰ মনোযোগ বৃদ্ধি কৰে । ইয়াৰ উপৰিও, কেৱল নতুন নতুন বিষয় পঢ়ি থকাতকৈ পূৰ্বে পঢ়া বিষয়সমূহৰ নিয়মীয়া পুনৰীক্ষণ (Revision) কৰাটো অতি প্ৰয়োজনীয় । ইয়াৰ দ্বাৰা তথ্যবোৰ দীৰ্ঘ সময়লৈ মনত থাকে আৰু পৰীক্ষাৰ প্ৰস্তুতি শ্ৰেষ্ঠ হৈ উঠে ।

লগতে পঢ়ক : সম্পৰ্কত দূৰত্ব বাঢ়িছে নেকি? আপোন সম্পৰ্কটোক পুনৰ জীয়াই তুলিবলৈ অনুসৰণ কৰক এই ৮ টা সহজ উপায়

কিউ এছ ৰেংকিং ২০২৭ : বিশ্বত জিলিকিল ভাৰতৰ শিক্ষানুষ্ঠান

‘কিউএছ কুৱাকুৱাৰেডী চাইমণ্ডছ’ৰ এই শেহতীয়া তালিকাত মুঠ ৫২ খন ভাৰতীয় শিক্ষানুষ্ঠান অন্তৰ্ভুক্ত হৈছে

গোলকীয় শিক্ষা জগতত পুনৰ জিলিকি উঠিল ভাৰতীয় শিক্ষানুষ্ঠান । শেহতীয়াকৈ প্ৰকাশ পোৱা মৰ্যাদাপূৰ্ণ ‘কিউএছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং ২০২৭’ (QS World University Rankings 2027)ত ভাৰতৰ সৰ্বোচ্চ স্থানপ্ৰাপ্ত বিশ্ববিদ্যালয় হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী দিল্লীয়ে । গোলকীয় সূচকাংকত প্ৰতিষ্ঠানখনে ১১৮ নম্বৰ স্থানলৈ উন্নীত হৈছে, যিটো যিকোনো ভাৰতীয় প্ৰতিষ্ঠানে অৰ্জন কৰা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিঙৰ সমকক্ষ ।

‘কিউএছ কুৱাকুৱাৰেডী চাইমণ্ডছ’ৰ এই শেহতীয়া তালিকাত মুঠ ৫২ খন ভাৰতীয় বিশ্ববিদ্যালয় অন্তৰ্ভুক্ত হৈছে । ইয়াৰ সৈতে ভাৰত এতিয়া বিশ্বৰ পঞ্চম আটাইতকৈ বেছি প্ৰতিনিধিত্ব থকা উচ্চ শিক্ষা ব্যৱস্থা হিচাপে পৰিগণিত হৈছে । উল্লেখনীয় যে, ২০১৭ চনৰ (১৪ খন প্ৰতিষ্ঠান) তুলনাত ভাৰতৰ এই প্ৰতিনিধিত্ব ২৭১ শতাংশ বৃদ্ধি পাইছে, যিটো জি-২০ ৰাষ্ট্ৰসমূহৰ ভিতৰত আটাইতকৈ দ্ৰুততম বৃদ্ধি ।

কোনখন প্ৰতিষ্ঠানৰ স্থান কিমান ?

এইবাৰ ৰেংকিঙত অংশ লোৱা আধাতকৈও অধিক ভাৰতীয় বিশ্ববিদ্যালয়ে নিজৰ প্ৰদৰ্শনৰ উন্নতি ঘটাইছে । দেশৰ প্ৰমুখ শিক্ষানুষ্ঠানসমূহৰ গোলকীয় স্থানসমূহ তলত উল্লেখ কৰা হ’ল :

আইআইটি দিল্লী : ১১৮ নম্বৰ স্থান (দেশৰ ভিতৰত প্ৰথম)

আইআইটি বোম্বাই : ১৩৪ নম্বৰ স্থান

আইআইটি মাদ্ৰাছ : ১৭০ নম্বৰ স্থান

আইআইটি খড়গপুৰ : ২০৫ নম্বৰ স্থান

আইআইটি কানপুৰ : ২২১ নম্বৰ স্থান

দিল্লী বিশ্ববিদ্যালয় : ৩২২ নম্বৰ স্থান

জামিয়া মিলিয়া ইছলামিয়া : ৬৮৬ নম্বৰ স্থান

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই সাফল্যক আদৰণি জনাই কয় যে, এই ফলাফল ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ অধীনত অনা সংস্কাৰসমূহৰ এক ইতিবাচক প্ৰতিফলন ।

প্ৰতিবেদন অনুসৰি ভাৰতৰ এই অগ্ৰগতি কেৱল আইআইটিসমূহৰ মাজতে সীমাবদ্ধ থকা নাই । এইবাৰ ১৮ খন ভাৰতীয় বিশ্ববিদ্যালয়ে নিজৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিং লাভ কৰিছে, যাৰ ভিতৰত ১৩ খনেই হৈছে অনা-আইআইটি প্ৰতিষ্ঠান । ইয়াৰ ভিতৰত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, বিটছ পিলানী, ভিআইটি, চণ্ডীগড় বিশ্ববিদ্যালয় আৰু শূলিনী বিশ্ববিদ্যালয় অন্যতম । বিশেষকৈ ‘ভিআইটি’য়ে ৯৪ টা স্থান আৰু ‘বিটছ পিলানী’য়ে ৯৩ টা স্থানৰ এক বিশাল জাঁপেৰে ক্ৰমে ৫৯৭ আৰু ৫৭৫ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

গৱেষণাত বিশ্বৰ ভিতৰতে তৃতীয় ভাৰত :

গৱেষণা আৰু সংস্থাপনৰ ক্ষেত্ৰতো ভাৰতে নিজৰ স্থিতি মজবুত কৰিছে । ‘চাইটেশ্যন পাৰ ফেকাল্টী’ৰ ক্ষেত্ৰত ১১ খন আৰু নিয়োগকৰ্তাৰ সুনামৰ ক্ষেত্ৰত ৬ খন ভাৰতীয় বিশ্ববিদ্যালয় বিশ্বৰ শীৰ্ষ ১০০ ৰ ভিতৰত আছে । বৰ্তমান বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম গৱেষণা উৎপাদন ভিত্তি আছে ভাৰতৰ হাতত ।

এতিয়াও আছে কিছু প্ৰত্যাহ্বান

উল্লেখনীয় সফলতাৰ মাজতো প্ৰতিবেদনত কিছু চিন্তনীয় দিশো প্ৰকাশ পাইছে । গৱেষণা আৰু সংস্থাপন বৃদ্ধি পালেও গোলকীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থী আৰু বিদেশী শিক্ষকক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত ভাৰতীয় বিশ্ববিদ্যালয়সমূহ এতিয়াও পিছপৰি আছে । শৈক্ষিক সুনাম আৰু আন্তঃৰাষ্ট্ৰীয়কৰণৰ ক্ষেত্ৰত ভাৰতক আৰু অধিক কাম কৰাৰ প্ৰয়োজন আছে ।

কিউএছৰ মুখ্য কাৰ্যবাহী বিষয়া জেচিকা টাৰ্নাৰে কয় যে, ১০৬ খন দেশৰ ১৫০০ তকৈও অধিক প্ৰতিষ্ঠানৰ মাজত হোৱা এই তীব্র প্ৰতিযোগিতাত ভাৰতৰ প্ৰদৰ্শনে ইয়াৰ উজ্জ্বল ভৱিষ্যতৰ দিশকে আঙুলিয়াই দিছে ।

লগতে পঢ়ক : নৱম শ্ৰেণীৰ পাঠ্যপুথিত প্ৰতিস্থাপন হ’ব ‘ডান্সিং গাৰ্ল’ৰ প্ৰকৃত ছবিঃ এনচিইআৰটিৰ সিদ্ধান্ত

এছ আই টি এমত স্নাতক দিৱস উদযাপন… “চাকৰি প্ৰত্যাশী নহয় চাকৰিদাতা হ’বলৈ” আহ্বান শিক্ষাৰ্থীক

এছ আই টি এমত স্নাতক দিৱস উদযাপন

সোমবাৰে স্কোলাৰ্ছ ইনষ্টিটিউট অৱ টেকন’লজি এণ্ড মেনেজমেণ্ট (এছ আই টি এম)ৰ স্নাতক দিৱস অনুষ্ঠিত হয় । ১৫ আগষ্টত শিক্ষানুষ্ঠানৰ কেম্পাছৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠান, য’ত অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় (এ এছ টি ইউ)ৰ সৈতে জড়িত স্নাতকসকলক প্ৰভিজনেল প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ।

স্নাতক দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থকা বিশিষ্ট বিজ্ঞানী তথা পৰিবেশ মিত্ৰ ড০ দিলীপ চেত্ৰীয়ে স্নাতকসকলক অভিনন্দন জনায় আৰু তেওঁলোকক “চাকৰি প্ৰত্যাশী নহয় চাকৰিদাতা হ’বলৈ” আহ্বান জনায় । লগতে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সমাজলৈ অৰ্থপূৰ্ণভাৱে অৱদান আগবঢ়াবলৈ আৰু “মহাবিদ্যালয়খনে প্ৰদান কৰা প্ৰশিক্ষণক প্ৰকৃত কামত ব্যৱহাৰ কৰিবলৈ” আহ্বান জনায় ।

আনুষ্ঠানিক শৈক্ষিক শোভাযাত্ৰাৰ পিছতে মুখ্য অতিথিৰ দ্বাৰা অনুষ্ঠান আৰম্ভৰ ঘোষণা কৰা হয় । অধ্যক্ষই স্নাতকসকলক শপত গ্ৰহণ কৰোৱাই আৰু বিভাগীয় মুৰব্বীসকলে প্ৰাৰ্থীসকলক উপস্থাপন কৰে । তাৰ পিছত অধ্যক্ষই তেওঁলোকক ASTUৰ হৈ নিজ নিজ ডিগ্ৰী প্ৰদান কৰে । মুখ্য অতিথিয়ে প্ৰভিজনেল প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ বিপৰীতে পৰীক্ষা নিয়ন্ত্ৰকে মেধাৱী ছাত্ৰ-ছাত্ৰীক পদক আৰু শৈক্ষিক বঁটা প্ৰদানৰ কথা ঘোষণা কৰে ।

এই অনুষ্ঠানত দুটা বিশেষ সন্মান প্ৰদান কৰা হয় । স্নাতকসকলৰ অসাধাৰণ কৃতিত্বক স্বীকৃতি দি শৈক্ষিক উৎকৃষ্টতা বঁটা আৰু বছৰ শ্ৰেষ্ঠ ছাত্ৰ বঁটা প্ৰদান কৰা হয় ।

প্ৰতিষ্ঠানৰ প্ৰতিবেদনত সঞ্চালকে শৈক্ষিক কৃতিত্ব, গৱেষণামূলক পদক্ষেপ আৰু ছাত্ৰ-ছাত্ৰীৰ কাৰ্যকলাপৰ ওপৰত আলোকপাত কৰে । ৰাষ্ট্ৰীয় সংগীত আৰু শৈক্ষিক শোভাযাত্ৰাৰে এই অনুষ্ঠানৰ সামৰণি পৰে ।

লগতে পঢ়ক : কেনেকৈ হ’ব ডাটা বিজ্ঞানী ? দ্বাদশৰ পিছত অধ্যয়নটো কৰিব লাগিব এই পাঠ্যক্ৰম

IBPS ৰ প্ৰাৰম্ভিক পৰীক্ষা দিবলৈ হৈছে নেকি সাজু? ঋণাত্মক নম্বৰে দিব পাৰে বাধা

IBPS ৰ প্ৰাৰম্ভিক পৰীক্ষা দিবলৈ হৈছে নেকি সাজু?

ইনষ্টিটিউট অৱ বেংকিং পাৰ্ছনেল চেলেকচনে আজি অৰ্থাৎ ১৭ আগষ্টৰ পৰা প্ৰবেচনেৰী অফিচাৰ্ছ প্ৰিলিমছ (আই বি পি এছ পি অ’ প্ৰিলিমছ ২০২৫) পৰীক্ষা আৰম্ভ কৰিছে।

আজিৰ উপৰিও ২৩ আৰু ২৪ আগষ্টত অনুষ্ঠিত হ’ব IBPS PO প্ৰিলিমছ পৰীক্ষা।ইতিমধ্যে প্ৰতিষ্ঠানটোৱে ibps.in ত আই বি পি এছ পি অ’ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ কল লেটাৰ বা এডমিট কাৰ্ড মুকলি কৰিছে। কিন্তু এই পৰীক্ষাত নেগেটিভ নম্বৰ আছে নে নাই আপুনি বাৰু জানেনে?

পৰীক্ষা যিয়েই নহওক কিয়, পৰীক্ষাৰ্থীৰ মনত সদায় নেগেটিভ নম্বৰৰ প্ৰশ্ন থাকে। এনে পৰিস্থিতিত পৰীক্ষাৰ্থীৰ মনত নিশ্চিতভাৱে এই পৰীক্ষাক লৈ এটা প্ৰশ্ন থাকিব, ইয়াত ঋণাত্মক নম্বৰ আছে নে নাই?

উল্লেখ্য যেআই বি পি এছ ৰ প্ৰাৰম্ভিক পৰীক্ষাত নিগেটিভ নম্বৰ আছে। ইয়াত প্ৰতিটো ভুল উত্তৰৰ বাবে সেই প্ৰশ্নত আবণ্টিত নম্বৰৰ এক চতুৰ্থাংশ বা ০.২৫ নম্বৰ ঋণাত্মক নম্বৰ হিচাপে কৰ্তন কৰা হ’ব।

IBPS POৰ প্ৰাৰম্ভিক পৰীক্ষা ১০০ নম্বৰৰ হ’ব। এই এঘণ্টীয়া পৰীক্ষাত বস্তুনিষ্ঠ ধৰণৰ প্ৰশ্ন থাকিব। প্ৰশ্নকাকতত তিনিটা খণ্ড ইংৰাজী ভাষা, পৰিমাণগত যোগ্যতা আৰু যুক্তিৰ ক্ষমতা থাকিব।

লগতে পঢ়ক: ঘোষণা হ’ল বীৰ চক্র সন্মান;  ৯গৰাকী ভাৰতীয় বায়ুসেনাৰ বিষয়ালৈ দেশৰ তৃতীয় সৰ্বোচ্চ সামৰিক সন্মান

নেতা সৃষ্টি হয়, জন্ম নহয়… সফলতা আহে পৰিৱৰ্তন আৰু শিক্ষণৰ অভ্যাসৰ পৰা

সফলতা আহে পৰিৱৰ্তন আৰু শিক্ষণৰ অভ্যাসৰ পৰা

বৰ্তমান সময়ত নেতৃত্বৰ স্বৰূপ সম্পূৰ্ণৰূপে পৰিৱৰ্তিত হৈছে । এতিয়া ই কেৱল অভিজ্ঞতা আৰু পৰম্পৰাগত পৰিচালনা শৈলীৰ ওপৰত ভিত্তি কৰি কৰা হোৱা নাই । বৰ্তমান ফলপ্ৰসূ নেতৃত্ব, প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ ক্ষমতা আৰু সংস্থাটোক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে প্ৰযুক্তি, ব্যৱসায়িক চঞ্চলতা আৰু দৃষ্টিশক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে । ইয়াৰ বাবে পেছাদাৰীসকলে নতুন প্ৰযুক্তি শিকিব আৰু বুজিব লাগিব, কৌশলগত সিদ্ধান্তত ইয়াক উন্নতভাৱে ব্যৱহাৰ কৰিব লাগিব ।

ইয়াৰ উপৰিও দলটোক একেলগে ৰাখিবলৈ, তেওঁলোকক প্ৰেৰণা যোগাবলৈ আৰু লক্ষ্যত উপনীত হ’বলৈ ফলপ্ৰসূ যোগাযোগ আৰু উপস্থাপন দক্ষতা অতি গুৰুত্বপূৰ্ণ । সেইবাবেই বৰ্তমানৰ কৰ্পৰেট জগতত নমনীয়তা, নতুন দক্ষতা শিকা আৰু ব্যৱসায়িক চঞ্চলতা গ্ৰহণ কৰাটো নেতৃত্বৰ ভিত্তি হিচাপে গণ্য কৰা হয় । যদি আপুনিও নিজৰ মাজত নেতৃত্বৰ গুণ বিকশিত কৰিব বিচাৰে, তেন্তে কিছুমান গুৰুত্বপূৰ্ণ কথাত মনোযোগ দি সফলতা অৰ্জন কৰিব পাৰে ।

পৰিৱৰ্তনক আকোৱালি লওক-

গ্লোবেল লিডাৰশ্বিপ পেছাদাৰীসকলে তেওঁলোকৰ অগ্ৰাধিকাৰত প্ৰয়োজনীয় পৰিৱৰ্তনক অধিক গুৰুত্ব দিয়ে । এনে পৰিস্থিতিত আপুনি আপোনাৰ উৎপাদনশীলতা বৃদ্ধিৰ বাবে আপোনাৰ কামত অটোমেচন, ৰবটিক্স আৰু জেনেৰেটিভ এ আইৰ দৰে পৰিৱৰ্তন অন্তৰ্ভুক্ত কৰিব লাগিব । ইয়াৰ উপৰিও আপোনাৰ সংস্থাৰ কৰ্ম সংস্কৃতি শক্তিশালী কৰা, উচ্চ প্ৰদৰ্শনক উৎসাহিত কৰা আৰু দলৰ উদ্ভাৱন ক্ষমতা বিকাশৰ ওপৰতো গুৰুত্ব দিব লাগিব ।

শিকাৰ নতুন দিশ-

এজন ফলপ্ৰসূ নেতাই পৰিৱৰ্তিত সময়ৰ লগে লগে নিজৰ দৃষ্টিভংগীও বিস্তাৰ কৰে । এনে পৰিৱৰ্তিত পৰিবেশত আপুনিও অহৰহ নতুন নতুন দক্ষতা শিকিব লাগিব । ইয়াৰ বাবে ব্যক্তিগতকৃত শিক্ষণৰ সুবিধা বৃদ্ধি কৰক, য’ত আপুনি আপোনাৰ মতে শিক্ষণ অভিজ্ঞতা আৰু সময় বাছি লোৱাৰ সুযোগ পাব, যাতে কৰ্ম আৰু জীৱনৰ মাজত ভাৰসাম্যতা থাকে ।

নেতৃত্বৰ দক্ষতা শক্তিশালী কৰা-

নেতা হ’বলৈ কেৱল কাৰিকৰী বা পৰিচালনাৰ দক্ষতাই যথেষ্ট নহয় । ইয়াৰ উপৰিও মানসিক নমনীয়তা, অভিযোজন ক্ষমতা আৰু জটিলতা বুজিব পৰা ক্ষমতাও গঢ়ি তুলিব লাগিব । অৱশ্যে ইয়াৰ বাবে সময় লাগিব পাৰে, কিন্তু ই আপোনাক প্ৰতিটো পৰিস্থিতিত আপোনাৰ দক্ষতাক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম কৰে ।

নেতৃত্বৰ মূল্যায়ন-

শেষত, আপুনি আপোনাৰ নেতৃত্বৰ ক্ষমতাৰ মূল্যায়নতো গুৰুত্ব দিব লাগিব । ইয়াৰ বাবে আপুনি এনে এটা স্কেল গ্ৰহণ কৰিব লাগে যিয়ে সাংগঠনিক সংস্কৃতি, সামূহিক দলৰ কৰ্মক্ষমতা আৰু কৰ্মচাৰীৰ দায়বদ্ধতাৰ ওপৰত আপুনি কিমান প্ৰভাৱ পেলাইছে জুখিব পাৰে । ইয়াৰ ফলত যিকোনো পৰিৱৰ্তন সহজে গ্ৰহণ কৰিব পৰা পৰিৱেশৰ সৃষ্টি হয় ।

লগতে পঢ়ক : চাকৰি আৰু পঢ়াৰ মাজত বজাই ৰাখক ভাৰসাম্য… মানি চলক এই ৫ টা টিপছ

শিকাটোও আপোনাৰ এক দায়িত্ব,তেতিয়াহে সফল হ’ব আপোনাৰ কেৰিয়াৰ… জানক সফলতাৰ প্ৰকৃত মন্ত্ৰ

শিকাটোও আপোনাৰ এক দায়িত্ব,তেতিয়াহে সফল হ’ব আপোনাৰ কেৰিয়াৰ

বেছিভাগ মানুহেই নিজৰ কামত বহু সময়, শক্তি আৰু কষ্ট খৰচ কৰে । ভালদৰে চালে ইয়াতেই আপুনি শিকিবলৈ আৰু আগবাঢ়িবলৈ সুযোগ পায় । কিন্তু এতিয়াও মানুহ ইয়াত ইমানেই ব্যস্ত হৈ পৰে যে কেৰিয়াৰত নিজৰ বিকাশক গুৰুত্ব দিবলৈ সক্ষম নহয়  যিটো কোনো কাৰণতে ভাল নহয় । মনত ৰাখিব, নতুন পৰিৱৰ্তনৰ লগত খাপ খুৱাবলৈ সাজু, অবিৰতভাৱে শিকিবলৈ আৰু নিজকে উন্নত কৰিবলৈ সাজুসকলেহে পৰিৱৰ্তিত পেছাদাৰী পৰিৱেশত জীয়াই থাকিব পাৰে ।

গতিকে এটা কথা নিশ্চিত যে যিজনে শিকিব জানে, পাহৰিলে পুনৰ শিকিব জানে তেওঁহে ভৱিষ্যতে আগবাঢ়ি যাব পাৰিব । এনে পৰিস্থিতিত যদি আপুনিও বিচাৰে যে সময়ৰ লগে লগে আপোনাৰ কেৰিয়াৰ উন্নত হৈ থাকক, তেন্তে আপুনি আপোনাৰ শিক্ষণ অভ্যাসক শক্তিশালী কৰিব লাগিব । ইয়াৰ বাবে কিছুমান উন্নত উপায় আছে ।

কিতাপৰ বাহিৰেও আন মানুহৰ পৰা শিকক-

আপোনাৰ চৌপাশৰ মানুহবোৰ আপোনাৰ বাবে জ্ঞানৰ এক বিশাল ভঁৰাল হ’ব পাৰে, যদিহে আপোনাৰ শিকাৰ ইচ্ছা থাকে । আপোনাৰ লগত কাম কৰা কোনোবা হওক, আন বিভাগৰ মানুহ হওক বা বেলেগ পেছাৰ কোনোবা হওক, আপুনি সকলোৰে পৰা শিকিব পাৰে । ইয়াৰ বাবে বৈচিত্ৰময় নেটৱৰ্ক আৰু শিক্ষণ সম্প্ৰদায় গঢ়ি তোলাটো গুৰুত্বপূৰ্ণ । লগতে প্ৰতিমাহে নতুন নতুন মানুহ লগ কৰিবলৈ চেষ্টা কৰক আৰু প্ৰতিটো কথা-বতৰাৰ শেষত এই প্ৰশ্নটো সুধিবলৈ নাপাহৰিব, আৰু কোনোবা আছে নেকি যাক মই লগ পোৱাটো উপযোগী ?  ইয়াৰ দ্বাৰা আপোনাৰ চিন্তাৰ পৰিসৰ বৃদ্ধি হোৱাই নহয়, নতুন দৃষ্টিভংগী জানিবলৈও সুযোগ পোৱা যাব ।

প্ৰতিদিনে নতুন কিবা এটা চেষ্টা কৰক-

শিকাৰ আটাইতকৈ উত্তম উপায় হ’ল পৰীক্ষা-নিৰীক্ষা কৰি থকা । ইয়াৰ বাবে আপোনাৰ কামত নতুন সঁজুলি চেষ্টা কৰক, আপোনাৰ উপস্থাপনত বিভিন্ন কৌশল ব্যৱহাৰ কৰক আৰু আপুনি কথা কোৱাৰ ধৰণ সলনি কৰক । প্ৰতিটো পৰীক্ষা শিকাৰ উদ্দেশ্যেৰে কৰক আৰু তাৰ পৰা কি শিকিলে জানিবলৈ চেষ্টা কৰক । মনত ৰাখিব প্ৰতিটো পৰীক্ষাই এটা শিক্ষণৰ সুযোগ, সেয়া সফল হওক বা অসফল হওক । গতিকে, কোনো পৰীক্ষা বিফল হ’লে নিৰুৎসাহিত নহ’ব ।

প্ৰশ্নবোৰৰ মাজত সমাধান লুকাই আছে-

প্ৰেৰণাদায়ক প্ৰশ্ন সুধিবলৈ শিকক, যেনে মই এই কামটো কেনেকৈ কৰিব পাৰো ? মোৰ ভুলবোৰ কেনেকৈ শুধৰাব পাৰো ? নতুন কিবা এটা চেষ্টা কৰিলে কি হ’ব ? এই কামটো মই কেনেকৈ ভালকৈ কৰিব পাৰো ? ইত্যাদি এনে প্ৰশ্নই আপোনাৰ সৃষ্টিশীল চিন্তাধাৰা বৃদ্ধি কৰে আৰু কাম কৰাৰ নতুন পদ্ধতি বিচাৰি উলিয়াবলৈ অনুপ্ৰাণিত কৰে । লগতে প্ৰেৰণাদায়ক প্ৰশ্নক ফলপ্ৰসূ কৰিবলৈ আন কাৰোবাক প্ৰশ্ন সুধিব আৰু উত্তৰ দিব ।

সৰু সৰু সফলতাতো সুখী হওক-

যদি কোনো কামত তথা কেৰিয়াৰত আপোনাৰ অগ্ৰগতি লেহেমীয়া হয়, তেন্তে নিৰুৎসাহিত নহ’ব । দুসপ্তাহৰ বাবে প্ৰতিটো দিনৰ শেষত আপোনাৰ তিনিটা সৰু সৰু সফলতা লিখি থওক, সেয়া মতামত বিচৰাই হওক বা কাৰোবাক সহায় কৰাই হওক । দুসপ্তাহৰ পিছত আপোনাৰ হাতত ৪২টা সফলতাৰ তালিকা থাকিব, যিয়ে আপোনাক উদযাপনৰ কাৰণ দিব আৰু লগতে আগবাঢ়ি যাবলৈও উৎসাহিত কৰিব ।

লগতে পঢ়ক : NEET পৰীক্ষাত নিৰ্বাচিত হ’বলৈ পাব লাগিব কিমান নম্বৰ ?প্ৰতি বছৰে কিমান থাকে আসন?

ভূগোলত স্নাতক সম্পূৰ্ণ হোৱাৰ পিছত কেৰিয়াৰৰ বিকল্প কি ? স্নাতকোত্তৰ নে চাকৰি ?

ভূগোলত স্নাতক সম্পূৰ্ণ হোৱাৰ পিছত কেৰিয়াৰৰ বিকল্প কি ?

ভূগোল ইংৰাজীত যাক জিঅ’গ্ৰাফী বুলি কোৱা হয় কেৱল মানচিত্ৰ পঢ়া বা মানচিত্ৰ বনোৱাতে সীমাবদ্ধ নহয় । এই বিষয়টো পৃথিৱী, পৰিৱেশ, মানৱ সভ্যতা, দুৰ্যোগ ব্যৱস্থাপনা আৰু নগৰ উন্নয়নৰ পৰা আৰম্ভ কৰি বিশ্ব নীতিলৈকে বহু ক্ষেত্ৰত উপযোগী । গতিকে ভূগোলত স্নাতক সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ বিকল্পও যথেষ্ট বৈচিত্ৰময় । বৰ্তমান জি আই এছ (Geographic Information System), ৰিম’ট চেন্সিং, নগৰ পৰিকল্পনা আদি নতুন খণ্ডত ভূগোল বিষয়ত শিক্ষিত যুৱক-যুৱতীসকলৰ বিপুল চাহিদা আছে ।

চৰকাৰী চাকৰিৰ পৰা গৱেষণা আৰু শিক্ষকতালৈকে ভূগোলত স্নাতকসকলৰ গুৰুত্ব বহু পৰিমাণে বৃদ্ধি পাইছে । বহু সময়ত ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰশ্ন থাকে যে ভূগোলত বি এ বা বি এছ চি উতীৰ্ণ হোৱাৰ পিছত কি কৰিব, স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব নে পোনপটীয়াকৈ চাকৰি বিচাৰিব ? যদি আপোনাৰ ইচ্ছা গৱেষণা, বিশ্ববিদ্যালয়ৰ প্ৰবক্তা বা UPSC ঐচ্ছিক তেন্তে স্নাতকোত্তৰ ডিগ্ৰী এটা উত্তম বিকল্প । যদি আপুনি যিমান পাৰে সোনকালে চাকৰি এটা পাব বিচাৰে, তেন্তে দক্ষতা ভিত্তিক কিছুমান পাঠ্যক্ৰম কৰি আপুনি এটা ভাল ব্যক্তিগত বা চৰকাৰী চাকৰি পাব পাৰে ।

যদি আপুনি একাডেমিক বা ৰিচাৰ্চ লাইনত যাব বিচাৰে তেন্তে ভূগোলত এম এ বা এম এছ চি ডিগ্ৰী সম্পূৰ্ণ কৰিব পাৰে । স্নাতকোত্তৰ কৰাৰ পিছত UGC-NET/JRF ৰ যোগ্যতা অৰ্জন কৰি কলেজ বা বিশ্ববিদ্যালয়ত প্ৰবক্তা হ’ব পাৰে । ইয়াৰ উপৰিও স্নাতকোত্তৰ শিক্ষাই বিষয়টোৰ ওপৰত আপোনাৰ দখল শক্তিশালী কৰে, যাৰ ফলত ইউ পি এছ চি, ৰাজ্যিক পি চি এছ বা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাত ভূগোলক ঐচ্ছিক বিষয় হিচাপে লোৱাটো সহজ হৈ পৰে । এই বিষয়ত স্নাতকোত্তৰ কৰাৰ পিছত পি এইচ ডি বা ৰিচাৰ্চ ফেল’শ্বিপৰ দুৱাৰো খোল খায় ।

ভূগোলত স্নাতকসকলৰ বাবে ইউ পি এছ চিৰ অসামৰিক সেৱা, ৰাজ্যিক লোকসেৱা আয়োগ, এছ এছ চি চি জি এল, ৰেলৱে, বেংকিং আদি পৰীক্ষাৰ বিকল্প আছে । ইয়াৰ বাহিৰেও বন বিভাগ, দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, টাউন প্লেনিং আদি বিভাগত চাৰ্ভেয়ৰ বা কাৰ্টোগ্ৰাফাৰৰ দৰে পদত নিযুক্তি লাভ কৰিব পাৰে । বহু ৰাজ্যত ভূগোলত স্নাতকসকলক ৰাজহ বা বসতি জৰীপৰ বাবে অগ্ৰাধিকাৰ দিয়া হয় । গতিকে যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে বি এ/বি এছ চিৰ পিছতো ভাল বিকল্প আছে ।

ব্যক্তিগত খণ্ডত সুযোগ-

ভূগোল অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে জি আই এছ বিশ্লেষক, ৰিম’ট চেন্সিং বিশেষজ্ঞ, নগৰ পৰিকল্পনাকাৰী, পৰিৱেশ পৰামৰ্শদাতা আদি চাকৰিৰ ভূমিকাত বৃহৎ সংখ্যক কাম কৰি আছে । ইয়াৰ বাবে ArcGIS, QGIS, Remote Sensing Tools আদি কাৰিকৰী দক্ষতা শিকিব লাগিব । গুগল মেপছ, হিয়েৰ মেপছৰ দৰে কোম্পানীয়েও ফিল্ড চাৰ্ভেয়ৰ আৰু জিঅ’ডাটা এনালাইষ্ট নিয়োগ কৰে । দুৰ্যোগ ব্যৱস্থাপনা বা নগৰ উন্নয়ন প্ৰকল্পৰ ক্ষেত্ৰতো এন জি অ’সমূহে ভাল চাকৰিৰ সুযোগ প্ৰদান কৰে ।

লগতে পঢ়ক : আই আই এমৰ পৰা এম বি এ কৰিব বিচাৰে নেকি ? জানক ষ্টেপ বাই ষ্টেপ নামভৰ্তি প্ৰক্ৰিয়া

আই আই এমৰ পৰা এম বি এ  কৰিব বিচাৰে নেকি ? জানক ষ্টেপ বাই ষ্টেপ নামভৰ্তি প্ৰক্ৰিয়া

আই আই এমৰ পৰা এম বি এ  কৰিব বিচাৰে নেকি ?

ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (আই আই এম) ভাৰতৰ অন্যতম সন্মানীয় ইনষ্টিটিউট, যিয়ে মূলতঃ এম বি এ, পি জি ডি এম আৰু পি এইচ ডিৰ দৰে বিভিন্ন মেনেজমেণ্ট প্ৰগ্ৰেম আগবঢ়ায় । যদি আপুনিও আই আই এমৰ পৰা এম বি এ কৰিব বিচাৰে, তেন্তে ইয়াত নামভৰ্তিৰ বাবে ষ্টেপ বাই ষ্টেপ প্ৰক্ৰিয়াৰ বিষয়ে জানক ।

কঠিন নিৰ্বাচন প্ৰক্ৰিয়া-

আই আই এমৰ পৰা এম বি এ কৰিবলৈ এজন ছাত্ৰই কমন এণ্ট্ৰেন্স টেষ্ট (CAT)ত অৱতীৰ্ণ হ’ব লাগিব । যিটো দেশৰ অন্যতম কঠিন পৰীক্ষা বুলি গণ্য কৰা হয় আৰু প্ৰতি বছৰে আই আই এমৰ দ্বাৰা অনুষ্ঠিত হয়, য’ত হাজাৰ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় । আই আই এমৰ পৰা এম বি এ কৰিবলৈ হ’লে এজন ছাত্ৰই CAT ত ভাল নম্বৰ পোৱাটো অতি প্ৰয়োজনীয় । যাৰ ভিত্তিত প্ৰাৰ্থীক আই আই এমৰ দ্বাৰা চৰ্টলিষ্ট কৰা হয় । একে সময়তে CAT ত ভাল নম্বৰ পোৱা প্ৰাৰ্থীসকলে Written Aptitude Test (WAT) আৰু তাৰ পিছত Personal Interview (PI)ৰ বাবে অৱতীৰ্ণ হ’ব লাগে ।

WAT আৰু PI-

WAT হৈছে এটা লিখিত পৰীক্ষা য’ত পৰীক্ষাৰ্থীৰ লিখাৰ ক্ষমতা আৰু সমস্যা সমাধানৰ দক্ষতাৰ মূল্যায়ন কৰা হয় । আনহাতে, পি আই হৈছে এনে এক সাক্ষাৎকাৰ য’ত প্ৰাৰ্থীৰ ব্যক্তিত্ব, জীৱন, অৰ্হতা আৰু অভিজ্ঞতাৰ মূল্যায়ন কৰা হয় । এই দুয়োটা পৰ্যায়তে সফলতা লাভ কৰাৰ পিছত চূড়ান্ত নিৰ্বাচনত পৰীক্ষাৰ্থীৰ শৈক্ষিক অভিলেখ, কৰ্ম অভিজ্ঞতা, লিংগ বৈচিত্ৰ্য আদিও বিবেচনা কৰা হয় । আনহাতে, সকলো পৰ্যায় দক্ষতাৰে উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলেহে আই আই এমত এম বি এ প্ৰগ্ৰেমত নামভৰ্তি লাভ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : ISRO ত যোগদান কৰিব বিচাৰিছে নেকি ? জানি লওক কেনেদৰে কৰিব অধ্যয়ন