‘আৱামী লীগে সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে’, মুখ্য নিৰ্বাচন আয়ুক্তই ক’লে কাৰণ...

‘আৱামী লীগে সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে’, মুখ্য নিৰ্বাচন আয়ুক্তই ক’লে কাৰণ…

বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে নিৰ্বাচন আয়োগে । বাংলাদেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম নাছিৰুদ্দিনে কয় যে অন্তৱৰ্তীকালীন চৰকাৰ বা ন্যায়পালিকাই নিষেধাজ্ঞা আৰোপ নকৰালৈকে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগে সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব । সোমবাৰে চট্টগ্ৰাম চাৰ্কিট হাউছত নিৰ্বাচনী বিষয়াসকলৰ

বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে নিৰ্বাচন আয়োগে । বাংলাদেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম নাছিৰুদ্দিনে কয় যে অন্তৱৰ্তীকালীন চৰকাৰ বা ন্যায়পালিকাই নিষেধাজ্ঞা আৰোপ নকৰালৈকে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগে সাধাৰণ নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব । সোমবাৰে চট্টগ্ৰাম চাৰ্কিট হাউছত নিৰ্বাচনী বিষয়াসকলৰ সৈতে হোৱা বৈঠকত মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম নাছিৰুদ্দিনে কয় যে নিৰ্বাচন আয়োগে সম্পূৰ্ণ স্বাধীনতাৰে কাম কৰে আৰু ইয়াৰ ওপৰত কোনো হেঁচা নাই । আমি নিকা আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিছো ।

বিগত নির্বাচনত ভুৱা ভোটাৰৰ সৃষ্টি হোৱা বুলি স্বীকাৰ কৰে নির্বাচন আয়ুক্তগৰাকীয়ে ৷ ভোটাৰ পঞ্জীয়ন হ্ৰাস পোৱাৰ কাৰণ ভোট প্ৰক্ৰিয়াৰ প্ৰতি মানুহৰ অবিশ্বাস বাঢ়ি অহা বুলিও তেওঁ কয় । শীঘ্ৰে ভোটাৰ তালিকা আপডেট কৰা হ’ব বুলি ঘোষণা কৰে  তেওঁ । অহা ছমাহৰ ভিতৰত ভোটাৰ তালিকা আপডেট কৰা হ’ব বুলিও তেওঁ কয় । এইবাৰ পূৰ্বৰ আৰ্হিত নিৰ্বাচন অনুষ্ঠিত নহ’ব । ৫ আগষ্টৰ পৰা নির্বাচনী বিষয়ত ৰাষ্ট্রীয় ঐকমত্যৰ সৃষ্টি হৈছে ৷ ভোটাৰ তালিকা আপডেট কৰাৰ লগতে নিৰ্বাচনৰ প্ৰস্তুতি চলাবলৈ নিৰ্দেশ দিয়ে ।

ভোটাৰৰ বয়সৰ সীমা হ্ৰাস কৰাৰ পৰামৰ্শ দিছিল ইউনুছে-

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে শুকুৰবাৰে ভোটদানৰ নূন্যতম বয়স ১৭ বছৰলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়ায় । ইউনুছে কৈছিল যে যুৱক-যুৱতীসকলে নিজৰ ভৱিষ্যতৰ বিষয়ে নিজৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰ থাকিব লাগে । গতিকে মই ভাবো তেওঁলোকৰ বাবে ভোটদানৰ নূন্যতম বয়স ১৭ বছৰ হ’ব লাগে । ইয়াৰ বিৰোধিতা কৰিছিল বাংলাদেশ নেচনেল পাৰ্টিয়ে । বি এন পিয়ে কয় যে ইয়াৰ ফলত নিৰ্বাচন আয়োগৰ ওপৰত হেঁচা বৃদ্ধি পাব আৰু নিৰ্বাচনী প্ৰক্ৰিয়াতো পলম হ’ব পাৰে ।

২০২৬ চনৰ আৰম্ভণিতে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে-

১৬ ডিচেম্বৰত বিজয় দিৱস উপলক্ষে দিয়া ভাষণত ইউনুছে ইংগিত দিছিল যে ২০২৬ চনৰ ভিতৰতে নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে । তেওঁ কৈছিল, ২০২৫ চনৰ শেষৰ পৰা ২০২৬ চনৰ প্ৰথমাৰ্ধৰ ভিতৰত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে । ভোটাৰ তালিকা আপডেট হোৱাৰ পিছতহে নিৰ্বাচন অনুষ্ঠিত হ’ব বুলিও তেওঁ কৈছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ