৪ ফেব্ৰুৱাৰীত কিয় পালন কৰা হয় বিশ্ব কৰ্কট দিৱস ? জানক ইয়াৰ গুৰুত্ব আৰু ইতিহাস

৪ ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব কৰ্কট দিৱস (World Cancer Day ) । প্ৰতি বছৰে এই দিৱস পালন কৰা হয় । বিশ্ব কৰ্কট দিৱস পালনৰ উদ্দেশ্য হৈছে মানুহৰ মাজত কৰ্কট অথবা কেন্সাৰ সম্পৰ্কে সজাগতা বৃদ্ধি আৰু এই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্বব্যাপী প্ৰচেষ্টা শক্তিশালী কৰা । আজি সমগ্ৰ বিশ্বতে কৰ্কট ৰোগ হৈছে মৃত্যুৰ অন্যতম বৃহৎ কাৰণ ।

বিশ্ব কৰ্কট দিৱসৰ উদ্দেশ্য কেৱল এই ৰোগৰ প্ৰতি মানুহক সজাগ কৰাই নহয় ইয়াৰ প্ৰতিৰোধ, চিকিৎসা আৰু নিয়ন্ত্ৰণৰ প্ৰসাৰ কৰাও ইয়াৰ লক্ষ্য ।

বিশ্ব কৰ্কট দিৱস ২০২৫ৰ বিষয়বস্তু-

প্ৰতি বছৰে বিশ্ব কৰ্কট দিৱস এটা থিম অথবা বিষয়বস্তক লৈ পালন কৰা হয় । এইবাৰ বিশ্ব কৰ্কট দিৱসৰ থিম ‘ইউনাইটেড বাই ইউনিক’ (United by Unique) হিচাপে ৰখা হৈছে । এই থিমটোৰ উদ্দেশ্য হৈছে কেন্সাৰ এনে এখন যুদ্ধ যিখন কেৱল চিকিৎসাৰে নহয় মানুহৰ সহযোগত জয়ী হ’ব পৰা যায় যাক আমি ইয়াৰ শিপাৰ পৰা নিৰ্মূল কৰিব লাগিব ।

বিশ্ব কৰ্কট দিৱসৰ ইতিহাস-

বিশ্ব কৰ্কট দিৱস পালন ২০০০ চনৰ পৰা পেৰিছত আৰম্ভ হৈছিল । দৰাচলতে ২০০০ চনৰ ৪ ফেব্ৰুৱাৰীত পেৰিছত ‘ৱৰ্ল্ড ছামিট এগেইনষ্ট কেন্সাৰ’ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল, য’ত প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰীত বিশ্ব কৰ্কট দিৱস পালন কৰাৰ কথা ঘোষণা কৰা হৈছিল । ইউনিয়ন ফৰ ইণ্টাৰনেশ্যনেল কেন্সাৰ কণ্ট্ৰল (UICC) য়ে ইয়াক স্থাপন কৰিছিল । উল্লেখ্য যে ইউ আই চি চি হৈছে এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা, যিয়ে কেন্সাৰৰ বিৰুদ্ধে যুঁজত আগবাঢ়ি আছে ।

বিশ্ব কৰ্কট দিৱসৰ গুৰুত্ব-

বিশ্ব কৰ্কট দিৱস পালনৰ আঁৰৰ কাৰণ হ’ল কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগৰ বিষয়ে সাধাৰণ মানুহক সজাগ কৰা, কৰ্কট ৰোগৰ কাৰণ কি আৰু ই কেনেকৈ বিয়পে ?  লক্ষ্য হৈছে কৰ্কট ৰোগৰ জনশ্ৰুতি দূৰ কৰা আৰু সমগ্ৰ বিশ্বৰ চৰকাৰসমূহে চলাই থকা কেন্সাৰ সম্পৰ্কীয় অভিযানৰ বিষয়ে সজাগতা বিয়পোৱা । ইয়াৰ সমান্তৰালকৈ কৰ্কট ৰোগৰ ১০০ শতাংশ আৰোগ্য লাভ কৰিব পৰা কথা সন্দৰ্ভত সজাগতা সৃষ্টি কৰা ।

কৰ্কট ৰোগীৰ বাবে সকলো জিলা চিকিৎসালয়তে স্থাপন কৰা হ’ব ডে কেয়াৰ চেণ্টাৰ, কৰমুক্ত হ’ব ৩৬ বিধ জীৱনদায়িনী ঔষধ

২০২৫-২৬ বৰ্ষৰ বাবে নিজৰ অষ্টমখন বাজেট দাখিল কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে আগন্তুক তিনি বছৰত সকলো জিলা চিকিৎসালয়তে ডে কেয়াৰ কেন্সাৰ কেন্দ্ৰ স্থাপনৰ সুবিধা প্ৰদান কৰিব আৰু ইয়াৰে ২০০ টা কেন্দ্ৰ ২০২৫-২৬ চনত স্থাপন কৰা হ’ব ৷ ইয়াৰ সমান্তৰালকৈ বিত্তমন্ত্রীয়ে কেন্সাৰকে ধৰি অন্যান্য গুৰুতৰ ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ৩৬টা জীৱন ৰক্ষাকাৰী ঔষধৰ মৌলিক শুল্ক সম্পূর্ণৰূপে আঁতৰোৱাৰ প্রস্তাৱ আগবঢ়াইছে ৷

আগন্তুক তিনিবছৰত সকলো জিলা চিকিৎসালয়ত ডে’ কেয়াৰ কেন্সাৰ চেণ্টাৰ স্থাপনৰ সুবিধা প্ৰদান কৰিব বুলি কয় বিত্ত মন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, ২০২৫-২৬ চনত ২০০টা কেন্দ্ৰ স্থাপন কৰা হ’ব । সীতাৰমণে কয়, বিশেষকৈ কেন্সাৰ, বিৰল ৰোগ আৰু অন্যান্য গুৰুতৰ দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত ৰোগীক সকাহ দিয়াৰ বাবে মই ৩৬ টা জীৱন ৰক্ষাকাৰী ঔষধৰ তালিকাত যোগ কৰাৰ প্ৰস্তাৱ দিছো, যাৰ ওপৰত সীমা শুল্ক সম্পূৰ্ণৰূপে ৰেহাই দিয়া হ’ব । ইয়াৰ উপৰিও ৫ শতাংশ ৰেহাইমূলক সীমা শুল্কৰ তালিকাত ৬টা জীৱন ৰক্ষাকাৰী ঔষধ সংযোজন কৰা হ’ব । এই ঔষধসমূহ প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় বাল্ক ঔষধৰ ক্ষেত্ৰতো সম্পূৰ্ণ ৰেহাই বা ৰেহাইমূলক হাৰ প্ৰযোজ্য হ’ব ।

বিগত বাজেটতো চৰকাৰে কেন্সাৰৰ তিনিটা প্ৰধান ঔষধৰ জি এছ টি হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছিল । সীতাৰমণে কয় যে এতিয়া মই এই তালিকাত আৰু ৩৭টা জীৱন ৰক্ষাকাৰী ঔষধ যোগ কৰাৰ প্ৰস্তাৱ দিছো আৰু ১৩টা নতুন ৰোগীৰ সহায়ক কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিছো ।

শনিবাৰে একেৰাহে অষ্টমবাৰৰ বাবে বাজেট দাখিল কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, ৰোগীক বিশেষকৈ কৰ্কট ৰোগ, বিৰল ৰোগ আৰু অন্যান্য গুৰুতৰ দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্তসকলক সকাহ দিয়াৰ বাবে মই প্ৰাথমিক শুল্কৰ পৰা সম্পূৰ্ণ ৰেহাই পাব পৰা ঔষধৰ তালিকাত ৩৬ টা জীৱন ৰক্ষাকাৰী ঔষধ যোগ দিয়াৰ প্ৰস্তাৱ দিছো ।

ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে ঔষধ কোম্পানীসমূহে পৰিচালনা কৰা ‘ৰোগী সহায় কাৰ্যসূচী’ৰ অধীনত প্ৰদান কৰা নিৰ্দিষ্ট ঔষধ আৰু ঔষধসমূহ মৌলিক সীমা শুল্কৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে, যদিহে এই ঔষধসমূহ ৰোগীসকলক বিনামূলীয়াকৈ প্ৰদান কৰা হয় ।

চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আসন বৃদ্ধিৰ সন্দৰ্ভত তেওঁ কয় যে আমাৰ চৰকাৰে ১০ বছৰত প্ৰায় ১.১ লাখ স্নাতক আৰু স্নাতকোত্তৰ চিকিৎসা শিক্ষাৰ আসন সংযোজন কৰিছে । এয়া ১৩০ শতাংশ বৃদ্ধি । সকলো চৰকাৰী মাধ্যমিক বিদ্যালয় আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ব্ৰডবেণ্ড সংযোগৰ ব্যৱস্থা কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে অৱগত কৰে । সীতাৰমনে কয় যে পি এম জন আৰোগ্য যোজনাৰ অধীনত গিগ কৰ্মীসকলক স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰা হ’ব ।

ৰাছিয়াৰ বৈজ্ঞানিকৰ বৃহৎ সফলতা!উদ্ভাৱন কৰিলে কৰ্কট ৰোগৰ ভেকচিন

কৰ্কট ৰোগ বুলি ক’লেই সকলো লোকেই ভয় কৰে।বৰ্তমান সময়টো এই ৰোগটো প্ৰায় দুৰাৰোগ্য আৰু মানুহৰ মাজত প্ৰচণ্ড চিন্তাৰ কাৰণ হৈ পৰে। কিন্তু ৰাছিয়াই কৰ্কট ৰোগক লৈ এটা বৃহৎ দাবী কৰিছে।

দৰাচলতে ৰাছিয়াৰ বৈজ্ঞানিক সকলে দাবী কৰিছে যে তেওঁলোকে কৰ্কট ৰোগৰ ভেকছিন উদ্ভাৱন কৰিছে। ই সকলো ধৰণৰ কৰ্কট ৰোগক প্ৰতিহত কৰিব।

ৰাছিয়াৰ ঘোষণা অনুসৰি, প্ৰাক-নিদানিক পৰীক্ষণত প্ৰমাণিত হৈছে যে এই ভেকছিনটো কৰ্কট ৰোগৰ টিউমাৰ দমন কৰাত সফল।

এই ভেকছিনে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী ইমান শক্তিশালী কৰিব যে যিকোনো কোষ কৰ্কট কোষলৈ পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰাৰ লগে লগেই, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই সেইবোৰ নাইকিয়া কৰিব।

কিছুদিন পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এটা ভাষণত কয় যে “আমি কৰ্কট ৰোগৰ ভেকছিন আৰু নতুন প্ৰজন্মৰ ইমিউনোমডুলেটৰী ঔষধৰ বিকাশৰ কাষ চাপিছো”।

এতিয়া প্ৰশ্ন উত্থাপিত হয় যে আমেৰিকান আৰু ইউৰোপীয় দেশসমূহত কৰ্কট ৰোগৰ ভেকছিন সৃষ্টি কৰাৰ দৌৰত আছে। আৰু প্ৰতিদিনে ইয়াত কিছু বিকাশ হৈ আছে।

মডাৰ্ণা আৰু মাৰ্কৰ দ্বাৰা কৰ্কট ৰোগৰ ভেকছিনৰ তৃতীয় পৰীক্ষণো সম্পূৰ্ণ হৈছে। ২০২৫ চনৰ আৰম্ভণিতে সাধাৰণ লোকৰ বাবে এই প্ৰতিষেধক মুকলি কৰাৰ পৰিকল্পনা কৰিছে ৰাছিয়াই।

ৰাছিয়ান চৰকাৰৰ দাবী ৰাছিয়াই আৱিষ্কাৰ কৰিলে mRNA ভেকচিন। কৰ্কট ৰোগ প্ৰতিৰোধত সহায় কৰিব এই ভেকচিনে।

জানিব পৰা মতে  ৰাছিয়াৰ নাগৰিকক বিনামূলীয়াভাৱে প্ৰদান কৰা হ’ব এই ভেকচিন।এই ভেকচিনৰ বাবে কোটি কোটি লোকৰ জীৱন ৰক্ষা পৰাৰ সম্ভাৱনা আছে।