জয়ৰে আৰম্ভণি চেন্নাইৰ...

জয়ৰে আৰম্ভণি চেন্নাইৰ… চাৰি উইকেটত পৰাস্ত মুম্বাই, ৰাচিন-গাইকোৱাদৰ অৰ্ধ শতক

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ ছিজনৰ তৃতীয়খন খেল দেওবাৰে (২৩ মাৰ্চ) চেন্নাই ছুপাৰ কিংছ (চি এছ কে) আৰু মুম্বাই ইণ্ডিয়ানছ (এম আই)ৰ মাজত অনুষ্ঠিত হয় । চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত চি এছ কেয়ে ৪ উইকেটত দৰ্শনীয় জয় সাব্যস্ত কৰে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ ছিজনৰ তৃতীয়খন খেল দেওবাৰে (২৩ মাৰ্চ) চেন্নাই ছুপাৰ কিংছ (চি এছ কে) আৰু মুম্বাই ইণ্ডিয়ানছ (এম আই)ৰ মাজত অনুষ্ঠিত হয় । চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত চি এছ কেয়ে ৪ উইকেটত দৰ্শনীয় জয় সাব্যস্ত কৰে ।

টছত পৰাস্ত হৈ মেচখনত প্ৰথমে বেটিং কৰাৰ পিছত মুম্বাই দলে ১৫৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে । ইয়াৰ প্ৰত্যুত্তৰত চেন্নাই দলে ৬টা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে । দলৰ হৈ ৰাচিন ৰবীন্দ্ৰই সৰ্বাধিক ৬৫ ৰান (অপৰাজিত) সংগ্ৰহ কৰে । অধিনায়ক ৰুতুৰাজ গাইকোৱাডে ৫৩ ৰানৰ দৰ্শনীয় ইনিংছ খেলে ।

নূৰ-খলিলৰ সন্মুখত অসহায় মুম্বাই দল-

মেচখনত মুম্বাইৰ আৰম্ভণি অতি বেয়া আছিল । ৰোহিত শৰ্মা প্ৰথম অভাৰতে একাউণ্ট নোখোলাকৈয়ে আউট হয় । ইয়াৰ পাছতে মুম্বাইয়ে প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাইছিল যদিও নিয়মীয়া ব্যৱধানত উইকেটৰ পতন ঘটাত অৱশেষত সৰু স্ক’ৰতে দলটো অল আউট হয় ।

মুম্বাইয়ে ৯টা উইকেট হেৰুৱাই ১৫৫ ৰান সংগ্ৰহ কৰে । দলটোৰ হৈ সৰ্বাধিক ৩১ ৰান সংগ্ৰহ কৰে তিলক বাৰ্মাই । আনহাতে এই মেচখনত অধিনায়কত্ব কৰা সূৰ্যকুমাৰ যাদৱ ২৯ ৰান সংগ্ৰহ কৰি আউট হয় । শেষত দীপক চাহাৰে ১৫টা বলত ২৮ ৰান সংগ্ৰহ কৰে । ইয়াৰ বাহিৰেও কোনো বেটছমেনে ২০ৰ সংখ্যা স্পৰ্শ কৰিব নোৱাৰিলে । চেন্নাইৰ হৈ ৰিষ্ট স্পীনাৰ নূৰ আহমেদে নিজৰ যাদু দেখুৱাই ৪টা উইকেট দখল কৰে । খলিল আহমেদে ৩টা উইকেট দখল কৰে । আনহাতে নাথান এলিছ আৰু অশ্বিনে ১-১ উইকেট দখল কৰে ।

পাণ্ড্যাৰ ঠাইত অধিনায়কৰ দায়িত্ব ল’লে সূৰ্য্যই-

অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে এই এখন মেচৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ কমাণ্ড সূৰ্যকুমাৰ যাদৱৰ হাতত থাকিল । যোৱা আই পি এল ছিজনত তৃতীয়বাৰৰ বাবে স্লো অভাৰ ৰেট উলংঘা কৰাৰ বাবে মুম্বাইৰ নিয়মীয়া অধিনায়ক হাৰ্দিক পাণ্ডিয়াক এখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।

এই নিষেধাজ্ঞাৰ বাবে হাৰ্দিকে ২০২৫ চনৰ প্ৰথমখন মেচ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব নোৱাৰিলে । ৪৩ বছৰীয়া ভাৰতীয় প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়েও খেলখনত অংশগ্ৰহণ কৰে । অনুমান কৰা হৈছে যে এইটো তেওঁৰ কেৰিয়াৰৰ শেষ ছিজন হ’ব পাৰে ।