ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ চলিত ছিজন স্থগিত হ’ব পাৰে। ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে এই ডাঙৰ খবৰ ওলাইছে।
এই সন্দৰ্ভত চলি আছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বৈঠক।তাৰ মাজতে বিদেশী খেলুৱৈসকলক ঘৰলৈ পঠোৱাটোৱেই বিচিচিআইৰ প্ৰথম অগ্ৰাধিকাৰ হ’ব।
ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবেই পঞ্জাব কিংছ (পিবিকেএছ) আৰু দিল্লী কেপিটেলছ (ডিচি)ৰ মাজত চলি থকা আজিৰ খেল খন মাজভাগত বাতিল কৰা হয়।
লগতে ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামো খালী কৰা হয়।খেলুৱৈ সকলক ধর্মশালাৰ পৰা দিল্লীলৈ অনাৰ বাবে এখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হৈছে।
বিচিচিআইয়ে অগ্ৰাধিকাৰ ভিত্তিত খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীক অনাৰ বাবে বন্দে ভাৰত ৰে’লৰ ব্যৱস্থা কৰিছে।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক দেৱজিৎ শইকীয়াই কয়, ‘সকলো কথা বিবেচনা কৰি আমি এই মেচখন বাতিল কৰাৰ সিদ্ধান্ত লৈছো।বৰ্তমান পৰিস্থিতি ভাল নহয়, সেইবাবেই আমি ৮ মে’ৰ খেলখন বাতিল কৰিছো’।