ৰাছিয়াৰ বৈজ্ঞানিকৰ বৃহৎ সফলতা!উদ্ভাৱন কৰিলে কৰ্কট ৰোগৰ ভেকচিন

কৰ্কট ৰোগ বুলি ক’লেই সকলো লোকেই ভয় কৰে।বৰ্তমান সময়টো এই ৰোগটো প্ৰায় দুৰাৰোগ্য আৰু মানুহৰ মাজত প্ৰচণ্ড চিন্তাৰ কাৰণ হৈ পৰে। কিন্তু ৰাছিয়াই কৰ্কট ৰোগক লৈ এটা বৃহৎ দাবী কৰিছে। দৰাচলতে ৰাছিয়াৰ বৈজ্ঞানিক সকলে দাবী কৰিছে যে তেওঁলোকে কৰ্কট ৰোগৰ ভেকছিন উদ্ভাৱন কৰিছে। ই সকলো

কৰ্কট ৰোগ বুলি ক’লেই সকলো লোকেই ভয় কৰে।বৰ্তমান সময়টো এই ৰোগটো প্ৰায় দুৰাৰোগ্য আৰু মানুহৰ মাজত প্ৰচণ্ড চিন্তাৰ কাৰণ হৈ পৰে। কিন্তু ৰাছিয়াই কৰ্কট ৰোগক লৈ এটা বৃহৎ দাবী কৰিছে।

দৰাচলতে ৰাছিয়াৰ বৈজ্ঞানিক সকলে দাবী কৰিছে যে তেওঁলোকে কৰ্কট ৰোগৰ ভেকছিন উদ্ভাৱন কৰিছে। ই সকলো ধৰণৰ কৰ্কট ৰোগক প্ৰতিহত কৰিব।

ৰাছিয়াৰ ঘোষণা অনুসৰি, প্ৰাক-নিদানিক পৰীক্ষণত প্ৰমাণিত হৈছে যে এই ভেকছিনটো কৰ্কট ৰোগৰ টিউমাৰ দমন কৰাত সফল।

এই ভেকছিনে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী ইমান শক্তিশালী কৰিব যে যিকোনো কোষ কৰ্কট কোষলৈ পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰাৰ লগে লগেই, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই সেইবোৰ নাইকিয়া কৰিব।

কিছুদিন পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এটা ভাষণত কয় যে “আমি কৰ্কট ৰোগৰ ভেকছিন আৰু নতুন প্ৰজন্মৰ ইমিউনোমডুলেটৰী ঔষধৰ বিকাশৰ কাষ চাপিছো”।

এতিয়া প্ৰশ্ন উত্থাপিত হয় যে আমেৰিকান আৰু ইউৰোপীয় দেশসমূহত কৰ্কট ৰোগৰ ভেকছিন সৃষ্টি কৰাৰ দৌৰত আছে। আৰু প্ৰতিদিনে ইয়াত কিছু বিকাশ হৈ আছে।

মডাৰ্ণা আৰু মাৰ্কৰ দ্বাৰা কৰ্কট ৰোগৰ ভেকছিনৰ তৃতীয় পৰীক্ষণো সম্পূৰ্ণ হৈছে। ২০২৫ চনৰ আৰম্ভণিতে সাধাৰণ লোকৰ বাবে এই প্ৰতিষেধক মুকলি কৰাৰ পৰিকল্পনা কৰিছে ৰাছিয়াই।

ৰাছিয়ান চৰকাৰৰ দাবী ৰাছিয়াই আৱিষ্কাৰ কৰিলে mRNA ভেকচিন। কৰ্কট ৰোগ প্ৰতিৰোধত সহায় কৰিব এই ভেকচিনে।

জানিব পৰা মতে  ৰাছিয়াৰ নাগৰিকক বিনামূলীয়াভাৱে প্ৰদান কৰা হ’ব এই ভেকচিন।এই ভেকচিনৰ বাবে কোটি কোটি লোকৰ জীৱন ৰক্ষা পৰাৰ সম্ভাৱনা আছে।

শেহতীয়া প্ৰৱন্ধসমূহ