পাকিস্তান সীমান্তত ভাৰতে কৰিব যুদ্ধাভ্যাস…

যুদ্ধ হ’বই ! পাকিস্তান সীমান্তত ভাৰতে কৰিব যুদ্ধাভ্যাস… ঘোষণা কৰা হ’ল NOTAM

পাকিস্তান সীমান্তত যুদ্ধাভ্যাসৰ বাবে ভাৰতে NOTAM অৰ্থাৎ Air Mission System লৈ জাননী জাৰি কৰিছে । দেশৰ ২৪৪খন জিলাত ৭ মে’ত মক ড্ৰিল অনুষ্ঠিত হ’ব । আচলতে NOTAM হৈছে এনে এখন জাননী য’ত যিকোনো বিমান পৰিবহণৰ সুবিধা, সেৱা, প্ৰক্ৰিয়া বা বিপদৰ প্ৰতিষ্ঠা, অৱস্থা বা পৰিৱৰ্তনৰ সৈতে

পাকিস্তান সীমান্তত যুদ্ধাভ্যাসৰ বাবে ভাৰতে NOTAM অৰ্থাৎ Air Mission System লৈ জাননী জাৰি কৰিছে । দেশৰ ২৪৪খন জিলাত ৭ মে’ত মক ড্ৰিল অনুষ্ঠিত হ’ব । আচলতে NOTAM হৈছে এনে এখন জাননী য’ত যিকোনো বিমান পৰিবহণৰ সুবিধা, সেৱা, প্ৰক্ৰিয়া বা বিপদৰ প্ৰতিষ্ঠা, অৱস্থা বা পৰিৱৰ্তনৰ সৈতে জড়িত তথ্য থাকে । ৭ মে’ত পাকিস্তানৰ সীমান্তৱৰ্তী বহু জিলাতো মক ড্ৰিল হোৱাৰ সম্ভাৱনা আছে, এনে পৰিস্থিতিত ভাৰতে ইতিমধ্যে NOTAM জাৰি কৰিছে । বুধবাৰে যদি এয়াৰ ড্ৰিল কৰা হয় তেন্তে পাকিস্তান সীমান্তৰ সমীপৰ বিমানবন্দৰত বিমান সেৱা বন্ধ হৈ থাকিব পাৰে ।

সমগ্ৰ দেশতে মক ড্ৰিলৰ প্ৰস্তুতি-

পহলগামত ২৬ জন নিৰীহ লোকক সন্ত্ৰাসবাদীয়ে হত্যা কৰাৰ পিছতে সমগ্ৰ দেশতে ক্ষোভৰ জুই বিয়পি পৰিছে । লগতে সমগ্ৰ বিশ্বই এই ঘটনাক তীব্ৰ গৰিহণা দিছে । এই ঘটনাৰ পিছৰ পৰাই ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে আৰু ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বহু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ পাছতে গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহক ম’ক ড্ৰিল কৰিবলৈ নিৰ্দেশ দিছে । ইয়াৰ ভিতৰত থাকিব বিমান আক্ৰমণৰ সতৰ্কবাণী চাইৰেন, নিয়ন্ত্ৰণ কক্ষ, বায়ুসেনাৰ সৈতে হটলাইন, আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দৰে গুৰুত্বপূৰ্ণ সেৱাসমূহ পৰীক্ষা কৰা ।

এই মক ড্ৰিলত ব্লেকআউট আৰু বিমান আক্ৰমণৰ ক্ষেত্ৰত জৰুৰীকালীন খালী কৰাৰো অভ্যাস কৰা হ’ব । দিল্লী, মুম্বাই, বেংগালুৰু আদি বহু সৰু-বৰ চহৰত বিদ্যুৎ কেন্দ্ৰ, কাৰখানা আৰু ৰাজহুৱা পৰিকাঠামো লুকুৱাই ৰখাৰ অনুশীলন অনুষ্ঠিত হ’ব । উল্লেখ্য য়ে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেনাক প্ৰতিশোধ ল’বলৈ স্বাধীনতা প্ৰদান কৰিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ