আমিৰ খান

‘ইয়াৰ পিছত আৰু একোৱেই বাকী নাথাকিব…’; মহাভাৰতেই হ’ব নেকি আমিৰ খানৰ শেষৰখন ছবি

মহাভাৰতেই হ’ব আমিৰ খানৰ শেষৰখন ছবি! বহুদিনৰ বিৰতিৰ পিছত ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে ছুপাৰষ্টাৰ আমিৰ খান।তেওঁৰ নতুন ছবি ‘সীতাৰে জমীন পাৰ’ মুক্তি পাবলৈ ওলাইছে। এয়া তেওঁৰ হিট ছবি ‘তাৰে জমীন পাৰ’, ২০১৬ৰ ছিকুৱেল, য’ত তেওঁ বাস্কেটবল প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰিব।অভিনেতাগৰাকীয়ে নিজৰ ছবিখনৰ প্ৰচাৰো ইতিমধ্যে আৰম্ভ

মহাভাৰতেই হ’ব আমিৰ খানৰ শেষৰখন ছবি!

বহুদিনৰ বিৰতিৰ পিছত ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে ছুপাৰষ্টাৰ আমিৰ খান।তেওঁৰ নতুন ছবি ‘সীতাৰে জমীন পাৰ’ মুক্তি পাবলৈ ওলাইছে।

এয়া তেওঁৰ হিট ছবি ‘তাৰে জমীন পাৰ’, ২০১৬ৰ ছিকুৱেল, য’ত তেওঁ বাস্কেটবল প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰিব।অভিনেতাগৰাকীয়ে নিজৰ ছবিখনৰ প্ৰচাৰো ইতিমধ্যে আৰম্ভ কৰিছে।

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত তেওঁ নিজৰ জীৱন আৰু কেৰিয়াৰৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ কথা শ্বেয়াৰ কৰিছিল।

ইয়াৰ মাজতে তেওঁক সোধা হৈছিল যে যদি তেওঁ নিজৰ শেষৰখন ছবি নিৰ্মাণ কৰে তেন্তে কেনেকুৱা হ’ব? এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে তেওঁৰ সপোন ‘মহাভাৰত’ৰ কথা উল্লেখ কৰে।

আমিৰে কয় যে ‘সীতাৰে জমীন পাৰ’ মুক্তি পোৱাৰ পিছত, ‘মহাভাৰত’ বনোৱাৰ কাম কৰিব।ইয়াৰ পিছত তেওঁ আন কোনো প্ৰজেক্ট নিৰ্মাণ কৰিব নোৱাৰিব বুলিও কয়।

আমিৰ খানে কয়, ‘সীতাৰে জমীন পাৰ মুক্তি পোৱাৰ পিছত মই মহাভাৰতৰ কাম কৰিম।মই ভাবো যে হয়তো সেইটো এনে এটা প্ৰজেক্ট যিটো কৰাৰ পিছত মোৰ এই অনুভৱ আহিছে যে ইয়াৰ পিছত মই আন কোনো প্ৰজেক্ট বনাব নোৱাৰো’।

‘কাৰণ সেই প্ৰজেক্টটো ইমানেই ডাঙৰ যে ইয়াত ইমানবোৰ স্তৰ আৰু আৱেগ আছে, ইয়াত থকা সকলো বস্তুৱে তেওঁক গ্ৰেণ্ড কৰি তোলে।পৃথিৱীত যি আছে, সেই সকলোবোৰ মহাভাৰতত পাব।’

অৱশ্যে তেওঁ লগতে কয় যে, ‘মই মোৰ মৃত্যুৰ আগলৈকে কাম কৰিব বিচাৰো।কিন্তু এটা কথাই মই ভাবিব পাৰো যে মহাভাৰত নিৰ্মাণ কৰাৰ পিছত হয়তো মই আন কোনো ছবি হয়টো নিৰ্মাণ কৰিব নোৱাৰিম।’

লগতে পঢ়ক: ৰাছিয়াৰ বিমানঘাটিত ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণ; ৪০খন বোমাৰু বিমান ধ্বংস কৰাৰ দাবী

শেহতীয়া প্ৰৱন্ধসমূহ