তবলা বাদক ওস্তাদ জাকিৰ হুছেইনৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি, আমেৰিকাৰ চিকিৎসালয়ত ভৰ্তি…

সৰ্বশ্ৰেষ্ঠ তবলাবাদক হিচাপে খ্যাতি অৰ্জন কৰা জাকিৰ হুছেইন আমেৰিকাৰ ছান ফ্ৰান্সিস্কোৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে । জানিব পৰা মতে তেওঁ হৃদযন্ত্ৰৰ সৈতে জড়িত ৰোগত আক্ৰান্ত আৰু বৰ্তমান তেওঁৰ অৱস্থা অতি সংকটজনক । হৃদৰোগত আক্ৰান্ত জাকিৰ হুছেইন- প্ৰকাশিত এক বাতৰি অনুসৰি শিল্পীগৰাকী গুৰুতৰভাৱে অসুস্থ আৰু

সৰ্বশ্ৰেষ্ঠ তবলাবাদক হিচাপে খ্যাতি অৰ্জন কৰা জাকিৰ হুছেইন আমেৰিকাৰ ছান ফ্ৰান্সিস্কোৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে । জানিব পৰা মতে তেওঁ হৃদযন্ত্ৰৰ সৈতে জড়িত ৰোগত আক্ৰান্ত আৰু বৰ্তমান তেওঁৰ অৱস্থা অতি সংকটজনক ।

হৃদৰোগত আক্ৰান্ত জাকিৰ হুছেইন-

প্ৰকাশিত এক বাতৰি অনুসৰি শিল্পীগৰাকী গুৰুতৰভাৱে অসুস্থ আৰু বৰ্তমান আমেৰিকাত চিকিৎসাধীন হৈ আছে । যোৱা কেইবছৰমানৰ পৰা তেওঁ হৃদযন্ত্ৰৰ লগত জড়িত ৰোগত আক্ৰান্ত হৈ আছে । প্ৰায় ২ বছৰ পূৰ্বে হৃদযন্ত্ৰত ব্লক হোৱাৰ বাবেও তেওঁৰ ষ্টেণ্ট লগোৱা হৈছিল ।

৭ বছৰ বয়সত তবলা শিকিছিল জাকিৰ হুছেইনে-

বিখ্যাত প্ৰয়াত তবলা বাদক আল্লাহ ৰাখা খানৰ পুত্ৰ জাকিৰ হুছেইন । উল্লেখযোগ্য যে তেওঁ ভাৰতীয় আৰু বিদেশী বহু বিখ্যাত ছবিৰ সংগীত ৰচনাও কৰিছিল আৰু ছবিসমূহৰ বাবে তবলা বজাইছিল । জাকিৰ হুছেইনে ৭ বছৰ বয়সৰ পৰাই তবলা শিকিবলৈ আৰম্ভ কৰিছিল আৰু ১২ বছৰ বয়সত দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি তবলা প্ৰদৰ্শন কৰা আৰম্ভ কৰিছিল ।

বহু বছৰ ধৰি আমেৰিকাত বাস কৰি আহিছে জাকিৰ হুছেইনে-

প্ৰায় চাৰি দশক পূৰ্বে ওস্তাদ জাকিৰ হুছেইনে সমগ্ৰ পৰিয়ালসহ আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত বসতি স্থাপন কৰিছিল । জাকিৰ হুছেইনক দেশ-বিদেশৰ বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হৈছে ।

জাকিৰ হুছেইনক এইসমূহ বঁটাৰে সন্মানিত কৰা হৈছে-

ভাৰত চৰকাৰে ১৯৮৮ চনত পদ্মশ্ৰী, ২০০২ চনত পদ্ম ভূষণ, ২০২৩ চনত পদ্ম বিভূষণ জাকিৰ হুছেইনক  বঁটা প্ৰদান কৰিছে । জাকিৰ হুছেইনে ১৯৯০ চনত সৰ্বোচ্চ সংগীত সন্মান ‘সংগীত নাটক অকাডেমী বঁটা’ও লাভ কৰিছিল ।

জাকিৰ হুছেইনে ৪ বাৰ গ্ৰেমী বঁটা লাভ কৰে-

সমসাময়িক বিশ্ব সংগীত এলবাম শাখাৰ সামূহিক সংগীত প্ৰকল্প/প্ৰয়াস ‘গ্ল’বেল ড্ৰাম প্ৰজেক্ট’ এলবামৰ বাবে ২০০৯ চনত তেওঁক ৫১ সংখ্যক গ্ৰেমী বঁটাৰে সন্মানিত কৰা হৈছিল । উল্লেখযোগ্য যে ওস্তাদ জাকিৰ হুছেইনে তেওঁৰ কেৰিয়াৰত ৭ বাৰ গ্ৰেমী বঁটাৰ বাবে মনোনীত হৈছিল, ইয়াৰে তেওঁ চাৰিবাৰ এই বঁটা লাভ কৰিছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ